হোজাইতো ৰেমলৰ প্ৰভাৱ: ব্যাহত যোগাযোগ-বিদ্যুৎ যোগান - Cyclone Remal - হোজাই

🎬 Watch Now: Feature Video

thumbnail
হোজাইতো ৰেমলৰ প্ৰভাৱ: ব্যাহত যোগাযোগ-বিদ্যুৎ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 28, 2024 at 9:14 PM IST

1 Min Read
Choose ETV Bharat

হোজাই, 28 মে’: ৰেমলৰ প্ৰভাৱত আতংকিত হৈ আছে ৰাজ্যবাসী ৷ সোমবাৰৰ পৰা ৰাজ্যৰ প্ৰায় সকলোতে বতাহ-বৰষুণ-ধুমুহা পৰিলক্ষিত হৈছে ৷ এই পৰ্যন্ত তিনিগৰাকীৰ মৃত্যুৰ লগতে আহত হৈছে বহুতো ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাতো সোমবাৰে নিশাৰে পৰা প্ৰৱল ধুমুহা আৰু ধাৰাসাৰ বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে ৷ ধুমুহাৰ ফলত মঙলবাৰে ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল গছ ৷ তদুপৰি ডবকাৰ হাইস্কুল-থানা সংযোগী পথটোতো বাগৰিল গছৰ লগতে বিদ্যুতৰ তাঁৰ । যাৰ ফলত ঘণ্টা-ঘণ্টা ধৰি যাতায়ত ব্যাহত হৈ পৰাৰ লগতে বিদ্যুৎ সংযোগো ব্যাহত হৈ পৰে ।

উল্লেখ্য যে ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱত ৰাজ্যত হোৱা ধুমুহাত এই পৰ্যন্ত তিনিগৰাকীকৈ লোকৰ মৃত্যুৰ খবৰ লাভ কৰা গৈছে ৷ বিভিন্ন ঠাইত গছ ভাগি পৰি যাতায়ত ব্যাহত হোৱাৰ লগতে ব্যাহত হৈ আছে বিদ্যুৎ সংযোগ ৷

লগতে পঢ়ক: পৰীক্ষা দিবলৈ গৈ উভতি আহিল কৌশিকৰ ৰক্তাক্ত দেহ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details