ETV Bharat / bharat

Kabadi player Sandeep Nangal murder : ফেচবুক লাইভযোগে স্বামীৰ হত্যাকাৰীৰ তথ্য দিলে ৰূপিন্দৰ কৌৰে

author img

By

Published : Oct 30, 2022, 2:14 PM IST

আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ সন্দীপ সিং নাংগল আম্বিয়ানৰ হত্যাকাৰীক আটক কৰাত ব্যৰ্থ আৰক্ষী (Police failed to arrest Sandeep Nangal murderer)। সন্দীপ সিঙৰ পত্নীয়ে হত্যাকাৰীৰ তথ্য দিয়াৰ পাছতো আৰক্ষীয়ে আৰক্ষীয়ে আটক নকৰে অভিযুক্তক । ফেচবুক লাইভ কৰিলে প্ৰয়াত খেলুৱৈৰ পত্নীয়ে ।

Kabadi player Sandeep Nangal murder
স্বামীৰ হত্যাকাৰীৰ তথ্য দিলে ৰূপিন্দৰ কৌৰে

নেশ্যনেল ডেস্ক,৩০ অক্টোবৰ : পাঞ্জাৱৰ শ্বাহকোটৰ নাংগল আম্বিয়ানৰ বাসিন্দা কাবাডী খেলুৱৈ সন্দীপ নাংগল আম্বিয়ানৰ হত্যাকাণ্ডৰ নতুন মোৰ (Kabadi player Sandeep Nangal murder)। হত্যাকাৰীৰ তথ্য প্ৰদান কৰি কাবাডী খেলুৱৈগৰাকীৰ পত্নীয়ে কৰিলে ফেচবুক লাইভ (Sandeep Nangal wife facebook live)। ফেচবুক লাইভযোগে জলন্ধৰ আৰক্ষীৰ ওচৰত সহায়ৰ বাবে আবেদন জনালে সন্দীপ নাংগল আম্বিয়ানৰ পত্নী ৰূপিন্দৰ কৌৰ সান্ধুৱে ।

ৰূপিন্দৰে ফেচবুক লাইভটোত কৈছে যে তেওঁৰ স্বামী সন্দীপ নাংগল অম্বিয়ানৰ হত্যাৰ গোচৰৰ অভিযুক্ত সুৰজন সিং চাথা নাকোদাৰৰ কৰতাৰ পেলেচত আছে (Kabadi player Sandeep Nangal murder case accused)। তেওঁৰ স্বামী সন্দীপ নাংগল অম্বিয়ানৰ হত্যাৰ গোচৰত সুৰজন সিঙৰ নাম আছে যদিও তেওঁক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

ৰূপিন্দৰ কৌৰে কয় যে তেওঁ এই বিষয়ে তথ্য পোৱাৰ লগে লগে জলন্ধৰৰ এছএছপিক ফোন কৰিছে আৰু এটা ভইচ মেচেজও প্ৰেৰণ কৰিছে । তেওঁ আৰক্ষীক কৈছে যে হত্যাৰ অভিযুক্ত সুৰজন সিং আৰক্ষী থানাৰ কিছু দূৰতে আছে আৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰে । কিন্তু, আৰক্ষী বিষয়াগৰাকীয়ে তেওঁৰ ফোনৰ উত্তৰ দি কৈছিল যে প্ৰথমে তেওঁ সুৰজন সিঙৰ বিৰুদ্ধে যিকোনো প্ৰমাণ দিব লাগিব ।

আৰক্ষীৰ উত্তৰৰ পাছত উদ্বেগ প্ৰকাশ কৰি ৰূপিন্দৰ কৌৰে ফেচবুক লাইভত কয় যে, প্ৰমাণ সংগ্ৰহ কৰাটো আৰক্ষীৰ কাম আৰু যদি আৰক্ষীৰ ওচৰত সুৰজন সিঙৰ বিৰুদ্ধে কোনো প্ৰমাণ নাছিল, তেন্তে সন্দীপ নাংগল অম্বিয়ানৰ হত্যাৰ গোচৰত আৰক্ষীয়ে তেওঁৰ নাম কিয় আনিছিল (Sandeep Nangal wife allegation against police)। তেওঁ লগতে কয় যে আমেৰিকা বা কানাডাত বহি থকা সন্দীপ নাংগল আম্বিয়াৰ হত্যাকাৰীক ধৰাটো পাঞ্জাৱ আৰক্ষীৰ বাবে অতি কঠিন কাম, কিন্তু এই সময়ত এজন মুখ্য অভিযুক্ত নাকোদাৰ আৰক্ষী থানাৰ পৰা মাত্ৰ তিনি মিনিট দূৰৈত কৰতাৰ পেলেচত আছে । সেয়ে তেওঁক আটক কৰিবলৈ ৰূপিন্দৰ কৌৰে অনুৰোধ জনাইছে ।

উল্লেখ্য যে শ্বাহকোটৰ ৪০ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কাবাডী খেলুৱৈ সন্দীপ সিং নাংগল আম্বিয়ানক ২০২২ চনৰ মাৰ্চ মাহত নাকোদাৰৰ মলিয়ান খুৰ্দ গাঁৱত চাৰিজনীয়া দুৰ্বৃত্তৰ দলে গুলীয়াই হত্যা কৰিছিল । গাওঁখনত এখন কাবাডী টুৰ্ণামেণ্টৰ সময়ত সন্দীপক আক্ৰমণ কৰা হৈছিল ।

লগতে পঢ়ক :Child death after sexual abuse: যৌন উৎপীড়নৰ পিছত 2 বছৰীয়া শিশুৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.