Flood in Manikpur: পুনৰ জলমগ্ন হৈ পৰিছে মানিকপুৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চল

author img

By

Published : Aug 1, 2022, 11:22 AM IST

Flood washes out road connecting  Kirtanpara Dangaigaon

পুনৰ জলমগ্ন হৈ পৰিছে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চল (Flood again Manikpur) ৷ ফেনে-ফোটোকাৰে বাঢ়ি অহা আই নৈৰ পানীয়ে বুৰাই পেলালে মাণিকপুৰ ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক গাঁও (Flood at Manikpur) ৷

বঙাইগাঁও, 1 আগষ্ট: পুনৰ জলমগ্ন হৈ পৰিছে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন অঞ্চল (Flood again Manikpur) ৷ ফেনে-ফোটোকাৰে বাঢ়ি অহা আই নৈৰ পানীয়ে বুৰাই পেলালে মাণিকপুৰ ৰাজহ চক্ৰৰ কুৰিখনৰো অধিক গাঁও (Flood at Manikpur) ৷ বানৰ ফলত কীৰ্ত্তনপাৰা-ডাঙাইগাঁও সংযোগী পকী পথৰ ওপৰেদি বাগৰিছে একাঁঠু পানী ৷ ফলত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়ত ব্যাহত হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে (Flood washes out road connecting Kirtanpara-Dangaigaon ) ।

উল্লেখ্য যে, বছৰৰ দ্বিতীয়টো বানৰ ফলত আই নৈত সৃষ্টি হৈছিল ভয়াৱহ খহনীয়াৰ (Aai river erosion) ৷ এই খহনীয়াত অঞ্চলটোৰ ২০০ টা পৰিয়ালৰ ঘৰ মাটি নদীত জাহ যোৱাৰ ফলত নিজৰ ঘৰবাৰী হেৰুৱাই ২ নং বাশবাৰীৰ বিদ্যালয়খনত আশ্ৰয় গ্ৰহণ কৰি আছে (Erosion in Bongaigaon) । সম্প্ৰতি খহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলৰ ঘৰ নিৰ্মাণৰ বাবে নাই ভূমি ।

পুনৰ জলমগ্ন হৈ পৰিছে মানিকপুৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চল

যাৰ বাবে তেওঁলোকে এতিয়াও আশ্ৰয় শিবিৰতে দিন কটাবলগীয়া হৈছে । ফলত গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ পিছতো বিদ্যালয়খনত আৰম্ভ কৰিব পৰা নাই পাঠদান (Summer vacation end) ৷ জিলা প্ৰশাসনে শিবিৰত আবদ্ধ পৰিয়ালকেইটাৰ এইপৰ্যন্ত পুনৰ সংস্থাপনৰ কোনোধৰণৰ ব্যৱস্থা কৰা নাই । ইফালে চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলাৰ কথা উল্লেখ কৰি এই লৈ স্থানীয় বিধায়কে চকু মুদা কুলিৰ ভাও জুৰা বুলি সচেতন মহলে অভিযোগ কৰিছে ।

সেয়েহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে খহনীয়াগ্ৰস্ত ৰাইজে ৷ তাৰোপৰি, বিগত কেবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত নদীৰ জলপৃষ্ঠ বাঢ়ি অহাত কুৰিখনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে । অঞ্চলটোৰ এনে বিপদজনক পৰিস্থিতিত জিলা প্ৰসাশনে খহনীয়া প্ৰতিৰোধৰ বাবে বৰ্তমানেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অধিক চিন্তিত হৈ পৰিছে অঞ্চলবাসী ।

লগতে পঢ়ক: CWG 2022 : ভাৰতলৈ তৃতীয়টো স্বৰ্ণ পদক আজুৰিলে ভাৰোত্তোলক অচিন্ত শ্বেউলীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.