ETV Bharat / state

নিচাৰ মায়াই বৰপেটাৰোডত উপস্থিত কৰোৱালে গুৱাহাটীৰ যুৱকৰ দলক - mission against drugs

Anti drugs mission: গুৱাহাটী পৰা গৈ বৰপেটাৰোডত উপস্থিত যুৱকৰ দল ৷ উদ্দেশ্য ড্ৰাগছ সেৱন ৷ আৰক্ষীৰ জালত ড্ৰাগছ সেৱনকাৰী ৷

DRUGS PEDDLER ARRESTED
নিচাৰ মায়াই বৰপেটাৰোডত উপস্থিত কৰোৱালে গুৱাহাটীৰ দিগন্তক (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 17, 2024 at 1:13 PM IST

2 Min Read
Choose ETV Bharat
নিচাৰ মায়াই বৰপেটাৰোডত উপস্থিত কৰোৱালে গুৱাহাটীৰ দিগন্তক (ETV BHARAT ASSAM)

বৰপেটাৰোড, 17 মে’ : ৰাজ্যৰ যুৱ প্ৰজন্ম হতাশাজনকভাবে আকৃষ্ট হৈছে মাৰাত্মক সামাজিক ব্যাধি ড্ৰাগছৰ প্ৰতি ৷ ড্ৰাগছৰ বাবেই গুৱাহাটীৰ পৰা বৰপেটাৰোডত গৈ উপস্থিত হ’ল গুৱাহাটীৰ যুৱক ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, গুৱাহাটীৰ উজান বজাৰৰ পৰা তিনিজনীয়া যুৱকৰ দল এটিয়ে বৰপেটাৰোডলৈ আহিছিল ড্ৰাগছ সেৱন কৰিবলৈ ৷

ড্ৰাগছ সেৱন কৰি থকা সময়তে দলটোৰ এজন ড্ৰাগছ আসক্ত যুৱকক স্থানীয় লোকে ধৰিবলৈ সক্ষম হয় আৰু বৰপেটাৰোড আৰক্ষীক গতাই দিয়ে ৷ ড্ৰাগছ আসক্ত যুৱকজনৰ নাম দিগন্ত ডেকা ৷

DRUGS PEDDLER ARRESTED
নিচাগ্ৰস্ত দিগন্তক (ETV BHARAT ASSAM)

বৰপেটাৰোডৰ চেম্পিয়ন জীম কেন্দ্ৰৰ কাষত শুকুৰবাৰে পুৱা ড্ৰাগছ আসক্ত যুৱকৰ দলটোৱে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে জিমলৈ অহা লোকে প্ৰত্যক্ষ কৰি দলটোৰ দিশে আগবাঢ়ি যায় আৰু এজনক ধৰিবলৈ সক্ষম হয় যদিও দলটোত থকা বাকীকেইজন যুৱক পলাই যাবলৈ সক্ষম হয় ৷

কৰায়ত্ত যুৱকজনক পৰৱৰ্তী সময়ত স্থানীয় লোকে বান্ধি ৰাখি বৰপেটাৰোড আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে যুৱকজনক থানালৈ লৈ যায় ৷ অভিযোগ অনুসৰি ড্ৰাগছ সেৱন কৰা যুৱকৰ দলটোৰ ভিতৰত মোবাইল চোৰও আছিল ৷

DRUGS PEDDLER ARRESTED
দিগন্ত ডেকা (ETV BHARAT ASSAM)

ইপিনে বৰপেটাৰোডত এই দৃশ্য সুলভ হৈ পৰিছে বুলি স্থানীয় লোকে আক্ষেপ প্ৰকাশ কৰে ৷ বৰপেটাৰোড আৰক্ষীক এইক্ষেত্ৰত কঠোৰ হ’বলৈ অনুৰোধ জনায় স্থানীয় সচেতন মহলে ৷ ৰেলৰ পৰা ম’বাইল চুৰি কৰি ড্ৰাগছ সেৱন কৰে বুলি অভিযোগ কৰি গুৱাহাটীৰ পৰা কেৱল ড্ৰাগছ সেৱন কৰাৰ উদ্দেশ্যৰেই বৰপেটাৰোডত আহি উপস্থিত হোৱাটো কিমান ভয়ংকৰ আৰু আশ্চৰ্যকৰ কথা অনুধাৱন কৰি আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ তথা ঠাইডোখৰৰ পৰা ড্ৰাগছৰ মুকলি বেহা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: অস্ত্ৰোপচাৰ কৰি পেটৰ ভিতৰত কোনে সৰবৰাহ কৰিলে ক’কেইন ? - Cocaine drugs smuggling