ETV Bharat / state

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 23, 2022, 11:01 AM IST

11 বজাৰ শীৰ্ষ 10 টা বাতৰি

11 বজাৰ শীৰ্ষ 10 টা বাতৰি
11 বজাৰ শীৰ্ষ 10 টা বাতৰি

বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ডিব্ৰুগড় নিউ মাৰ্কেটৰ প্ৰায় 30 খন দোকান

ডিব্ৰুগড়ত পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় (Fire breaks out in Dibrugarh)৷ এই অগ্নিকাণ্ডত প্ৰায় ৩০ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷

নথি-পত্ৰ নবীকৰণ নকৰা বাহনৰ বিৰুদ্ধে নিৰন্তৰ অভিযান পৰিবহণ বিভাগৰ

মঙলবাৰে মহানগৰীৰ খানাপাৰা, বেতকুছি, পামহী, নাৰেংগী, বৰাগাঁও আদি গুৰুত্বপূৰ্ণ স্থানত অকৰ্তৃত্বশীল বাহনৰ বিৰুদ্ধে অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বৃহৎ অভিযানকাৰী দল (Transport department operation in Guwahati) ৷

পত্নী-সন্তান এৰি আলফা স্বাধীনত যোগদান মহানগৰীৰ যুৱকৰ

পুনৰ আলফামুখী অসমীয়া যুৱক ৷ মধ্য অসমৰ তিনি যুৱকসহ পুনৰ আন 5 জন যুৱক আলফা স্বাধীনত যোগদানৰ বাবে যোৱাৰ (Five Assam boys suspected to join ULFA I) এক তথ্য লাভ কৰাৰ পাচতে, পুনৰ এজন যুৱক আলফালৈ যোৱাৰ আন এক তথ্য লাভ কৰা হৈছে ৷ এইবাৰ মহানগৰীৰ নাৰেংগীৰ উদয়গিৰীৰ যুগল শৰ্মা নামৰ যুৱকজন আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে (Assam boy suspected to join ULFA I)।

জৰ্জিয়াৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমত জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্চিল জুলিয়াছভিলি(Georgian Ambassador Archil Dzuliashvili in Assam) ৷ মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰিলে ৰাষ্ট্ৰদূত গৰাকীক ৷ অসম আৰু জৰ্জিয়া সন্দৰ্ভত আলোচনা কৰা বুলি টুইটাৰযোগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷

স্বামীক এৰি গেছ পাইপলাইনৰ টকা লৈ প্ৰেমিকৰ সৈতে উধাও দুই সন্তানৰ মাতৃ !

হেলেমৰ জৰিগুৰিৰ ফনীধৰ মিলিয়ে শেহতীয়াকৈ ইন্দ্ৰধনুষ গেছ পাইপলাইনৰ পৰা ৬ লাখ ৬০ হাজাৰ টকা লাভ কৰিছিল ৷ টকাখিনি পোৱাৰ পিছতে মিলিৰ 16 বছৰীয়া সংসাৰত লাগিলে কেনা (Money came between husband wife) ৷ কেনেকৈ?

আনন্দ মিশ্ৰক অসম আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্তি

অসম আৰক্ষীৰ শীৰ্ষ মহলত ৰদ-বদল । IPS আনন্দ মিশ্ৰক AIG (SPORTS)ৰূপে নিযুক্তি। ডেইজী গগৈক শিৱসাগৰৰ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি । প্ৰণৱ দাসক কাজিৰঙাৰ এছ টি এফত উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি । ঘনশ্যাম ভাইক দশম আৰক্ষী বাহিনীৰ সহঃঅধিনায়ক হিচাপে নিযুক্তি ।

Unidentified dead body found: মহানগৰীৰ আমগাঁৱত উদ্ধাৰ মহিলাৰ মৃতদেহ

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড । পানীখাইতিৰ আমগাঁৱত হাত ভৰি বন্ধা অৱস্থাত উদ্ধাৰ অচিনাক্ত যুৱতীৰ উলংগ মৃতদেহ । অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ৷ কোনো দুস্কৃতিকাৰীয়ে হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে (Unidentified dead body found at Panikhaiti) ।

BTR accord: বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা ব্যক্তিৰ প্ৰতিকৃতি দাহ

বিটিআৰ চুক্তিৰ বিৰোধিতা কৰি একাংশ বড়ো বুদ্ধিজীৱী আৰু একাংশ বিপিএফ নেতাৰ প্ৰতিকৃতি দাহ কৰিলে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ বিটিআৰ চুক্তিৰ বিৰোধিতা কৰাসকলক সকীয়নি প্ৰদান কৰে এবছুৱে (ABSU burnt effigy at Mushalpur)৷

ৰাজ্য চৰকাৰখন ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰ্দাৰ: অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

তীৰ্যক মন্তব্যৰে বিজেপিক কঠোৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ ৷ সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখন ঢাল তৰোৱাল নোহোৱা নিধিৰাম চৰকাৰ বুলি অভিহিত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ(APCC criticizes BJP) ৷

জনতাক মাধমাৰ: ৫০টকাকৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধি

এতিয়াৰে পৰা হাজাৰ টকাৰ ওপৰত গ্ৰাহকে ক্ৰয় কৰিব লাগিব ৰন্ধন গেছৰ ছিলিণ্ডাৰ (LPG cylinder price increased) ৷ ৪ মাহৰ মূৰত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.