Janardan dev Goswami controversial remarks: মাদ্ৰাছাই কোনো জেহাদী শিক্ষা নিদিয়ে: ৰাষ্ট্ৰীয় উলামা কাউঞ্চিল

author img

By

Published : Aug 1, 2022, 9:35 AM IST

Updated : Aug 1, 2022, 1:15 PM IST

maulana-ubaidur-rahman-qasimi-responded-to-controversial-remarks-of-janardan-deb-goswami

সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে জেহাদী সন্দৰ্ভত কৰা এটা বিৰ্তকিত মন্তব্যৰ পিছতে সংবাদমেল যোগে ইয়াৰ প্ৰত্যুত্তৰ দিলে ৰাষ্ট্ৰীয় উলামা কাউঞ্চিল অসমৰ সভাপতি মৌলানা উবাইদুৰ ৰহমান কাছিমীয়ে (NUC reaction to Janardan Dev Goswami controversial remarks) ৷ "মাদ্ৰাছাই কোনো জেহাদী শিক্ষা নিদিয়ে, ইয়াত কোনো শিক্ষক যদি জড়িত হৈ আছে তাত মাদ্ৰাছাৰ দোষ নাই । প্ৰকৃত মুছলমানে কেতিয়াও জেহাদীৰ শিক্ষা নিদিয়ে" ৷ এই মন্তব্য ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ সভাপতিগৰাকীৰ ৷

গুৱাহাটী, 1 আগষ্ট: ৰাজ্যত শেহতীয়াকৈ হৈ অহা জেহাদীৰ কাৰ্যকলাপৰ বহু তথ্য ইতিমধ্যে পোহৰলৈ আহিছে (Jihadi in Assam)। শেহতীয়াকৈ মৰিগাঁৱৰ এখন মাদ্ৰাছাকে ধৰি বৰপেটা আৰক্ষীৰ তৎপৰতাত ৰাজ্যৰ বহুকেইটা স্থানৰ পৰা গ্ৰেপ্তাৰ হৈছে বহুকেইজন জেহাদী (Jihadi Arrested in Morigaon) ৷ ইয়াৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

শেহতীয়াকৈ, জেহাদী সন্দৰ্ভত চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰ লগতে এক বিশেষ সম্প্ৰদায়ক লৈ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে মাজুলীৰ দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ তথা বিশ্ব হিন্দু মহাসংঘৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে (Janardan Dev Goswami controversial remarks on jihadist) ৷ "মুছলমানসকল ভয়ৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে ৷ জেহাদীৰ প্ৰতীক হিচাপেও চিহ্নিত হৈছে ৷ খ্ৰীষ্টান মিছনেৰীসকলো কম জেহাদী নহয় ৷ জেহাদীৰ লগতে খ্ৰীষ্টান মিছনেৰীসকলো সনাতন হিন্দু সংস্কৃতিৰ প্ৰতি অশনি সংকেত" ৷ এই মন্তব্য মাজুলী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰগৰাকীৰ ৷

মাদ্ৰাছাই কোনো জেহাদী শিক্ষা নিদিয়ে: মৌলানা উবাইদুৰ ৰহমান কাছিমী

সত্ৰাধিকাৰগৰাকীৰ এই মন্তব্যৰ পিছতে সংবাদমেলযোগে ইয়াৰ প্ৰত্যুত্তৰ দিলে ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ অসমৰ সভাপতি মৌলানা উবাইদুৰ ৰহমান কাছিমীয়ে (NUC reaction to Janardan Dev Goswami controversial remarks)৷ "মাদ্ৰাছাই কোনো জেহাদী শিক্ষা নিদিয়ে, কোনোবা শিক্ষক যদি ইয়াত জড়িত হৈ আছে তাত মাদ্ৰাছাৰ দোষ নাই । প্ৰকৃত মুছলমানে কেতিয়াও জেহাদীৰ শিক্ষা নিদিয়ে । মাদ্ৰাছাত সদায় ভাল তথা ধৰ্মীয় কথা প্ৰদান কৰা হয়, তাত জেহাদৰ কোনো কথা শিকোৱা নহয়" ৷ এই বুলি মন্তব্য প্ৰকাশ কৰে ৰাষ্ট্ৰীয় উলামা কাউঞ্চিলৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: Pijush Hazarika criticizes Aminul Islam : আমিনুল ইছলাম ভাৰত বিৰোধী মানুহ: পীযুষ হাজৰিকা

Last Updated :Aug 1, 2022, 1:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.