ETV Bharat / state

Sensational murder at Gohpur: পত্নীক মৰিয়াই মৰিয়াই হত্য়া পাষাণ স্বামীৰ; গণপ্ৰহাৰত প্ৰাণ গ’ল হত্যাকাৰী স্বামীৰ

author img

By

Published : Feb 9, 2023, 7:21 AM IST

Sensational murder at Gohpur
দুটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল গহপুৰ

এক নৃশংস হত্যাকাণ্ডক লৈ গহপুৰত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ (Sensational murder at Gohpur) ৷ পাৰিবাৰিক সংঘাতৰ বাবেই স্বামীয়েই মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্য়া কৰিলে পত্নীক ৷ আনফালে, গণপ্ৰহাৰত প্ৰাণ গ’ল হত্যাকাৰী স্বামীৰ ৷

দুটাকৈ হত্যাকাণ্ডই জোকাৰি গ’ল গহপুৰ

বিশ্বনাথ, 9 ফেব্ৰুৱাৰী: এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাই কঁপাইছে গহপুৰ ৷ পাৰিবাৰিক সংঘাতৰ বাবেই স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ (Sensational murder at Gohpur) ৷ অতি নৃশংসভাৱে পত্মীক মৰিয়াই মৰিয়াই হত্যা কৰিলে পাষাণ স্বামীয়ে ৷ আনহাতে, ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল হত্যাকাৰী স্বামীৰ ৷ বুধবাৰে সংঘটিত হোৱা হত্যাকাণ্ডক লৈ বৰ্তমানেও উত্তেজনা অব্যাহত ৷

উল্লেখ্য যে, বুধবাৰে পুৱা গহপুৰৰ মাগনিৰ ৰহঢলা বস্তিত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা (Murder at Magoni Gohpur) ৷ মন্তোষ গৌড় নামৰ লোকজনে পাৰিবাৰিক সংঘাতৰ বাবে হত্যা কৰে পত্নীক (Husband killed wife at Gohpur) ৷ ঘটনা অনুসৰি, মঙলবাৰে নিশা স্বামী মন্তোষ গৌড় আৰু পত্নী সোনালী বৈষ্ণৱৰ মাজত সূত্ৰপাত হয় কাজিয়াৰ ৷ কিন্তু উত্তেজিত হৈ স্বামীয়ে অতি বেয়াকৈ প্ৰহাৰ কৰে পত্নীক আৰু অৱশেষত স্বামীৰ উপৰ্যুপৰি প্ৰহাৰৰ ফলত মৃত্যু হয় পত্নী সোনালী বৈষ্ণৱৰ (Brutal Murder at Gohpur) ৷

ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পাচতেই বুধবাৰে পুৱা ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক ৷ হত্যাকাৰী স্বামীক একাংশ স্থানীয় লোকে আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ পৰৱৰ্তী পৰ্যায়ত স্থানীয় ৰাইজে মন্তোষ গৌড়ক মাৰধৰ কৰি গতাই দিয়ে আৰক্ষীক ৷ কিন্তু ৰাইজৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মন্তোষ গৌড়ৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় (Gohpur murder case) ৷

অভিযোগ অনুসৰি এবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা মন্তোষ গৌড় আৰু পত্নী সোনালী বৈষ্ণৱৰ মাজত প্ৰায়েই সূত্ৰপাত হৈছিল কাজিয়াৰ ৷ মন্তোষ গৌড়ে সুৰাপান কৰি পত্নীক দৈনিক মাৰপিট কৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগতে সোনালী বৈষ্ণৱৰ পৰিয়ালৰ লোকে ৷ আন দিনৰ দৰে মঙলবাৰে নিশাও পতি-পত্নীৰ মাজত সৃষ্টি হৈছিল কাজিয়াৰ ৷

সেই কাজিয়াৰ পৰিণতিতে পাষাণ স্বামীয়ে মৰিয়াই মৰিয়াই প্ৰাণ ল’লে পত্নীৰ (Drunk husband killed wife) ৷ আনফালে, ৰাইজৰ আক্ৰমণত প্ৰাণ গ’ল স্বামীৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বৰ্তমানেও বিৰাজ কৰি আছে উত্তেজনাই ৷ ইফালে, আৰক্ষী আৰু দণ্ডাধিশৰ উপস্থিতিত দুয়োটা মৃতদেহ বুধবাৰে প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷ লগতে গহপুৰ আৰক্ষীয়ে দুয়োটা হত্যাকাণ্ড সন্দৰ্ভত ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: Two groups clash over ducks: গোৱালপাৰাত হাঁহক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.