ETV Bharat / state

River erosion in Bhalukpong: ভালুকপুঙত নৈৰ বুকুত জাহ গ'ল বনভোজস্থলী

author img

By

Published : Oct 30, 2022, 2:00 PM IST

শোণিতপুৰ জিলাত জীয়া ভৰালী নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত আছে (Erosion in Sonitpur)। ১১ মাইলৰ বনভোজস্থলীও নৈৰ বুকুত জাহ গৈছে । শংকিত অঞ্চলটোৰ ৰাইজ ।

River erosion
ভালুকপুঙত ভয়ংকৰ খহনীয়া

ৰঙাপৰা, 30 অক্টোবৰ : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কামেং জিলাৰ পৰা বৈ অহা খৰস্ৰোতা জীয়া ভৰলী নৈখনে ঠায়ে ঠায়ে সৃষ্টি কৰিছে তীব্ৰ গৰাখহনীয়াৰ (Jia Bharali river erosion)। খহনীয়াত ইতিমধ্যে জাহ গৈছে অঞ্চলটোৰ এক বৃহৎ পৰিমাণৰ ভূমি । জীয়া ভৰলী নৈখনৰ বুকুত ভালুকপুঙৰ ১২ মাইলত থকা অসম ৰাইফলছৰ অস্থায়ী কেম্পৰ বহু ভূমিও ইতিমধ্যে বিলীন হৈছে ।

নৈৰ পাৰত থকা পৰিত্যক্ত বহু পকী ঘৰ এতিয়া নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে (Massive erosion in Bhalukpong)। ইফালে প্ৰতিবছৰে ১১ মাইলত থকা জীয়া ভৰলী নৈৰ পাৰত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা বনভোজকাৰী দলসমূহৰ আগমন হয় । কিন্তু অতি পৰিতাপৰ বিষয় যে নৈখনৰ খহনীয়াত বনভোজস্থলীৰো বহু ভূমি জাহ গৈছে (Picnic spots damaged due to erosion in Bhalukpong)।

ৰাজ্য চৰকাৰে নৈখনৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ ফলত বছৰ পিছত বছৰ ধৰি অঞ্চলটোত খহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে । অৱশ্যে বনভোজকাৰী দলসমূহ যাতে বনভোজৰ পৰা বঞ্চিত নহয় তাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে বুলি সদৰী কৰিছে স্থানীয় লোকসকলে ।

উল্লেখ্য যে জিলাখনৰ ভিতৰত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ জীয়া ভৰলীৰ নদীৰ পাৰত বনভোজ খোৱাৰ আনন্দই সুকীয়া । যাৰ বাবে হাজাৰ হাজাৰ লোকে প্ৰতিবছৰে অঞ্চলটোলৈ বনভোজৰ বাবে আহে । কিন্তু নৈৰ খহনীয়াৰ বাবে যথেষ্ট পৰিমাণে শংকিত হৈ পৰিছে লোকসকল ।

ভালুকপুঙত ভয়ংকৰ খহনীয়া

উল্লেখ্য যে ৰাজ্যত চলিত বছৰটোত কেইবাটাও বানে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । বানৰ লগতে খহনীয়াই বহু অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে । বহু ঘৰ, বিদ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠান নৈৰ বুকুত জাহ গৈছে ।

অসমৰ লাখ লাখ লোক গৰাখহনীয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে (Erosion effects Assam)। আনকি একাংশ লোকে সৰ্বস্ব হেৰুৱাই দিশহাৰা হৈ পৰিছে । শোণিতপুৰ জিলাৰো বিভিন্ন স্থানত নৈ-উপনৈসমূহে খহনীয়াৰ জৰিয়তে ভয়ংকৰ পৰিৱেশ সূচনা কৰিছে । কিন্তু সকলো দেখিও কুম্ভকৰ্ণৰ নিদ্ৰাত চৰকাৰ তথা প্ৰশাসন । খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে চৰকাৰ ।

লগতে পঢ়ক :2008 Assam serial blasts : অসমবাসীয়ে পাহৰিব নোৱাৰা অভিশপ্ত 30 অক্টোবৰৰ ১৪ বছৰ অতিক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.