ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Jul 20, 2022, 1:14 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

ডিব্ৰুগড়ত হাস্পতালত ভৰ্তি হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ

জুবিন গাৰ্গ চিকিৎসাধীন ৷ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বাথৰূমত পিছল খাই পৰি মুৰত গুৰুতৰভাৱে আঘাত পাইছে কন্ঠশিল্পীগৰাকীয়ে ৷

বলীউডক অন্য এক মাত্ৰা দিয়া নাছিৰুদ্দিন শ্বাহৰ আজি ওপজা দিন

চলচ্চিত্ৰ জগতক নতুন উচ্চতালৈ লৈ যোৱা প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহৰ আজি 72 বছৰীয়া জন্মদিন (Naseeruddin Shah birthday) ৷ এই শুভ ক্ষণত ইটিভি ভাৰত চিটাৰা পৰিয়ালৰ তৰফৰ পৰা অভিনেতাজনলৈ জন্মদিনৰ অফুৰন্ত শুভেচ্ছা জনালো ৷

Man-Elephant conflict: হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে "হাতীবন্ধু"ৰ অভিনৱ পদক্ষেপ

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত(Man-Elephant conflict) ৷ দিনক-দিনে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে এই ঘটনা ৷ এই সংঘাত ৰোধৰ বাবে 'হাতীবন্ধু' নামৰ এটি সংগঠনৰ পৃষ্ঠপোষক প্ৰদীপ কুমাৰ ভূঞা আৰু সমগ্ৰ পৰিকল্পনাটোৰ নেতৃত্ব বহন কৰা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ ৷ এনে কি পদক্ষেপৰ দ্বাৰা এই সংগঠনটোৱে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে চেষ্টা চলাইছে চাওক সবিশেষ...

Minister Ranjit Dass at Barpeta: কংগ্ৰেছৰ পৰা লোকসভাৰ তিনিখন আসন কাঢ়িব বিজেপিয়ে

কংগ্ৰেছৰ দখলত থকা তিনিখন লোকসভাৰ আসন বৰপেটা, কলিয়াবৰ আৰু নগাঁও দখলৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে(BJP is trying to win three Lok Sabha seats) ৷ আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ পৰা অতিৰিক্ত আন তিনিখন লোকসভাৰ আসন ৰাষ্ট্ৰীয় নেতৃত্বই বিচৰা বুলি মন্তব্য মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ।

BJPs state president comment on GST: জিএছ টিৰ দ্বাৰা ধনী লোকো ক্ষতিগ্ৰস্ত হয়

জিএছ টি বৃদ্ধিৰ বাবে অকল শাসকীয় দলেই জগৰীয়া নহয় বুলি মন্তব্য় কৰিছে বিজেপিৰ ৰাজ‍্যিক সভাপতি ভবেশ কলিতাই (BJPs state president Bhabesh Kalita comment on GST)। তেওঁ কয় যে জিএছ টিৰ দ্বাৰা কেবল দুখীয়া লোকেই নহয়,ধনী লোকো ক্ষতিগ্ৰস্ত হয়।

আমগুৰিৰ এটি দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়ালে বিজেপিৰ অ'বিচি মৰ্চাই

আমগুৰিত বিশেষভাৱে সক্ষম মৃদুল গগৈ আৰু তেওঁৰ পৰিয়ালৰ কাষত ঠিয় দিলে বিজেপিৰ জিলা অ'বিচি মৰ্চাৰ সভাপতি হৰিপ্ৰসন্ন হাজৰিকা(BJP OBC Morcha helps a poor family) ৷ ডিব্ৰুৱাল গাঁৱৰ মৃদুল গগৈৰ পৰিয়ালক দুই বাণ্ডোল টিনপাট দিয়াৰ লগতে জৰাজীৰ্ণ গৃহটি পুনৰ মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে মৰ্চাই ৷

AASUs react on Barkhashree : চৰকাৰৰ অগণতান্ত্ৰিক চিন্তাৰ বাবে বৰ্ষাশ্ৰীক কাৰাগাৰত ৰাখিছে

বৈপ্লৱিক শব্দ প্ৰয়োগ কৰি কবিতা লিখাৰ পিছত দুমাহে কাৰাগাৰৰ বন্ধ কোঠাত সোমাই থাকিব লগা হৈছে মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই । ৰাজ্য চৰকাৰ আৰু আৰক্ষী বিভাগে বৰ্ষাশ্ৰীৰ ক্ষেত্ৰত এনে শাস্তিৰ ব্যৱস্থা কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মঙলবাৰে দুলীয়াজানত অতি শীঘ্ৰে বৰ্ষাশ্ৰীক মুকলি কৰি দিয়াৰ দাবী জনালে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । আছু নেতাগৰাকীয়ে কয় যে চৰকাৰৰ অগণতান্ত্ৰিক চিন্তাৰ বাবে বৰ্ষাশ্ৰীক কাৰাগাৰত ৰাখিছে ।

Forest Destruction in Moran: বন ধ্বংসত নমা দুই শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

বন বিভাগৰ অনুমতি অবিহনে মৰাণত বিদ্যালয় চৌহদৰ গছ কাটি তহিলং কৰিলে দুগৰাকী শিক্ষকে (School tree illegally cut down by teacher in Moran)। শিক্ষক দুগৰাকীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় লোক । চৰকাৰৰ আহ্বানক গুৰুত্ব নিদি বন ধ্বংসত জড়িত হোৱা শিক্ষকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে ।

Jorhat-Majuli Bridge : মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

বিসংগতি ধৰা পৰাৰ পাছত প্ৰায় ২ মাহ বন্ধ হৈ আছিল মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য (Discrepancy in construction of Majuli connecting bridge)। কিন্তু অনানুষ্ঠানিকভাৱে নিৰ্মাণকাৰী সংস্থাই কাম পুনৰ আৰম্ভ কৰাৰ কথা গম পোৱা গৈছে । আগষ্ট মাহৰ পৰা পূৰ্ণগতিত চলিব নিৰ্মাণকাৰ্য ।

Olympic Torch Rally: কোকৰাঝাৰত উপস্থিত অলিম্পিক টৰ্চ ৰেলী

অসম অলিম্পিক ইউথ গেমছৰ সৈতে সংগতি ৰাখি উলিওৱা অলিম্পিক টৰ্চ ৰেলী কোকৰাঝাৰত উপস্থিত হয় (Assam Olympic Youth Games arrived in Kokrajhar) ৷ অসম অলিম্পিক সন্থাৰ উপ-সভাপতি বিষ্ণু নুনিছাৰ নেতৃত্বত অহা টৰ্চ ৰেলীৰ দলটোক কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আদৰণি জনোৱা হয় ৷ অহা ২২ জুলাই পৰা ২৭ জুলাইকে গুৱাহাটীত অনুষ্ঠিত হ’ব অসম ইউথ অলিম্পিক গেমছ ২০২২ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.