CWG 2022 : ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক আজুৰিলে ভাৰোত্তোলক অচিন্ত শ্বেউলীয়ে

author img

By

Published : Aug 1, 2022, 7:55 AM IST

Weightlifter Achinta Sheuli bags third gold at CWG

বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত ভাৰতৰ আন এত সাফল্য ৷ ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক আজুৰিলে ভাৰোত্তোলক অচিন্ত শ্বেউলীয়ে (Weightlifter Achinta Sheuli bags third gold at CWG)৷

নেশ্যনেল ডেস্ক, ১ আগষ্ট : বাৰ্মিংহামত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছত ভাৰোত্তোলকত ভাৰতীয় খেলুৱৈৰ দপদপনি ৷ ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক আজুৰিলে ভাৰোত্তোলক অচিন্ত শ্বেউলীয়ে (Weightlifter Achinta Sheuli bags third gold at CWG)৷ কলকাতাৰ ভাৰোত্তোলক অচিন্ত শ্বেউলীয়ে পুৰুষৰ 73 কিলোগ্ৰাম ভাৰোত্তোলনত ভাৰতৰ হৈ তৃতীয়টো স্বৰ্ণ জয় কৰি দেশখনলৈ গৌৰৱ কঢ়িয়াই আনিছে (Kolkata Player Achinta Sheuli win gold at CWG 2022) ৷

মালয়েছিয়াৰ এৰি হিদায়াত মহম্মদক পৰাস্ত কৰি শ্বেউলীয়ে আজুৰি আনে ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক ৷ শ্বেউলীয়ে 303 কিলোগ্ৰাম সংযুক্ত লিফ্টেৰে দ্বিতীয় শ্ৰেষ্ঠ ভাৰত্তোলক হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হয় ৷ ভাৰত্তোলকগৰাকীয়ে কয় যে "মই এই পদকৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছো ৷ মোৰ এই সফলতাত ভাতৃ, মা, প্ৰশিক্ষকসহ সেনাৰ বিশেষ অৰিহনা আছে ৷ মই এই পদকটো মোৰ স্বৰ্গীয় পিতৃলৈ উচৰ্গা কৰিছো ৷"

কলকাতাৰ ভাৰত্তোলকগৰাকীয়ে 166 কিলোগ্ৰামেৰে আৰম্ভ কৰিছিল ৷ তেওঁ ক্লিন এণ্ড জাৰ্ক শাখাত মুঠ 137 কিলোগ্ৰাম, 140 কিলোগ্ৰাম আৰু 143 কিলোগ্ৰাম উত্তোলন কৰি মুঠ 303 কিলোগ্ৰামৰ সৈতে খেল শেষ কৰে ৷

ইয়াৰ পূৰ্বে কমনৱেল্থ গেমছত (CWG 2022) মণিপুৰৰ মীৰাবাঈ চানুৱে ৪৯ কিলোগ্ৰাম, মিজোৰামৰ জেৰেমি লালৰিনুঙ্গাই ৬৭ কিলোগ্ৰাম ভালত্তোলনত সোণৰ পদক লাভ কৰে ৷

লগতে পঢ়ক: North East Player win gold at CWG 2022 : মীৰাবাঈৰ পাছত উত্তৰ পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়ালে জেৰেমি লালৰিনুঙ্গাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.