AASUs react on Barkhashree : চৰকাৰৰ অগণতান্ত্ৰিক চিন্তাৰ বাবে বৰ্ষাশ্ৰীক কাৰাগাৰত ৰাখিছে

By

Published : Jul 20, 2022, 9:48 AM IST

thumbnail

বৈপ্লৱিক শব্দ প্ৰয়োগ কৰি কবিতা লিখাৰ পিছত দুমাহে কাৰাগাৰৰ বন্ধ কোঠাত সোমাই থাকিব লগা হৈছে মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই । ৰাজ্য চৰকাৰ আৰু আৰক্ষী বিভাগে বৰ্ষাশ্ৰীৰ ক্ষেত্ৰত এনে শাস্তিৰ ব্যৱস্থা কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মঙলবাৰে দুলীয়াজানত অতি শীঘ্ৰে বৰ্ষাশ্ৰীক মুকলি কৰি দিয়াৰ দাবী জনালে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । আছু নেতাগৰাকীয়ে কয় যে চৰকাৰৰ অগণতান্ত্ৰিক চিন্তাৰ বাবে বৰ্ষাশ্ৰীক কাৰাগাৰত ৰাখিছে । চৰকাৰৰ এই কাৰ্যই গণতন্ত্ৰত আঘাত হানিছে( AASUs reaction on Barkhashree Buragohain) । বৰ্ষাশ্ৰীৰ দৰে কোনো ছাত্ৰ-ছাত্ৰীয়ে যাতে কাৰাগাৰত থাকিব নালাগে তাৰ বাবে চিন্তা চৰ্চা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.