6 yr old girl complains to PM Modi: আপুনি মোৰ পেঞ্চিল, ৰবৰ আৰু মেগীৰ দাম বৃদ্ধি কৰিছে

author img

By

Published : Aug 1, 2022, 10:43 AM IST

Kriti Dubey write a letter to PM Modi

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ মন কি বাত লিখিলে ছয় বছৰীয়া কৃতিয়ে(Kriti Dubey write a letter to PM Modi) ৷ ৰবৰ, পেঞ্চিল আৰু মেগীৰ মূল্য কিয় বৃদ্ধি কৰিছে বুলি প্ৰশ্ন সোধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (PM Narendra Modi)৷

নেশ্যনেল ডেস্ক, 1 আগষ্ট: দেশজুৰি পেট্ৰল-ডিজেল তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে দেশবাসীক ৷ যোৱা ১৮ জুলাইৰ পৰা বৃদ্ধি পাইছে ২১ বিধ খাদ্য সামগ্ৰীকে ধৰি আন বহুতো সামগ্ৰীৰ দাম (GST imposed on twenty one food items) ৷ নিত্য-ব্যৱহাৰ্য সামগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, ৱাটাৰ মিল্ক, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে ৫ শতাংশ জি এছ টি ভৰিব লাগিব জনতাই ৷ মূল্যবৃদ্ধিক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া দেখিবলৈ পোৱাৰ লগতে এগৰাকী 6 বছৰীয়া কণমানিৰ এখন চিঠিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে (A six year old girl write a letter to PM Modi)৷

প্ৰথম শ্ৰেণীত অধ্যয়ন কৰি থকা এগৰাকী ছয় বছৰীয়া কণমানি কৃতি ডুবেই ৰবৰ, পেঞ্চিল আৰু মেগীৰ মূল্য কিয় বৃদ্ধি কৰিছে বুলি প্ৰশ্ন সোধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক (PM Narendra Modi)৷ কণমানিজনীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ মূল্যবৃদ্ধিৰ বাবে সন্মুখীন হোৱা কষ্ট সম্পৰ্কে এখন পত্ৰ লিখিছে (Kriti Dubey write a letter to PM Modi) ।

উত্তৰ প্ৰদেশৰ কনৌজ জিলাৰ ছিব্ৰামৌ চহৰৰ কৃতি ডুবে নামৰ কণমানিজনীয়ে তেওঁৰ পত্ৰত লিখিছে, "মোৰ নাম কৃতি ডুবে ৷ মই প্ৰথম শ্ৰেণীত অধ্যয়ন কৰো ৷ মোডীজী, আপুনি যথেষ্ট মূল্যবৃদ্ধি কৰিছে ৷ আনকি মোৰ পেঞ্চিল আৰু ৰবৰ ব্যয়বহুল হৈছে আৰু মেগীৰ মূল্যও বৃদ্ধি কৰা হৈছে (Price rise of pencil and Maggi)৷"

লগতে কৃতিয়ে প্ৰধানমন্ত্ৰীক সোধে, "মই বিদ্যালয়ত পেঞ্চিল, ৰবৰ হেৰুৱালে মোক ঘৰত গালি পাৰে ৷ আন ল'ৰা ছোৱালীবোৰে মোৰ পেঞ্চিল চুৰি কৰে । এতিয়া মই কি কৰো ?" কৃতিয়ে হিন্দীত লিখা এই পত্ৰখন সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে (6 yr old girl complains to PM Modi about price hike)৷

কণমানিজনীৰ পিতৃ বিশাল ডুবেই এই চিঠিৰ সম্পৰ্কত কয় যে, "এয়া মোৰ ছোৱালীৰ 'মন কি বাত'। তাইক মাকে সদায় বিদ্যালয়ত পেঞ্চিল আৰু ৰবৰ হেৰুৱালে গালি পৰাৰ বাবে বিৰক্ত হৈ এই চিঠি লিখিছে ৷"

ছিব্ৰামৌৰ SDM অশোক কুমাৰে এই পত্ৰখন সামাজিক মাধ্যমত লাভ কৰি কয় ,"মই শিশুটোক যিকোনো ধৰণে সহায় কৰিবলৈ সাজু আৰু তাইৰ পত্ৰখন সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিম ৷"

লগতে পঢ়ক: Maan ki Baat : গণ আন্দোলনৰ ৰূপ লৈছে আজাদী কা অমৃত মহোৎসৱে : প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.