Several pilgrims died in cooch behar: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু কেইবাগৰাকীও তীৰ্থযাত্ৰী

author img

By

Published : Aug 1, 2022, 12:46 PM IST

several-pilgrims-died-by-electrocution-in-cooch-behar

কুচ বিহাৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু কেইবাগৰাকী তীৰ্থযাত্ৰীৰ (Several pilgrims died in cooch behar) ৷ জলপেশলৈ যাত্ৰা কৰা এখন পিকআপ ভানত বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷

নেশ্যনেল ডেস্ক, 1 আগষ্ট: পশ্চিমবংগৰ কুচ বিহাৰত অঘটন ৷ জলপেশলৈ যাত্ৰা কৰা কেইবাগৰাকী তীৰ্থযাত্ৰীৰ অকাল মৃত্যু ৷ প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে, জলপেশলৈ যাত্ৰা কৰা এখন পিকআপ ভানত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় দহগৰাকীকৈ তীৰ্থযাত্ৰীৰ (Ten pilgrims died in Cooch Behar)।

আৰক্ষীয়ে জনোৱা তথ্য মতে, দেওবাৰে নিশা সংঘটিত হয় উক্ত শোকাৱহ দুৰ্ঘটনাটো ৷ পিকআপ ভানখনত থকা ডিজে চিষ্টেমৰ জেনেৰেটৰৰ তাঁৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ২৭ গৰাকী তীৰ্থযাত্ৰী আছিল পিকআপ ভানখনত ৷ দুৰ্ঘটনাটোত দহগৰাকী তীৰ্থযাত্ৰী থিতাতে নিহত হোৱাৰ বিপৰীতে আহত 16 গৰাকী তীৰ্থযাত্ৰী ৷ আহত তীৰ্থযাত্ৰীসকলক ততাতৈয়াকৈ জলপাইগুৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়(Injured pilgrims referred to Jalpaiguri hospital) ৷

লগতে পঢ়ক: Accident in Jharkhand: দ খাৱৈত বাগৰি পৰিল চি আৰ পি এফৰ বাহন, আহত ১১ জন জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.