চান্দমাৰীৰ অভিযান্ত্ৰিক খেল পথাৰত দুঃসাহসিক বাইক ৰাইডাৰ্চ

By

Published : Jun 20, 2022, 2:56 PM IST

thumbnail

মহানগৰীৰ চান্দমাৰীৰ অভিযান্ত্ৰিক খেল পথাৰত দেওবাৰে অনুষ্ঠিত কৰা হয় দুঃসাহসিক বাইক ৰাইডিং প্ৰতিযোগিতা(Bike Riding Competition at Chandmari in Guwahati) । গুৱাহাটীৰ নৱ বিকাশ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত চিকিম, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, মেঘালয় আদিকে ধৰি উত্তৰপূবৰ কেইবাখনো ৰাজ্যকে ধৰি অসমৰ প্ৰায় ৬০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । ইফালে, অনুষ্ঠানত উপস্থিত বিশিষ্ট থাকি সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই(Swimmer Elvis Ali Hazarika) ফ্লেগ অফ কৰি প্ৰতিযোগিতাখনিৰ আৰম্ভণি কৰে । উল্লেখ্য যে, পথ সুৰক্ষাৰ প্ৰতি জনসাধাণক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যেই আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা । এই প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰি পূৰ্বৰ ১৯৯৪-৯৫ চনৰ বিজয়ী বাইক ৰাইডাৰ অসমৰ দিগন্ত হাজৰিকাই ৰাষ্ট্ৰীয় পৰ্য্যায়ত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.