ETV Bharat / city

নথি-পত্ৰ নবীকৰণ নকৰা বাহনৰ বিৰুদ্ধে নিৰন্তৰ অভিযান পৰিবহণ বিভাগৰ

author img

By

Published : Mar 23, 2022, 9:32 AM IST

মঙলবাৰে মহানগৰীৰ খানাপাৰা, বেতকুছি, পামহী, নাৰেংগী, বৰাগাঁও আদি গুৰুত্বপূৰ্ণ স্থানত অকৰ্তৃত্বশীল বাহনৰ বিৰুদ্ধে অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বৃহৎ অভিযানকাৰী দল (Transport department operation in Guwahati) ৷

Transport department operation in Guwahati
নথি-পত্ৰ নবীকৰণ নকৰা বাহনৰ বিৰুদ্ধে নিৰন্তৰ অভিযান পৰিবহন বিভাগৰ

গুৱাহাটী, 23 মাৰ্চ : বাৰম্বাৰ আবেদন-নিবেদন জনোৱাৰ লগতে কঠোৰ সকীয়নি প্ৰদানৰ পিছতো বিলাসী আৰু বহু ব্যৱসায়িক বাহনে এতিয়াও নথি-পত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ আদায় নিদিয়াকৈ চলাচল কৰি আছে ৰাজপথত ৷ এইদৰে সম্পূৰ্ণ বে-আইনীভাৱে ৰাজপথত যান-বাহন চলাই থকা কাৰ্যই ৰাজ্যৰ পৰিবহণ বিভাগক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য কৰাইছে (Transport department drive against illegal vehicle) ৷

উল্লেখ্য যে, সমগ্ৰ অসমত বিলাসী বাহনকে ধৰি বিভিন্ন ব্যৱসায়িক বাহনে ২০০কোটিৰো অধিক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ থকাৰ বিপৰীতে স্বয়ং গুৱাহাটী মহানগৰীতে এতিয়াও ৭০ কোটিতকৈয়ো অধিক টকাৰ বকেয়া কৰ আদায় দিয়া নাই ৷ শেহতীয়াকৈ এনেকুৱা দায়িত্ব জ্ঞানহীন বাহনৰ মালিকৰ বিৰুদ্ধে দিনে-ৰাতিয়ে অবিৰাম অভিযানত নামি ইখনৰ পিছত সিখনকৈ বাহন জব্দ কৰি জৰিমণাসহ কৰ আদায় কৰিছে পৰিবহণ বিভাগে ।

Transport department operation in Guwahati
পৰিবহণ বিভাগৰ অভিযান

মঙলবাৰে মহানগৰীৰ খানাপাৰা, বেতকুছি, পামহী, নাৰেংগী, বৰাগাঁও আদি গুৰুত্বপূৰ্ণ স্থানত অকৰ্তৃত্বশীল বাহনৰ বিৰুদ্ধে অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ বৃহৎ অভিযানকাৰী দল (Transport department operation in Guwahati) ৷

সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত যান-বাহন পৰিদৰ্শক কানাই মহন্ত, জয়সিং ৰংফাৰৰ লগতে প্ৰৱৰ্তক পৰিদৰ্শক মৰমী পাঠক, গজেন হাজৰিকাকে ধৰি প্ৰৱৰ্তক পৰিদৰ্শক আৰু সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শকৰ দলসহ বিভাগৰ বিষয়া-কৰ্মীয়ে কেইবাটাও ভাগত বিভক্ত হৈ মহানগৰীৰ খানাপাৰা, বেতকুছি, পামহী, নাৰেংগী, বৰাগাঁও আদি বিভিন্ন অঞ্চলৰ ৰাজপথত ১২০০ৰো অধিক বাহনত তন্নতন্নকৈ তালাচী চলাই ।

তালাচীৰ সময়ত দীৰ্ঘদিন ধৰি যান-বাহনৰ কৰ আদায় নিদিয়াৰ লগতে নথি-পত্ৰ নৱীকৰণৰ ক্ষেত্ৰত ধৰা পৰা বিভিন্ন বিসংগতিত ২০০ৰো অধিক বাহনৰ বিৰুদ্ধে যান-বাহন আইনৰ অধীনত থিতাতে গোচৰ ৰুজু কৰি দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়াৰ গুৰুতৰ অভিযোগত কেইবাখনো স্কুল বাছসহ ৭০খনৰো অধিক বাহন জব্দ কৰে (Transport department seized about 70 vehicles)।

Transport department operation in Guwahati
নথি-পত্ৰ নবীকৰণ নকৰা বাহনৰ বিৰুদ্ধে নিৰন্তৰ অভিযান পৰিবহণ বিভাগৰ

ৰাজপথত কৰ অনাদায়কাৰী বাহনৰ বিৰুদ্ধে চলোৱা বিৰামহীন অভিযান সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন দুৰ্ঘটনামুক্ত অসমৰ বাবে আহ্বান জনোৱাৰ লগতে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজপথত সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰিছে ৷

এই নিৰ্দেশ অনুসৰি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে বিৰামহীনভাৱে যান-বাহনৰ নথি-পত্ৰ নৱীকৰণ আৰু বকেয়া কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে অভিযানত নামিছে । কিয়নো সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ মূল ভেটিটোৱেই হৈছে যান-বাহনৰ নথি-পত্ৰ নৱীকৰণৰ লগতে বকেয়াসহ সকলো কৰ আদায় দি গধুৰ জৰিমণাৰ পৰা হাত সাৰি থকা ৷ সেয়ে ৰাজ্যৰ সুৰক্ষিত যাতায়ত ব্যৱস্থাৰ স্বাৰ্থত কোনো যান-বাহনৰ মালিককে ৰেহাই নিদি প্ৰয়োজনত আৰু অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়নি দিয়ে পৰিবহণ বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক : Drinking water crisis in Guwahati: গুৱাহাটীত ৭০ শতাংশ মানুহে খোৱা পানী আঁচনিৰ পৰা বঞ্চিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.