ETV Bharat / state

New flight service in Assam: অসমসহ উত্তৰ-পূৰ্বাঞ্চলত এলায়েন্স এয়াৰ বিমানসেৱা আৰম্ভ

author img

By

Published : Oct 30, 2022, 3:23 PM IST

লীলাবাৰী, শ্বিলং, ইম্ফল, আইজল আৰু জিৰ’ৰ মাজত আজিৰে পৰা আৰম্ভ হ'ল এলায়েন্স এয়াৰ বিমানসেৱা(Alliance Air service open between North-East) । জনতা ভৱনত ভাৰ্চুৱেলি ফ্লেগ অফ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ দিশত বিশেষ যত্ন লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্রীৰ ।

alliance air new airline inaugurated
অসমসহ উত্তৰ-পূৰ্বাঞ্চলত এলায়েন্স এয়াৰ বিমানসেৱা আৰম্ভ

গুৱাহাটী,৩০ অক্টোবৰ: আজিৰে পৰা আৰম্ভ হ'ল লীলাবাৰী, শ্বিলং, ইম্ফল, আইজল আৰু জিৰ’ৰ মাজত এলায়েন্স এয়াৰ বিমানসেৱা(Alliance Air service open between North-East) । এলায়েন্স এয়াৰ বিমান সেৱা মুকলি অনুষ্ঠানত দেওবাৰে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্রীক সংগ দিয়ে মন্ত্রী পৰিমল শুক্লবৈদ্যই ।

জনতা ভৱনত ভাৰ্চুৱেলি এই সেৱাৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma inaugurates new airline) । মুখ্যমন্ত্রীয়ে কয় যে এই সেৱাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ বাকী অংশৰ মাজত যাতায়াতৰ সুচল সুবিধা প্ৰদান কৰিব । এই সেৱাই অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা, পৰ্যটন আৰু বাণিজ্যিক প্ৰসাৰৰ সম্ভাৱনাও বৃদ্ধি কৰিব । উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ দিশত বিশেষ গুৰুত্ব দিয়াৰ বাবে মুখ্যমন্ত্রীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে ।

alliance air new airline inaugurated
জনতা ভৱনত ভাৰ্চুৱেলি ফ্লেগ অফ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

উত্তৰ-পূৰ্বাঞ্চলত এই সেৱা আৰম্ভ কৰাত আগভাগ লোৱা কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু এলায়েন্স এয়াৰক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে । এই সেৱা মুকলি কৰা কাৰ্যসূচীত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকে(Union Minister Jyotiraditya Scindia) ধৰি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজু(Union Minister Kiren Rijiju), কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ ৰাজ্যিক মন্ত্ৰী ভি কে সিং, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, এলায়েন্স এয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়া বিনীত সুদ ভাৰ্চুৱেলি উপস্থিত থাকে ।

উল্লেখ্য যে, দেওবাৰৰ পৰা লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰেও(Lilabari Airport in Lakhimpur) পালে এক সুকীয়া চিনাকি । লীলাবাৰী বিমান বন্দৰৰ পৰা নতুনকৈ তিনিখন বিমান সেৱা আৰম্ভ হ’ল দেশৰ বিভিন্ন প্ৰান্তলৈ । কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই ভাৰ্চুৱেলী মুকলি কৰে এই সেৱা । দিল্লীৰ পৰা ভাৰ্চুৱেলী এই সেৱা উদ্বোধন কৰে কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী সিন্ধিয়াই ।

লগতে পঢ়ক: River erosion in Bhalukpong: ভালুকপুঙত নৈৰ বুকুত জাহ গ'ল বনভোজস্থলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.