New education policy: অসমত অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু শিক্ষাৰ্থী হ্ৰাস পাইছে: কেশৱ মহন্ত

author img

By

Published : Aug 1, 2022, 12:28 PM IST

Keshab Mahanta at Kaliabor

"ভৱিষ্যতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বুনিয়াদটো প্ৰাথমিক পৰ্যায়ৰ পৰাই আৰম্ভনি হ'ব পাৰে ৷ সেইবাবে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷" দেশজুৰি জাৰি কৰা নতুন শিক্ষানীতিৰ সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ (Keshab Mahanta on new education policy)৷

কলিয়াবৰ, 1 আগষ্ট: "নতুন শিক্ষানীতি অনুসাৰে ভাৰতবৰ্ষৰ লগতে ৰাজ্যতো কিছু সাল-সলনি কৰিছে ৷ হাইস্কুল পৰ্যায়ত ভুগোল আৰু বুৰঞ্জী বিষয়টো বাধ্যতামূলক বিষয় হিচাপে সন্নিৱিষ্ট কৰিব ৷ ভৱিষ্যতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান শাখাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বুনিয়াদটো প্ৰাথমিক পৰ্যায়ৰ পৰাই আৰম্ভনি হ'ব পাৰে ৷ সেইবাবে তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷" দেশজুৰি জাৰি কৰা নতুন শিক্ষানীতিৰ সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ (Keshab Mahanta on new education policy)৷

সদৌ অসম লেখিকা সমাৰোহ সমিতি আৰু কলিয়াবৰ লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সহযোগত অনুষ্ঠিত হোৱা সন্মিলনত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই মুখ্য অতিথি ৰূপে উপস্থিত থাকে (Keshab Mahanta at Kaliabor)৷ অসমত জনসংখ্যা অনুসৰি অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে ৷ ইংৰাজী ভাষা সুন্দৰকৈ জানিব লাগিব যদিও অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰাটোও আমাৰ দায়িত্ব বুলি বক্তব্য ৰাখে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷

অসমত অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু শিক্ষাৰ্থী হ্ৰাস পাইছে

লগতে মন্ত্ৰীগৰাকীয়ে জাপানীজ এনকেফেলাইটিছৰ (Keshab Mahanta on Japanese Encephelaitis) সন্দৰ্ভত কয়, "জাপানীজ এনকেফেলাইটিছটো আমি প্ৰত্যেকখন জিলাত খুউব সতৰ্কতাৰে অধ্যয়ণ কৰি আছো ৷ প্ৰত্যেকখন জিলাত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে (Japanese Encephelaitis In Assam)৷ কিছুদিন পূৰ্বতকৈ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ হাৰ যথেষ্ট নিয়ন্ত্ৰিত হৈছে ৷ প্ৰথমিক পৰ্যায়তে জাপানীজ এনকেফেলাইটিছৰ চিকিৎসা কৰিব পৰাকৈ আমি সজাগতা কৰিছো ৷ আৰু আশা কৰিছো যে ই সোনকালে নিয়ন্ত্ৰিত হ'ব ৷"

লগতে পঢ়ক: Himanta Biswa Sarma on Mann ki baat: ত্ৰিৰংগা কেৱল বিজেপিৰ নহয়, ১৩০ কোটি ভাৰতীয়ৰ পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.