ETV Bharat / state

Drinking water crisis in Guwahati: গুৱাহাটীত ৭০ শতাংশ মানুহে খোৱা পানী আঁচনিৰ পৰা বঞ্চিত

author img

By

Published : Mar 22, 2022, 9:27 PM IST

Drinking water crisis in Guwahati
গুৱাহাটীত ৭০ শতাংশ মানুহে খোৱা পানী আঁচনিৰ পৰা বঞ্চিত

গুৱাহাটী মহানগৰীত খোৱাপানী সমস্যাই এক জটিল সমস্যা হিচাপে দেখা দি আহিছে । গুৱাহাটীৰ ওচৰেৰে মহাবাহু ব্ৰক্ষ্মপুত্ৰ নদীখন বৈ যোৱাৰ পিছতো গুৱাহাটীত খোৱা পানীৰ সমস্যা এক ডাঙৰ সমস্যা । চৰকাৰী পানী যোগান ব্যৱস্থাই এতিয়াও গুৱাহাটীৰ আধাতকৈও অধিক মানুহক খোৱাপানী যোগান ধৰিব পৰা নাই । গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে মহানগৰীৰ মাত্ৰ ৩০ শতাংশ মানুহে চৰকাৰী আঁচনিৰ খোৱা পানী পায় (Drinking water crisis in Guwahati)।

গুৱাহাটী, 22 মাৰ্চ: গুৱাহাটী মহানগৰীত খোৱাপানী সমস্যাই এক জটিল সমস্যা হিচাপে দেখা দি আহিছে । গুৱাহাটীৰ ওচৰেৰে মহাবাহু ব্ৰক্ষ্মপুত্ৰ নদীখন বৈ যোৱাৰ পিছতো গুৱাহাটীত খোৱা পানীৰ সমস্যা এক ডাঙৰ সমস্যা । চৰকাৰী পানী যোগান ব্যৱস্থাই এতিয়াও গুৱাহাটীৰ আধাতকৈও অধিক মানুহক খোৱাপানী যোগান ধৰিব পৰা নাই । গুৱাহাটী পৌৰ নিগমৰ তথ্য মতে মহানগৰীৰ মাত্ৰ ৩০ শতাংশ মানুহে চৰকাৰী আঁচনিৰ খোৱা পানী পায় (Drinking water crisis in Guwahati)।

মহানগৰীৰ ৭০ শতাংশ মানুহে চৰকাৰী খোৱা পানী আঁচনিৰ পৰা বঞ্চিত হৈ আছে । পৌৰ নিগমৰ এক তথ্য মতে বৰ্তমানৰ জনসংখ্যা অনুযায়ী গুৱাহাটীত দৈনিক ৩২৮.৮৬ নিযুত লিটাৰ খোৱাপানীৰ প্ৰয়োজন । কিন্তু খোৱাপানীৰ যোগান ধৰি অহা তিনিটাকৈ চৰকাৰী বিভাগ ক্ৰমে গুৱাহটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ইয়াৰে মাত্ৰ ৭২.৪০ নিযুত লিটাৰ পানীহে যোগান ধৰিবলৈ সক্ষম হয় । অৰ্থাৎ মহানগৰীখনত দৈনিক ২৫৬.৪৬ নিযুত লিটাৰ খোৱাপানীৰ অভাৱ থাকে ।

চৰকাৰী তথ্য মতে, গুৱাহাটী পৌৰ নিগমে দৈনিক ৪১.২৫ নিযুত লিটাৰ পানী যোগান ধৰাৰ বিপৰীতে জনস্বাস্থ্য কাৰিকৰী বিভাগে দৈনিক ২৩.৬৫ নিযুত লিটাৰ আৰু গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদে ৭.৫০ নিযুত লিটাৰ খোৱাপানী যোগান ধৰে । গুৱাহাটী পৌৰ নিগমৰ অধীনত তিনিটা পানী যোগান প্ৰকল্পৰ চলি আছে । গুৱাহাটী পৌৰ নিগমৰ এই পানী যোগান প্ৰকল্প তিনিটা ক্ৰমে পানবজাৰ পানী যোগান প্ৰকল্প, খাৰঘুলিৰ সাতপুখুৰী পানী যোগান প্ৰকল্প আৰু কামাখ্যা মন্দিৰৰ ওচৰত থকা কামাখ্যা পানীযোগান প্ৰকল্প ।

পানবজাৰ পানী যোগান প্ৰকল্পৰ জৰিয়তে দৈনিক ২২.৫০ নিযুত লিটাৰ খোৱাপানী যোগান ধৰা হয় । আকৌ খাৰঘুলিৰ সাতপুখুৰী পানী যোগান প্ৰকল্প জৰিয়তে দৈনিক ১৫.৭৫ নিযুত লিটাৰ খোৱাপানী যোগান ধৰা হয় । আনহাতে কামাখ্যা মন্দিৰৰ ওচৰত থকা কামাখ্যা পানী যোগান প্ৰকল্পৰ জৰিয়তে দৈনিক ৩ নিযুত লিটাৰ খোৱাপানী যোগান ধৰা হয় । আনহাতে গুৱাহাটী মহানগৰ পানী যোগান আৰু অনাময় পৰিষদৰ অধীনৰ জুৰোড পানী যোগান প্ৰকল্পৰ জৰিয়তে দৈনিক ৭.৫০ নিযুত লিটাৰ আৰু জনস্বাস্থ্য কৰিকৰী বিভাগৰ অধীনৰ গুৱাহাটী বিশ্ববিদ্যালয় পানী যোগান প্ৰকল্প, গেম ভিলেজ প্ৰকল্প, পানবজাৰ আৰু উত্তৰ গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে দৈনিক ২৩.৬৫ নিযুত লিটাৰ খোৱাপানী যোগান ধৰি অহা হৈছে ।

মনকৰিবলগীয়া যে, গুৱাহাটী পৌৰ নিগমৰ প্ৰকল্প কেইটাৰে যোগান ধৰা পানী প্ৰায়ে ঘোলা, বালিৰ প্ৰলেপ থকা আৰু লেতেৰা হোৱাৰ অভিযোগ উঠে । উল্লেখ্য যে পৌৰ নিগমৰ তিনিওটা প্ৰকল্পৰে যন্ত্ৰসমূহ বহু পুৰণি । প্ৰকল্পকেইটাৰ পানী যোগান ধৰিব পৰা ক্ষমতা ক্ৰমাৎ হ্ৰাস আহিছে । এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কয় যে, পৌৰ নিগমে মাত্ৰ গুৱাহাটীৰ ২৫ শতাংশ মানুহকহে খোৱা পানী যোগান ধৰে ।

তেওঁ কয় যে, গুৱাহাটী পৌৰ নিগমৰ অধীনত তিনিটা পানী যোগান প্ৰকল্প আওপুৰণি হৈ পৰিছে । সদ্যহতে প্ৰকল্পকেইটাৰ মেৰামতিৰ কাম চলি আছে । তাৰ বাবে চৰকাৰকো পুজি যোগান ধৰাৰ বাবে আবেদন জনোৱা হৈছে । তেওঁ লগতে জনায় যে, পৰৱৰ্তী দুবছৰৰ ভিতৰত গুৱাহাটী পৌৰ নিগমৰ অধীনত তিনিটা পানী যোগান প্ৰকল্প জলবোৰ্ডলৈ হস্তান্তৰ কৰিব লাগিব । যাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ অধীনত তিনিটা পানী যোগান প্ৰকল্পৰ উন্নত কৰাৰ ওপৰত পৌৰ নিগমে বৰ বিশেষ গুৰুত্ব দিয়া নাই ।

জলবোৰ্ডে এই প্ৰকল্পকেইটা পিছত কি কৰে সেয়া জলবোৰ্ডে নিৰ্দ্ধাৰণ কৰিব । ইপিনে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জুৰোডত থকা মহানগৰ পানী যোগান আৰু অনাময় পৰিষদৰ পানীযোগান প্ৰকল্পটো আওপুৰনি হৈ পৰিছে । যাৰ বাবে প্ৰকল্পকেইটাৰ পানী যোগান ক্ষমতা পূৰ্বৰ তুলনাত হ্ৰাস পাই আহিছে । এনে পৰিপ্ৰেক্ষিতত মহানগৰীৰ অধিকাংশ লোকে খোৱাপানীৰ বাবে পানীৰ ব্যৱসায়ীৰ ওচৰতে হাত পাতিব লাগে।

কিন্তু এই পানী খোৱাৰ কিমান উপযোগী তাক লৈ সন্দেহৰ অৱকাশ আছে । কাৰণ ব্যৱসায়ীয়ে নিজৰ ইচ্ছামতে দাম নিৰ্দ্ধাৰণ কৰা খোৱাপানীসমূহ পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা নাই, তদুপৰি উক্ত পানী তেওঁলোকে ক’ৰ পৰা সংগ্ৰহ কৰি আনে তাৰো কোনো ঠিকনা নাথাকে । বৰ্তমান গুৱাহটীত প্ৰায় ১০ হাজাৰ অটোভানে দৈনিক খোৱাপানী যোগান ধৰে । ইপিনে গুৱাহাটীত যধেমধে বৰিঙৰ জৰিয়তে পানী আহৰণ কৰি থকাৰ ফলত গুৱাহাটীৰ বিভিন্ন ঠাইত ভূগৰ্ভস্থৰ পানী শুকাই অহাৰ লগতে বহুত তললৈ নামি গৈছে ।

যাৰ বাবে গুৱাহাটীত বিভিন্ন ঠাইত দমকল অথবা কুৱাৰ পানী শুকাই গৈছে । শেহতীয়াভাৱে বিভিন্ন ৰাজহুৱা অভিযোগৰ ভিত্তিত অনুমতি অবিহনে মহানগৰীত ভূগৰ্ভস্থৰ পানী বৰিংৰ জৰিয়তে আহৰণত কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছিল । কিন্তু পিছত হঠাৎ এই নিষেধাজ্ঞা কামৰূপ মহানগৰ জিলা প্ৰশাসনে উঠাই লয় । উল্লেখযোগ্য যে, ২০১০ চনৰ পৰা চলি থকা বৃহৎ গুৱাহাটী পানী যোগান প্ৰকল্পকেইটা আজিলৈকে সম্পূৰ্ণ উঠাৰ মুখ দেখা নাই ।

ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী উত্তোলন কৰি গুৱাহাটীবাসীক ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰাৰ বাবে যোৱা ৮-৯ বছৰৰ ধৰি চলি থকা চাৰিটা পানী যোগান প্ৰকল্পৰ কাম চৰম দুৰ্নীতি আৰু অনিয়মৰ বাবে এটাও প্ৰকল্প সম্পূৰ্ণ হোৱা নাই । ২০১০ চনতে আৰম্ভ হোৱা পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ বহু পানীৰ পাইপ বেয়া হৈ পৰিছে । আকৌ জাইকাৰ বিত্তীয় সাহাৰ্যৰে ২০১২ চনৰ পৰা কৰি থকা কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ কামত সংঘটিত দুৰ্নীতিৰ তদন্ত চলি আছে ।

আনহাতে পূব গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম দুবছৰ ধৰি বন্ধ হৈ আছে । যোৱা সোমবাৰে বিধানসভাৰ বাহিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, চলিত বছৰৰ ভিতৰত জাইকাৰ বিত্তীয় সাহাৰ্যৰে ২০১২ চনৰ পৰা কৰি থকা কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে গুৱাহাটীৰ মানুহক খোৱাপানী যোগান ধৰা হ'ব । কিন্তু দুৰ্নীতিৰ তদন্ত চলি থকা জাইকাৰ বিত্তীয় সাহাৰ্যৰে ২০১২ চনৰ পৰা কৰি থকা কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ বৰ্তমান ৬০শতাংশ কামহে সম্পূৰ্ণ হৈছে ।

এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীগৰাকীয়ে কিহৰ ভিত্তিত চলিত বছৰৰ ভিতৰত জাইকাৰ বিত্তীয় সাহাৰ্যৰে ২০১২ চনৰ পৰা কৰি থকা কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ জৰিয়তে গুৱাহাটীৰ মানুহক খোৱাপানী যোগান ধৰিব ।

লগতে পঢ়ক: Air pollution in Puranigudam: বায়ু প্ৰদূষণৰ কবলত বৃহত্তৰ পুৰণিগুদামৰ বহুকেইখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.