ETV Bharat / state

Madrassa teacher arrested: জেহাদৰ পাঠ পঢ়োৱাৰ অভিযোগত মাদ্ৰাছাৰ শিক্ষকক গ্ৰেপ্তাৰ

author img

By

Published : Nov 17, 2022, 4:30 PM IST

Madrasa teacher arrested
Madrasa teacher arrested

কাছাৰত সংঘটিত হৈছে এক আশ্চৰ্যজনক ঘটনা ৷ মাদ্ৰাছা শিক্ষকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু অভিভাৱকৰ ৷ মাদ্ৰাছাত জেহাদৰ পাঠ পঢ়োৱাৰ ভংয়কৰ অভিযোগ মাদ্ৰাছা শিক্ষকজনৰ বিৰুদ্ধে ৷ আৰক্ষীয়ে প্ৰেপ্তাৰ কৰিলে শিক্ষকজনক (Madrasa teacher arrested) ৷

নিউজ ডেস্ক, 17 নৱেম্বৰ: মাদ্ৰাছাত জেহাদী শিক্ষা দিয়াৰ অভিযোগ‌ তুলি কাছাৰ জিলাৰ সোনাই থানাত গোচৰ ৰুজু কৰিলে এগৰাকী অভিভাৱকে (Teaching Jihad in Madrassa) । মাদ্ৰাছাৰ প্ৰধান মৌলানাৰ বিৰুদ্ধে উত্থাপন হৈছে এই‌ অভিযোগ । ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ স্বাধীন বাজাৰ ইছলামিয়া ছিনিয়ৰ‌ মাদ্ৰাছাত ।‌ যোৱা ৯ মাৰ্চত চাহিন খান এজন ছাত্ৰ এই মাদ্ৰাছাত ইছলামিক শিক্ষা লোৱাৰ বাবে ভৰ্তি হৈছিল (Madrassa in Cachar)।

তেওঁৰ পিতৃ চাহাব উদ্দিন খানৰ অভিযোগ মতে, মাদ্ৰাছাত ভৰ্তি হোৱাৰ পিছৰ পৰা পুত্ৰৰ মানসিক স্থিতি সলনি হ’বলৈ ধৰে । স্বাভাৱিকভাৱে চলাচল কৰি‌ব পৰা নাছিল চাহিনে । ১৯ অক্টোবৰত মাদ্ৰাছাৰ‌ প্ৰধান মৌলানাই মাৰপিট কৰি‌ চাহিনক এটা ঘৰত বন্দী কৰি ৰাখিছিল বুলিও তেওঁ অভিযোগ কৰে । পিছদিনা চাহিনক মাদ্ৰাছাৰ পৰা লৈ আনি স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ।

মাদ্ৰাছা কৰ্তৃপক্ষই মাৰধৰৰ ঘটনা বিচাৰৰ মাধ্যমেৰে সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও কোনো ধৰণ বিচাৰ নপাই প্ৰায় ২০ দিন পিছত যোৱা‌ ১১ নৱেম্বৰ সোনাই থানাত গোচৰ ৰুজু কৰে পিতৃয়ে (FIR against Madrassa teacher)।

ছাত্ৰ চাহিন খানৰ অভিযোগ মতে, মাদ্ৰাছাৰ প্ৰধান মৌলানাই জেহাদীৰ শিক্ষা দিয়াৰ চেষ্টা‌ চলায় । জেহাদী শিক্ষা নোলোৱাৰ বাবেই প্ৰধান মৌলানাই তেওঁক মাৰধৰ কৰিছে বুলি অভিযোগ কৰে চাহিনে ।‌

মাদ্ৰাছা কৰ্তৃপক্ষই অৱশ্যে প্ৰকাশ কৰিছে বিপৰীত মন্তব্য ৷ তেওঁলোকৰ মতে নিয়মিতভাৱে মাদ্ৰাছাত নাহে চাহিন । লগতে হোষ্টেলৰ নিয়ম-নীতি প্ৰায়েই তেওঁ ভংগ কৰে । যাৰ কাৰণে প্ৰধান‌ মৌলানাই তেওঁক সকীয়নি দিয়াৰ লগতে প্ৰহাৰ কৰে । পাছত ঘটনা গাপ দিয়াৰ বাবে চাহিনৰ পিতৃয়ে ১ লাখ টকা প্ৰধান মৌলানাৰ পৰা দাবী কৰা বুলিও অভিযোগ তোলে মাদ্ৰাছা কৰ্তৃপক্ষই । টকা নিদিয়াৰ কাৰণে প্ৰায় ২০ দিন পিছত জেহাদীৰ নামেৰে মিছা অভিযোগ দি চাহিনৰ‌ পিতৃয়ে এটা গোচৰ ৰুজু কৰা বুলি মাদ্ৰাছা কৰ্তৃপক্ষই উল্লেখ কৰে ৷

লগতে পঢ়ক: Guwahati Mob Lynching: গুৱাহাটীত গণ প্ৰহাৰত মৃত্যু যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.