ETV Bharat / state

Jorhat-Majuli Bridge : মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

author img

By

Published : Jul 20, 2022, 10:55 AM IST

Updated : Jul 20, 2022, 11:58 AM IST

Majuli Bridge
মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

বিসংগতি ধৰা পৰাৰ পাছত প্ৰায় ২ মাহ বন্ধ হৈ আছিল মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য (Discrepancy in construction of Majuli connecting bridge)। কিন্তু অনানুষ্ঠানিকভাৱে নিৰ্মাণকাৰী সংস্থাই কাম পুনৰ আৰম্ভ কৰাৰ কথা গম পোৱা গৈছে । আগষ্ট মাহৰ পৰা পূৰ্ণগতিত চলিব নিৰ্মাণকাৰ্য ।

মাজুলী,২০ জুলাই : পুনৰ আৰম্ভ হৈছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য (Construction of Majuli connecting bridge resumes)। নিৰ্মাণৰ বিসংগতি ধৰা পৰাৰ পাছতে বিগত প্ৰায় ২ মাহ ধৰি বন্ধ ৰখা হৈছিল নিৰ্মাণকাৰ্য । অৱশেষত নিৰ্মাণকাৰী সংস্থা ইউ পি ষ্টেট ব্ৰীজ কৰ্পোৰেশ্যন লিমিটেডে কাম পুনৰ আৰম্ভ কৰিছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে । কিন্তু বিসংগতিৰ ফলাফল ৰাজহুৱা নোহোৱাকৈয়ে কাম আৰম্ভ কৰাক লৈও ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।

মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ

উল্লেখ্য যে প্ৰায় ৬৫৩ কোটি টকাৰে নিৰ্মাণ হ'বলগীয়া মাজুলীবাসীৰ সপোনস্বৰূপ দলংখনৰ বিসংগতি যোৱা ১ মে'ত পোহৰলৈ আহিছিল (Discrepancy in construction of Majuli connecting bridge)। দল-সংগঠন আৰু সংবাদমাধ্যমে বিসংগতিৰ তথ্য পোহৰলৈ আনিছিল । দলংখনৰ ৮ আৰু ১১ নং খুটাত বিসংগতি ধৰা পৰিছিল ।

এই কথা পোহৰলৈ অহাৰ পাছতে নিৰ্মাণস্থলীত উপস্থিত হৈ স্থানীয় বিধায়ক ভুবন গাম, সাংসদ প্ৰদান বৰুৱা আৰু উপায়ুক্তই বিসংগতি দূৰ নোহোৱালৈকে কাম বন্ধ কৰাৰ নিৰ্দেশ দিছিল । তাৰ পাছতে দিল্লীৰ পৰাও বিশেষজ্ঞ আৰু অভিযন্তাৰ দল আহি উপস্থিত হৈছিল আৰু বিসংগতিৰ তদন্ত আৰম্ভ কৰিছিল । তাৰ কোনো ফলাফল নোলাল ।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে অনানুষ্ঠানিকভাৱেই নিৰ্মাণকাৰী সংস্থাই পুনৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । ইফালে দুই এদিনতে তদন্ত কমিটিৰ ফলাফলো আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰো সম্ভাৱনা আছে । ৰাজহুৱা হ'ব বিসংগতিৰ তদন্ত সমিতিৰ প্ৰতিবেদন । কিন্তু তাৰ পূৰ্বেই নিৰ্মাণকাৰী সংস্থা ইউ পি ষ্টেট ব্ৰীজ কৰ্পোৰেশ্যন লিমিটেডে দলং নিৰ্মাণথলী দক্ষিনপাট অঞ্চলত তৎপৰতা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে ।

যন্ত্ৰাংশসমূহ অনাৰ লগতে নিৰ্মাণৰ আগতীয়া কাম আৰম্ভ হৈছে । টি পি এফ ইঞ্জিনিয়াৰিঙে লাভ কৰিছে অথোৰিটী ইঞ্জিনিয়াৰৰ ঠিকা । আনহাতে যাৱতীয় নথি পত্ৰৰ অ'ফিচিয়েল কাম কাজ শেষ হৈছে । আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা পূৰ্ণগতিত চলিব নিৰ্মাণৰ কাম ।

ইয়াৰ মাজতে মাজুলী-যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণৰ কাম সোনকালে শেষ হোৱাতো কামনা কৰিছে মাজুলীবাসীয়ে । ২০২৬ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়াৰ দৰে ৰাজনীতি নোহোৱাকৈ দলং নিৰ্মাণৰ কাম শেষ হোৱাৰো কামনা মাজুলীবাসীৰ ।

লগতে পঢ়ক :Institutional Plantation Programme: পৰ্যটন বিভাগত শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ প্রাতিষ্ঠানিক বৃক্ষৰোপণ প্রকল্প

Last Updated :Jul 20, 2022, 11:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.