ETV Bharat / city

জনতাক মাধমাৰ: ৫০টকাকৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধি

author img

By

Published : Mar 22, 2022, 8:06 PM IST

এতিয়াৰে পৰা হাজাৰ টকাৰ ওপৰত গ্ৰাহকে ক্ৰয় কৰিব লাগিব ৰন্ধন গেছৰ ছিলিণ্ডাৰ (LPG cylinder price increased ) ৷ ৪ মাহৰ মূৰত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম ।

lpg-cylinder-price-increased
জনতাক মাধমাৰ : ৫০টকাকৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধি

গুৱাহাটী, ২২ মাৰ্চ : মূল্যবৃদ্ধিয়ে জুৰুলা কৰা জনতাৰ ওপৰত পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ । সোমবাৰে নিশাৰে পৰা ৫০টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ ছিলিণ্ডাৰ মূল্য। প্রতিটো ঘৰুৱা ছিলিণ্ডাৰত বৃদ্ধি হৈছে এই মূল্য (LPG cylinder price hike)। বৰ্তমান এটা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৯৯৮.৫০ টকা । উল্লেখ্য যে গ্ৰাহকে এতিয়াৰে পৰা হাজাৰ টকাৰ ওপৰত ক্ৰয় কৰিব লাগিব ৰন্ধন গেছৰ ছিলিণ্ডাৰ ।

গুৰুত্বপূৰ্ণ কথা যোৱা ৬ অক্টোবৰত বৃদ্ধি হৈছিল ঘৰুৱা ৰন্ধন গেছৰ মূল্য। তাৰ পিছত প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হৈছিল ৯৪৮.৫০ টকা । বিগত বৰ্ষৰ মাৰ্চৰ পৰা আজিলৈ এবছৰত মুঠ ১৩০ টকা ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে । বিগত বৰ্ষৰ মাৰ্চত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৮৬৪ টকা, এপ্ৰিলত ৮৫৮, জুনত ৮৫৮, জুলাইত ৮৮৩.৫০, আগষ্টত ৯০৮.৫০, ছেপ্তেম্বৰত ৯৩৩.৫০, অক্টোবৰত ৯৪৮.৫০ লৈ মূল্য বৃদ্ধি পাইছে ।

জনতাক মাধমাৰ : ৫০টকাকৈ ৰন্ধন গেছৰ মূল্য বৃদ্ধি

ইপিনে, ৪ মাহৰ মূৰত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম (Fuel price hike in Assam) । গুৱাহাটীত ৮৮ পইচাকৈ বৃদ্ধি হ’ল পেট্ৰ’লৰ মূল্য আৰু ৬৯ পইচাকৈ বৃদ্ধি পালে ডিজেলৰ মূল্য ৷
উল্লেখ্য যে, ৰাজ্যত অহা ১ এপ্ৰিলৰ পৰা বিদ্যুতৰ প্ৰতি ইউনিটৰ মাচুল বৃদ্ধি পাব ৫৯ পইচাকৈ (Electricity price hike) । প্ৰায় সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি হোৱাৰ পিছত স্বাভাৱিকতেই এতিয়া সাধাৰণ ৰাইজৰ মূৰতে সৰগ ভাঙি পৰা সদৃশ সৰিস্থিতিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : Lalu Prasad Yadav health update : উন্নত চিকিৎসাৰ বাবে লালুপ্ৰসাদ যাদৱক প্ৰেৰণ কৰা হ’ব দিল্লীলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.