ETV Bharat / state

Tribute programme at Ganeshguri: ১৪ বছৰে বঞ্চিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভুক্তভোগীৰ পৰিয়াল

author img

By

Published : Oct 30, 2022, 2:27 PM IST

আজি ৩০ অক্টোবৰ । ২০০৮ চনৰ আজিৰ দিনটো অৰ্থাৎ ৩০ অক্টোবৰৰ দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম(Serial bomb blast in Assam) । মহানগৰীৰ গনেশগুৰি উৰণীয়া সেঁতুৰ তলত ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়(Tribute programme at Ganeshguri) ।

tributes to those killed in serial bomb blasts
১৪ বছৰে বঞ্চিত ধাৰাবাহিক বোমা বিস্ফোৰণত ভুক্তভোগীৰ পৰিয়াল

গুৱাহাটী,৩০ অক্টোবৰ: আজি ৩০ অক্টোবৰ । অসমৰ ইতিহাসৰ বাবে এটা ক'লা দিন (30 oct black day for Assam) । আজি ধাৰাবাহিক বোমা বিষ্ফোৰণে ১৪ বছৰ অতিক্ৰম কৰিলে (Serial bomb blast in Assam) । ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগতো বিভিন্ন স্থানত বোমা বিষ্ফোৰণত নিহত হোৱা সকলক স্মৰণ কৰে । মহানগৰীৰ গনেশগুৰি উৰণীয়া সেতুৰ তলত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰ্বধৰ্ম প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকললৈ (Tribute programme at Ganeshguri) ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক অতুল বৰা, জি এম চি ৰ মেয়ৰ মৃগেণ শৰণীয়া, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনায় । অনুষ্ঠানত উপস্থিত থাকি বিধায়ক অতুল বৰা কয় যে, ভুক্তভোগী সকলক সংস্থাপন দিব লাগে । শাৰীৰিক ভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত আসনৰ ভিত্তিত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷

১৪ বছৰে বঞ্চিত ধাৰাবাহিক বোমা বিস্ফোৰণত ভুক্তভোগীৰ পৰিয়াল

অন্য সমস্যাৰ লগতে এইটোও ১বা ২নম্বৰত থকা সমস্যা । ইতিমধ্য়ে বহুত বিলম্ব হ'ল । কেবিনেটত বিষয়টো আলোচনা হ'ব লাগে বুলি মন্তব্য কৰি তেওঁ কয় যে কুটাঘাটকাৰীয়ে যিমান শাস্তি পাব লাগিছিল সিমান পোৱা নাই ।

আনহাতে ভুক্তভোগী সকলে দোষীক ফাঁচী দিবলৈ দাবী জনায় কয় যে প্ৰতিবছৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহো চৰকাৰে কিবা সুবিধা কৰি দিব বুলি কিন্তু চৰকাৰে আজিলৈকে কোনো সুবিধা কৰি দিয়া নাই । প্ৰথমে একাংশ ভুক্তভোগীয়ে সাহায্য পাইছে যদিও আন একাংশই বৰ্তমানলৈ কোনো আৰ্থিক সাহায্য পোৱা নাই ।

উল্লেখ্য যে, ২০০৮ চনৰ আজিৰ দিনটো অৰ্থাৎ ৩০ অক্টোবৰৰ দিনটোত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ভয়াৱহ বোমা বিস্ফোৰণৰ ঘটনা । সেই দিনটোতে ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ অসম । এই দিনটোতে একালৰ বড়াে উগ্রপন্থী সংগঠন এন ডি এফ বিয়ে গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা আৰু বঙাইগাঁও জিলাৰ মুঠ ৯ টা স্থানত ধাৰাবাহিক বােমা বিস্ফোৰণ ঘটাইছিল (30 oct blasts)।

সেই দিনটো আছিল অসমৰ ইতিহাসৰ এটি ক'লা অধ্যায় । গুৱাহাটীৰ লগতে পশ্চিম অসমৰ কেইবাটাও স্থানত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ । সেই বিস্ফোৰণে কঁপাই তুলিছিল গুৱাহাটী মহানগৰীৰ গনেশগুৰিকে ধৰি পাণবজাৰ, ফাঁচী বজাৰৰ লগতে বৰপেটা ৰোড, কোকৰাঝাৰ আৰু বঙাইগাঁও (Serial blasts in Guwahati)। এই বিস্ফোৰণত মুঠ ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হৈছিল ৪৭০ জন লোক ।

লগতে পঢ়ক: Assam Arunachal Border: অসম অৰুণাচলৰ সীমা সমস্যাক লৈ পীযুষ হাজৰিকা পেমা খাণ্ডুৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.