ETV Bharat / state

Air pollution in Puranigudam: বায়ু প্ৰদূষণৰ কবলত বৃহত্তৰ পুৰণিগুদামৰ বহুকেইখন গাঁও

author img

By

Published : Mar 22, 2022, 4:23 PM IST

বায়ু প্ৰদূষণৰ কবলত বৃহত্তৰ পুৰণিগুদামৰ বহুকেইখন গাঁও (Villages are affected by air pollution in Puranigudam) । ৰাইজৰ বিভিন্ন আবেদন-নিবেদন, প্ৰতিবাদক আওকাণ কৰি কোম্পানী কতৃপক্ষই অনিশ্চিত ভৱিষ্যতৰ দিশে ঠেলি দিছে অঞ্চলবাসীক ।

kashorigaon pollution by 4way company
বায়ু প্ৰদূষণৰ কবলত বৃহত্তৰ পুৰণিগুদামৰ অঞ্চল কেইবাখনো গাওঁ

নগাঁও,২২ মাৰ্চ: নগাঁও জিলাৰ পুৰণিগুদামৰ কাষৰিগাঁও, কলংপাৰ হালোৱাগাঁও আদি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ জীৱন তথা জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে গুৰু-গোঁসাই নমনা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় নিৰ্মাণত নিয়োজিত এটা বিশেষ কোম্পানীয়ে । ভুক্তভোগী স্থানীয় ৰাইজৰ প্ৰশ্ন, ক'ত লুকাল ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড ?

দিনতটো বাদেই, কাষৰিগাঁৱত নিশাৰ আকাশৰ ভয়াবহ প্ৰদূষণৰ দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰো ! এনেদৰেই বিগত বহু কেইদিন নিশা পুৰণিগুদামৰ কাষৰিগাঁও আৰু কলংপাৰ হালোৱাগাঁও আদি বৃহত্তৰ অঞ্চলত চানি ধৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত নিয়োজিত কোম্পানী পি.আৰ.এল.ৰ আলকাতৰা গলোৱা এটা বৃহৎ যন্ত্ৰৰ পৰা অস্বাভাৱিক ভাৱে নিৰ্গত হোৱা ক'লা ধোঁৱায়ে (Villages are affected by air pollution in Puranigudam) ।

বায়ু প্ৰদূষণৰ কবলত বৃহত্তৰ পুৰণিগুদামৰ অঞ্চল কেইবাখনো গাওঁ

সকলো নীতি-নিয়ম পৰিহাৰ কৰি নিজ খেয়ালখুচি মতে পি.আৰ.এল. কোম্পানীয়ে দিনে-নিশাই কৰা এনে ভয়াবহ বায়ু প্ৰদূষণৰ কবলত পৰি এতিয়া ত্ৰাহিমধুসূধন সোঁৱৰিছে অঞ্চলবাসীয়ে ৷ চৰম ভাবুকি নামি আহিছে অঞ্চলটোৰ শিশু-বৃদ্ধকে আদি কৰি সৰ্বসাধাৰণ ৰাইজৰ স্বাস্থ্যৰ প্ৰতি ।

ৰাইজৰ বিভিন্ন আবেদন-নিবেদন, প্ৰতিবাদক আওকাণ কৰি কোম্পানী কতৃপক্ষই অনিশ্চিত ভৱিষ্যতৰ দিশে ঠেলি দিছে অঞ্চলবাসীক । ইমানৰ পিছতো মইমতালিৰ চৰম সীমা অতিক্ৰম কৰা পি.আৰ.এল. কোম্পানীৰ বিৰুদ্ধ কিন্তু অতি ৰহস্যজনক ভাৱে মৌন প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড !

যাৰ বাবে উপায়হীন হৈ সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক বিষয়টো দৃষ্টিগোচৰ কৰোৱাই নহয়, উঠি ৰজা-বহি ৰজা সংশ্লিষ্ট কোম্পানীটোৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহন কৰাৰ লগতে যিকোন উপায়েৰে ৰাইজক ভয়াবহ প্ৰদূষণৰ পৰা উদ্ধাৰ কৰিবলৈ স্থানীয় সচেতন মহলে আহ্বান জনাইছে ।

লগতে পঢ়ক: Lahorighat Police thrash minor : ASI উপেন চন্দ্ৰ বৰদলৈক নিলম্বন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.