1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 1, 2022, 12:56 PM IST

TOP 10 AT 1PM

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Commercial LPG cylinder price cut: আজিৰ পৰা হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

পহিলা আগষ্টৰ পৰা হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৷ 36 টকাকৈ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য (Commercial LPG cylinder price cut from August 1) ৷

New education policy: অসমত অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু শিক্ষাৰ্থী হ্ৰাস পাইছে: কেশৱ মহন্ত

"ভৱিষ্যতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বুনিয়াদটো প্ৰাথমিক পৰ্যায়ৰ পৰাই আৰম্ভনি হ'ব পাৰে ৷ সেইবাবে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷" দেশজুৰি জাৰি কৰা নতুন শিক্ষানীতিৰ সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ (Keshab Mahanta on new education policy)৷

Salman Khan gets arms license: ভাবুকি পত্ৰ লাভ কৰাৰ পিছত ছলমান খানে পালে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ

বিগত মাহত ছলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানে মে’ মাহত গুলীয়াই হত্যা কৰা পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ দৰেই মৃত্যুৰ সন্মুখীন হ’ব বুলি ভাবুকিৰে এখন পত্ৰ লাভ কৰিছিল । তাৰ পিছতেই বন্দুকৰ অনুজ্ঞা পত্ৰ বিচাৰি আবেদন জনাইছিল ভাইজানে (Salman Khan latest news) ৷

6 yr old girl complains to PM Modi: আপুনি মোৰ পেঞ্চিল, ৰবৰ আৰু মেগীৰ দাম বৃদ্ধি কৰিছে

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ মন কি বাত লিখিলে ছয় বছৰীয়া কৃতিয়ে(Kriti Dubey write a letter to PM Modi) ৷ ৰবৰ, পেঞ্চিল আৰু মেগীৰ মূল্য কিয় বৃদ্ধি কৰিছে বুলি প্ৰশ্ন সোধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (PM Narendra Modi)৷

CWG 2022 : ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক আজুৰিলে ভাৰোত্তোলক অচিন্ত শ্বেউলীয়ে

বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত ভাৰতৰ আন এত সাফল্য ৷ ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক আজুৰিলে ভাৰোত্তোলক অচিন্ত শ্বেউলীয়ে (Weightlifter Achinta Sheuli bags third gold at CWG)৷

Sanjay Raut Arrested by ED: শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ ইডিৰ

ভূমি কেলেংকাৰী গোচৰত জড়িত থকাৰ অভিযোগত অৱশেষত নিশালৈ ইডিয়ে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ কৰে (ED arrests Shiv Sena leader Sanjay Raut in Patra Chawl case) ৷ মুম্বাইৰ এটা বস্তিৰ পুনৰ উন্নয়ন আৰু লেনদেনৰ অনিয়মৰ অভিযোগত শিৱসেনাৰ নেতাগৰাকীৰ ঘৰত দেওবাৰে ইডিৰ এটা দলে অভিযান চলাই প্ৰথমে আটক কৰিছিল ৰাউটক ৷

Janardan dev Goswami controversial remarks: মাদ্ৰাছাই কোনো জেহাদী শিক্ষা নিদিয়ে: ৰাষ্ট্ৰীয় উলামা কাউঞ্চিল

সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে জেহাদী সন্দৰ্ভত কৰা এটা বিৰ্তকিত মন্তব্যৰ পিছতে সংবাদমেল যোগে ইয়াৰ প্ৰত্যুত্তৰ দিলে ৰাষ্ট্ৰীয় উলামা কাউঞ্চিল অসমৰ সভাপতি মৌলানা উবাইদুৰ ৰহমান কাছিমীয়ে (NUC reaction to Janardan Dev Goswami controversial remarks) ৷ "মাদ্ৰাছাই কোনো জেহাদী শিক্ষা নিদিয়ে, ইয়াত কোনো শিক্ষক যদি জড়িত হৈ আছে তাত মাদ্ৰাছাৰ দোষ নাই । প্ৰকৃত মুছলমানে কেতিয়াও জেহাদীৰ শিক্ষা নিদিয়ে" ৷ এই মন্তব্য ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ সভাপতিগৰাকীৰ ৷

Flood in Manikpur: পুনৰ জলমগ্ন হৈ পৰিছে মানিকপুৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চল

পুনৰ জলমগ্ন হৈ পৰিছে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চল (Flood again Manikpur) ৷ ফেনে-ফোটোকাৰে বাঢ়ি অহা আই নৈৰ পানীয়ে বুৰাই পেলালে মাণিকপুৰ ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক গাঁও (Flood at Manikpur) ৷

Kalgachia student protest: পথ নিৰ্মাণৰ দাবীত কলগাছিয়াৰ শিক্ষাৰ্থীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ

জনিয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া প্ৰফেছৰ কলনীৰ এটা পথে এতিয়া বাৰুকৈয়ে জলাকলা খুৱাইছে গঞা ৰাইজৰ লগতে শিক্ষাৰ্থীসকলক (Poor Road condition at Kalgachia) ৷ বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অতিস্থ হৈ পথটো নিৰ্মাণৰ দাবীত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে সাব্যস্ত কৰিলে তীব্র প্ৰতিবাদ (Students Protest at Kalgachia) ৷

Several pilgrims died in cooch behar: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু কেইবাগৰাকীও তীৰ্থযাত্ৰী

কুচ বিহাৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু কেইবাগৰাকী তীৰ্থযাত্ৰীৰ (Several pilgrims died in cooch behar) ৷ জলপেশলৈ যাত্ৰা কৰা এখন পিকআপ ভানত বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.