ETV Bharat / state

ডিব্ৰুগড়ত হাস্পতালত ভৰ্তি হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ

author img

By

Published : Jul 20, 2022, 11:20 AM IST

Updated : Jul 20, 2022, 12:16 PM IST

জুবিন গাৰ্গ চিকিৎসাধীন ৷ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বাথৰূমত পিছল খাই পৰি মুৰত গুৰুতৰভাৱে আঘাত পাইছে কন্ঠশিল্পীগৰাকীয়ে ৷

ZUBEEN GARG HOSPITALIZED
ডিব্ৰুগড়ত হাস্পতালত ভৰ্তি হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ

নিউজ ডেস্ক, 20 জুলাই : জুবিন গাৰ্গ চিকিৎসাধীন(Zubeen Garg Hospitalized) ৷ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গ সম্প্ৰতি ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ প্ৰাপ্ত খবৰ অনুসৰি বাথৰূমত পিছল খাই পৰি মূৰত গুৰুতৰভাৱে আঘাত পাইছে কন্ঠশিল্পীগৰাকীয়ে ৷ লগে লগে তেওঁক ডিব্ৰুগড়ৰৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ'ৰ্টত বাহৰ পাতি আছিল জুবিন গাৰ্গ ৷ বৰ্তমান বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত শিল্পীগৰাকীৰ চিকিৎসা চলি আছে ৷ মূৰত পাঁচটাকৈ চিলাই পৰা জুবিন গাৰ্গক সম্প্ৰতি ICUত ৰখা হৈছে ৷

অৱশ্যে চিকিৎসালয়ৰ সূত্ৰই জনপ্ৰিয় কন্ঠশিল্পীগৰাকী বৰ্তমান বিপদমুক্ত বুলি প্ৰকাশ কৰিছে ৷ আনহাতে সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ থকা জুবিন গাৰ্গে যাতে সকলো ধৰণৰ উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ডিব্ৰুগড়ৰ উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰয়োজন সাপেক্ষে শিল্পীগৰাকী এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে ৰাজ্যৰ বাহিৰলৈ উন্নত চিকিৎসাৰ বাবে নিয়াৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে ৷

সমান্তৰালভাৱে বিশিষ্ট শিল্পীগৰাকীলৈ চিকিৎসা সেৱা প্ৰদান সম্বন্ধীয় সকলো প্ৰক্ৰিয়া চোৱা-চিতা কৰিবৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকো জৰুৰী নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে ৷

লগতে পঢ়ক : Zubin Garg concert in Jonai: জোনাই মহকুমাক জিলা ঘোষণাৰ অনুৰোধ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ

Last Updated :Jul 20, 2022, 12:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.