Sanjay Raut Arrested by ED: শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ ইডিৰ

author img

By

Published : Aug 1, 2022, 7:16 AM IST

ED ARRESTED SHIVSENA MP SANJAY RAUT

ভূমি কেলেংকাৰী গোচৰত জড়িত থকাৰ অভিযোগত অৱশেষত নিশালৈ ইডিয়ে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ কৰে (ED arrests Shiv Sena leader Sanjay Raut in Patra Chawl case) ৷ মুম্বাইৰ এটা বস্তিৰ পুনৰ উন্নয়ন আৰু লেনদেনৰ অনিয়মৰ অভিযোগত শিৱসেনাৰ নেতাগৰাকীৰ ঘৰত দেওবাৰে ইডিৰ এটা দলে অভিযান চলাই প্ৰথমে আটক কৰিছিল ৰাউটক ৷

নেশ্যনেল ডেস্ক, 1 আগষ্ট: ভূমি কেলেংকাৰী গোচৰত জড়িত থকাৰ অভিযোগত শিৱসেনাৰ নেতা তথা সাংসদ সঞ্জয় ৰাউটক (Shiv Sena leader Sanjay Raut) দেওবাৰে নিশা প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ইডিয়ে নিজ কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে ৷ দেওবাৰে সাংসদগৰাকীৰ বাসগৃহত পুৱা 7 বজাৰ পৰা বিয়লি 4 বজালৈ অভিযান চলিছিল । তাৰ পিছতেই সাংসদগৰাকীক আটক কৰি সন্ধিয়া 5.30 বজাৰ পৰা ইডি কাৰ্যালয়ত জেৰা কৰা হৈছিল ৷

ইডিয়ে ৰাউটক প্ৰায় 16 ঘণ্টা ধৰি মাৰাথান জেৰা চলোৱাৰ অন্তত নিশালৈ গ্ৰেপ্তাৰ কৰে সাংসদগৰাকীক ৷ বৰ্তমান সঞ্জয় ৰাউটকৰ ভাতৃ বিধায়ক সুনীল ৰাউটে ইডি কাৰ্যালয়ৰ বাহিৰতেই উপস্থিত আছে ৷ ইতিমধ্যে ৰাউটক গ্ৰেপ্তাৰ কৰা হৈছে বুলি এখন মেমো দেখুৱাইছে ইডিয়ে ৷ এই প্ৰসংগত সঞ্জয় ৰাউটকৰ ভাতৃ সুনীল ৰাউটে জনাই যে ইডিয়ে এই গোচৰ সম্পৰ্কীয় কোনো নথি বা প্ৰমাণ লাভ কৰা নাই ৷ শেহতীয়া তথ্য অনুসৰি সাংসদ সঞ্জয় ৰাউটৰ ঘৰৰ পৰা ইডিৰ অভিযানত 11 লাখ 50 হাজাৰ টকা জব্দ কৰা হৈছিল ৷

শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ ইডিৰ

ইফালে ধৃত সাংসদগৰাকীয়ে ইডিৰ এই কাৰ্যক এক ষড়যন্ত্ৰ বুলি উল্লেখ কৰে । এয়া কেৱল মহাৰাষ্ট্ৰ আৰু শিৱসেনাক দুৰ্বল কৰাৰ বাবে; কিন্তু মহাৰাষ্ট্ৰ আৰু শিৱসেনা দুৰ্বল নহয় । সঞ্জয় ৰাউটে কেতিয়াও হাৰ নামানে আৰু দল এৰি নাযায়" বুলি তেওঁ উল্লেখ কৰে (Sanjay Raut Arrested in Land Scam Case)।

উল্লেখ্য যে, 1,034 কোটি টকা ভূমি কেলেংকাৰী সম্পৰ্কীয় এটা মানি লণ্ডাৰিং গোচৰত সঞ্জয় ৰাউটৰ বিৰুদ্ধে তদন্ত চলি আছে(Patra Chawl land scam case) । এই গোচৰটোৰ মূল অভিযুক্ত ৰাউট । ইডিয়ে তেওঁলৈ কেইবাবাৰো চমন জাৰি কৰিছিল যদিও শিৱসেনা নেতাগৰাকীয়ে বিভিন্ন অজুহাতত ইডিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা বিৰত আছিল ৷

ED ARRESTED SHIVSENA MP SANJAY RAUT
শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক গ্ৰেপ্তাৰ ইডিৰ

শিৱসেনাৰ নেতাগৰাকীৰ ঘৰত ইডিৰ এটা দলে দেওবাৰে ধন ৰপ্তানিৰ গোচৰৰ সন্দৰ্ভত অভিযান চলায় ৷ ইয়াৰ পূৰ্বে ইডিয়ে ৰাউটৰ বিৰুদ্ধে মুম্বাইৰ এটা বস্তিৰ পুনৰ উন্নয়ন আৰু তেওঁৰ পত্নী আৰু 'সহযোগী'ৰ সৈতে জড়িত লেনদেনৰ অনিয়মৰ অভিযোগত ধন ৰপ্তানিৰ গোচৰত সোধাপোছাৰ বাবে কেইবাৰো এই চমন জাৰি কৰিছিল ।

তেওঁ নিজৰ বক্তব্য প্ৰকাশ কৰাৰ বাবে যোৱা ১ জুলাইত মুম্বাইৰ ইডিৰ কাৰ্যালয়ত হাজিৰ হৈছিল । ইডিয়ে পৰৱৰ্তী সময়ত ২৭ জুলাইতো তেওঁলৈ চমন জাৰি কৰিছিল । কিন্তু চলিত সংসদ অধিৱেশনত ব্যস্ত থকাৰ কথা উল্লেখ কৰি তেওঁ ইডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ পৰা বিৰত আছিল ৷

লগতে পঢ়ক: ED detained Sanjay Raut: শিৱসেনাৰ নেতা সঞ্জয় ৰাউটক আটক ইডিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.