ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 30, 2022, 5:05 PM IST

top-10-at-5-pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Deuri Autonomous Council Election : দলবিৰোধী কাৰ্যৰ বাবে ৭ কৰ্মকৰ্তাক বহিষ্কাৰ বিজেপিৰ

প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত (Deuri Autonomous Council Election) । দলীয় টিকট নাপাই বহুজনে দলৰ বিৰুদ্ধে গৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । যাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ সাতজন কাৰ্যকর্তাক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে (BJP expelled 7 members of Deuri AC) । ২২ টা সমষ্টিৰ ১৮ টাত প্ৰাৰ্থী দিছে বিজেপিয়ে । চাৰিটা এৰি দিছে মিত্রদল অগপক ।

Arms recovered at Mazbat : মাজবাটৰ লালপানীত উদ্ধাৰ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

অসম আৰক্ষীৰ আন এক সফলতা ৷ এইবাৰ মাজবাটৰ লালপানীত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ (Arms recovered at Mazbat) ৷ উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে তিনিটা AK47, 6 টা খালী মেগজিন, 620 জাই সজিব গুলী ৷

Tribute programme at Ganeshguri: ১৪ বছৰে বঞ্চিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভুক্তভোগীৰ পৰিয়াল

আজি ৩০ অক্টোবৰ । ২০০৮ চনৰ আজিৰ দিনটো অৰ্থাৎ ৩০ অক্টোবৰৰ দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম(Serial bomb blast in Assam) । মহানগৰীৰ গনেশগুৰি উৰণীয়া সেঁতুৰ তলত ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়(Tribute programme at Ganeshguri) ।

Kabadi player Sandeep Nangal murder : ফেচবুক লাইভযোগে স্বামীৰ হত্যাকাৰীৰ তথ্য দিলে ৰূপিন্দৰ কৌৰে

আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ সন্দীপ সিং নাংগল আম্বিয়ানৰ হত্যাকাৰীক আটক কৰাত ব্যৰ্থ আৰক্ষী (Police failed to arrest Sandeep Nangal murderer)। সন্দীপ সিঙৰ পত্নীয়ে হত্যাকাৰীৰ তথ্য দিয়াৰ পাছতো আৰক্ষীয়ে আৰক্ষীয়ে আটক নকৰে অভিযুক্তক । ফেচবুক লাইভ কৰিলে প্ৰয়াত খেলুৱৈৰ পত্নীয়ে ।

Falcon Festival of Umrangsu : উমৰাংচুত এতিয়া পৰিভ্ৰমী ফেলকন পক্ষীৰ কলৰৱ

অক্টোবৰ মাহৰ শেষৰ পৰাই অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উদ্যোগ নগৰী হিচাবে পৰিচিত উমৰাংচুলৈ পৰিভ্ৰমী অমুৰ ফেলকন পক্ষীৰ আগমন আৰম্ভ হৈছে (Umrangsu of Dima Hasao) । বৰ্তমান উমৰাংচুৰ চাৰিওফালে পৰিভ্ৰমী অমুৰ ফেলকন (Amur Falcon birds) পক্ষীৰ কলৰৱ ।

New flight in Lakhimpur: লখিমপুৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ তিনিখনকৈ নতুন বিমান সেৱা আৰম্ভ

লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰ(Lilabari Airport in Lakhimpur)ত তিনিখনকৈ নতুন বিমানৰ সংযোজন । দিল্লীৰ পৰা কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰ্চুৱেলী মুকলি কৰে নতুনকৈ তিনিখনকৈ বিমান সেৱা ।

Puneeth Rajkumar, পাৱাৰ ষ্টাৰ পুনীত ৰাজকুমাৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী

29 অক্টোবৰত কানাড়া চিনেমাৰ পাৱাৰ ষ্টাৰ আপ্পু নামেৰে জনপ্ৰিয় অভিনেতা পুনীত ৰাজকুমাৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী । জানক অভিনেতাজনৰ বিশেষ কিছু কথা-

New flight service in Assam: অসমসহ উত্তৰ-পূৰ্বাঞ্চলত এলায়েন্স এয়াৰ বিমানসেৱা আৰম্ভ

লীলাবাৰী, শ্বিলং, ইম্ফল, আইজল আৰু জিৰ’ৰ মাজত আজিৰে পৰা আৰম্ভ হ'ল এলায়েন্স এয়াৰ বিমানসেৱা(Alliance Air service open between North-East) । জনতা ভৱনত ভাৰ্চুৱেলি ফ্লেগ অফ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ দিশত বিশেষ যত্ন লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্রীৰ ।

Cursed Halloween for South Korea : হেলোইন উদযাপনৰ মাজতে ছিউলত ১৫১ গৰাকী লোকৰ মৃত্যু

হেলোইন উদযাপনৰ মাজতে দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত মৰ্মান্তিক ঘটনা (Accident during Halloween celebration)। দুৰ্ঘটনাত মৃত্যু প্ৰায় ১৫১ গৰাকী লোকৰ । প্ৰায় ৮২ গৰাকী লোক গুৰুতৰভাৱে আহত । মৃতকৰ ভিতৰত ১৯ গৰাকী বিদেশী নাগৰিক । সমগ্ৰ বিশ্বৰ শোক প্ৰকাশ ।

Bharat Jodo Yatra in Assam : ৮৩৪ কিলোমিটাৰ বাট সামৰি অসমত ১ নৱেম্বৰৰ পৰা ভাৰত জোড়ো যাত্রা

অসমত ১ নৱেম্বৰত আনুষ্ঠানিক শুভাৰম্ভ হ’ব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra in Assam)। প্ৰায় ৭০ দিনত এই যাত্ৰাই ধুবুৰীৰ পৰা শদিয়ালৈকে মুঠ ৮৩৪ কিলোমিটাৰ বাট সম্পূৰ্ণ কৰিব । 'ভাৰত জোড়ো যাত্ৰা'ই বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, গুৱাহাটী মহানগৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মাজেৰে আগবাঢ়ি শদিয়াত সমাপ্তি ঘটাব । কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ বিপৰীতে ৪ নবেম্বৰৰ পৰা বিজেপিৰ 'ৰথ যাত্ৰা' ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.