Deuri Autonomous Council Election : দলবিৰোধী কাৰ্যৰ বাবে ৭ কৰ্মকৰ্তাক বহিষ্কাৰ বিজেপিৰ

author img

By

Published : Oct 30, 2022, 2:16 PM IST

BJP

প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত (Deuri Autonomous Council Election) । দলীয় টিকট নাপাই বহুজনে দলৰ বিৰুদ্ধে গৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । যাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ সাতজন কাৰ্যকর্তাক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে (BJP expelled 7 members of Deuri AC) । ২২ টা সমষ্টিৰ ১৮ টাত প্ৰাৰ্থী দিছে বিজেপিয়ে । চাৰিটা এৰি দিছে মিত্রদল অগপক ।

গুৱাহাটী, ৩০ অক্টোবৰ : সাধাৰণ পৰিষদীয় নিৰ্বাচনতে বিজেপি দলত দেখা দিছে অসন্তুষ্টি-ক্ষোভ । প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত (Deuri Autonomous Council Election) । দলীয় টিকট নাপাই বহুজনে দলৰ বিৰুদ্ধে গৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । যাৰ বাবে দলে গ্ৰহণ কৰিবলগীয়া হৈছে কঠোৰ স্থিতি । দলবিৰোধী স্থিতি গ্ৰহণ কৰাৰ বাবে দলৰ সাতজনকৈ সদস্যক দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছে (BJP expelled 7 members of Deuri AC) ।

বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মাই জনোৱা মতে, দেউৰী স্বায়ত্তশাসিত পৰিষদ নির্বাচনত দলীয় সিদ্ধান্তৰ বিৰোধিতা কৰি দলৰ মনোনীত প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্দলীয় তথা অন্য দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দলবিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অপৰাধত দলীয় সংবিধানৰ ধাৰা ২৫ৰ উপ-ধাৰা ৯ অনুসৰি ৭ জন কাৰ্যকৰ্তাক দলৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হৈছে ।

Deuri Autonomous Council Election : দলবিৰোধী কাৰ্যৰ বাবে ৭ কৰ্মকৰ্তাক বহিষ্কাৰ বিজেপিৰ
Deuri Autonomous Council Election : দলবিৰোধী কাৰ্যৰ বাবে ৭ কৰ্মকৰ্তাক বহিষ্কাৰ বিজেপিৰ

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (BJP State President Bhabesh Kalita) তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ কাৰ্যকর্তাসকলক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে । বহিষ্কাৰ কৰা কাৰ্যকৰ্তাসকল হৈছে ক্ৰমে শিৱসাগৰৰ ৬ নং কটিওৰি পৰিষদীয় সমষ্টিৰ হৰি গোবিন্দ দেউৰী, শিৱসাগৰৰ ৭ নং ৰাজাবাৰী পৰিষদীয় সমষ্টিৰ বৈকুণ্ঠ দেউৰী, ধেমাজিৰ ১০ নং চিচিবৰগাঁও পৰিষদীয় সমষ্টিৰ মনুমতি দেউৰী, ধেমাজিৰ ১৪ নং গোগামুখ পৰিষদীয় সমষ্টিৰ ধর্মেন্দ্ৰ দেউৰী, ধেমাজিৰ ১৪ নং গোগামুখ পৰিষদীয় সমষ্টিৰ মধুবালা দেউৰী, লখিমপুৰৰ ১৮ নং পিচলা পৰিষদীয় সমষ্টিৰ পুষ্পাঞ্জলি দেউৰী আৰু বিশ্বনাথৰ ২২ নং গহপুৰ পৰিষদীয় সমষ্টিৰ হেমন্ত দেউৰী ।

উল্লেখ্য যে, অহা ৮ নৱেম্বৰত অনুষ্ঠিত হ’ব দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন । ইতিমধ্যে মনোনয়ন-পত্র দাখিলৰ পৰ্ব সমাপ্ত হৈছে । ৮ নৱেম্বৰত ভোটগ্রহণৰ পিছত ভোটগণনা কৰা হ'ব ১০ নৱেম্বৰত । উল্লেখ্য যে পূৰ্বৰ ২০ টা সমষ্টিৰ পৰিৱৰ্তে দেউৰী স্বায়ত্ত পৰিষদৰ সমষ্টিৰ সংখ্যা ইতিমধ্যে ২২ টালৈ বৃদ্ধি কৰা হৈছে । ইয়াৰে তিনিটা সমষ্টি ক্রমে পিচলা, বাঁহগড়া আৰু শ্ৰীপানী সংৰক্ষিত আছে মহিলা জনজাতি প্ৰাৰ্থীৰ বাবে । অজনজাতি তথা সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে থকাএকমাত্র সমষ্টিটো হ’ল ডিব্ৰুগড় ।

অন্যান্য সমষ্টিকেইটা হৈছে- শদিয়া, কুণ্ডিল, মাৰ্ঘেৰিটা, টেঙাপানী, কটিয়ৰী, ৰাজাবাৰী, যোৰহাট, মাজুলী, চিচিবৰগাঁও, জোনাই, বৰদলনি, গোগামুখ, বৰদেউৰী, কাচিকটা, কিনাপথাৰ, বঙালমৰা, গাভৰু টুনীজান আৰু গহপুৰ । উল্লেখ্য যে যোৰহাট জিলা, মাজুলী জিলা, ডিব্ৰুগড় জিলা, নগাঁও জিলা, তিনিচুকীয়া জিলা, ধেমাজি জিলা, শোণিতপুৰ জিলা আৰু লখিমপুৰ জিলাৰ কিছু কিছু অংশৰে দেউৰী স্বায়ত্তশাসিত পৰিষদ গঠিত ।

২০১৬ চনৰ নিৰ্বাচনত বিজেপি মিত্রদলে বিজয় সাব্যস্ত কৰি দেউৰী স্বায়ত্তশাসিত পৰিষদ গঠন কৰিছিল । পুনৰ পৰিষদ দখল কৰাৰ বাবে বিজেপিয়ে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে । দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ২২ টা সমষ্টিৰ ভিতৰত ১৮ ট‍া সমষ্টিত বিজেপিয়ে নিজা প্ৰাৰ্থী দিছে । আনহাতে, মিত্রদল অগপক বিজেপিয়ে এৰি দিছে মাত্র চাৰিটা সমষ্টি । সেইকেইটা সমষ্টি হৈছে টেঙাপানী, যোৰহাট, বৰদলনি আৰু বাঁহগড়া সমষ্টি ।

লগতে পঢ়ক :2008 Assam serial blasts : অসমবাসীয়ে পাহৰিব নোৱাৰা অভিশপ্ত 30 অক্টোবৰৰ ১৪ বছৰ অতিক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.