ETV Bharat / state

Olympic Torch Rally: কোকৰাঝাৰত উপস্থিত অলিম্পিক টৰ্চ ৰেলী

author img

By

Published : Jul 20, 2022, 12:30 PM IST

olympic-torch-rally-in-conjunction-with-assam-olympic-youth-games-arrived-in-kokrajhar
কোকৰাঝাৰত উপস্থিত অলিম্পিক টৰ্চ ৰেলী

অসম অলিম্পিক ইউথ গেমছৰ সৈতে সংগতি ৰাখি উলিওৱা অলিম্পিক টৰ্চ ৰেলী কোকৰাঝাৰত উপস্থিত হয় (Assam Olympic Youth Games arrived in Kokrajhar) ৷ অসম অলিম্পিক সন্থাৰ উপ-সভাপতি বিষ্ণু নুনিছাৰ নেতৃত্বত অহা টৰ্চ ৰেলীৰ দলটোক কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আদৰণি জনোৱা হয় ৷ অহা ২২ জুলাই পৰা ২৭ জুলাইকে গুৱাহাটীত অনুষ্ঠিত হ’ব অসম ইউথ অলিম্পিক গেমছ ২০২২ ৷

কোকৰাঝাৰ, 20 জুলাই: অহা ২২ জুলাই পৰা ২৭ জুলাইকে গুৱাহাটীত অনুষ্ঠিত হ’ব অসম ইউথ অলিম্পিক গেমছ ২০২২ (Assam Youth Olympic Games 2022 will be held from July 22 to 27 in Guwahati)। মুঠ ৩২ টাকৈ খেল অনুষ্ঠিত হ’বলগীয়া অসম ইউথ অলিম্পিক গেমছত কোকৰাঝাৰ জিলাৰ পৰাও অংশগ্ৰহণ কৰিব (There will be 32 sports in Assam Youth Olympic Games)।

কোকৰাঝাৰত উপস্থিত অলিম্পিক টৰ্চ ৰেলী

ইপিনে অসম ইউথ অলিম্পিক গেমছৰ সৈতে সংগতি ৰাখি উলিওৱা অলিম্পিক শিখা তথা টৰ্চ ৰেলী মঙলবাৰে বিটিআৰ সদৰ কোকৰাঝাৰত উপস্থিত হয় ৷ অসম অলিম্পিক সন্থাৰ উপ-সভাপতি বিষ্ণু নুনিচাৰ নেতৃত্বত অহা টৰ্চ ৰেলীৰ দলটোক কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা আদৰণি জনোৱা হয় ৷ কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত আয়োজিত হোৱা আদৰণি অনুষ্ঠানত টৰ্চ ৰেলীৰ দলটোক একোখনকৈ আৰনাইৰে সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানটোত উপস্থিত থাকে বি টি আৰৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী (BTR Executive Member Ukil Musahari), পাৰিষদ দনেশ্বৰ গয়াৰী, জিলা অতিৰিক্ত উপায়ুক্ত শুভ্ৰম আদিত্য বৰা (District ADC Shubhrang Aditya Bora), বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পৰিমল সিনহাকে (Bongaigaon District Sports Association general secretary Parimal Sinha) ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু ক্ৰীড়াবিদ ৷

উল্লেখ্য যে কোকৰাঝাৰৰ পৰা মঙলবাৰে বিয়লী টৰ্চ ৰেলী দলটো ধুবুৰী লৈ ৰাওনা হয় ৷ ইয়াৰ পূৰ্বে কোকৰাঝাৰ চহৰতো অলিম্পিকৰ টৰ্চ লৈ ৰেলী উলিওৱা হয় য’ত কোকৰাঝাৰৰ শতাধিক খেলুৱৈ আৰু ক্ৰীড়াবিদে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: চান্দমাৰীৰ অভিযান্ত্ৰিক খেল পথাৰত দুঃসাহসিক বাইক ৰাইডাৰ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.