ETV Bharat / state

Electricity theft in Gohpur : চুৰি কৰি বিদ্যুৎ সংযোগ কৰা লোকৰ ক্ষেত্ৰত কঠোৰ শক্তি বিভাগ

author img

By

Published : Jul 23, 2023, 2:01 PM IST

গহপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগত ঠিকাদাৰৰ বিদ্যুৎ চুৰি । শক্তি জব্দ কৰিলে তাঁৰ সহ যন্ত্ৰ-পাতি ।

Electricity theft in Gohpur
চুৰি কৰি বিদ্যুৎ সংযোগ কৰা লোকৰ ক্ষেত্ৰত কঠোৰ শক্তি বিভাগ

চুৰি কৰি বিদ্যুৎ সংযোগ কৰা লোকৰ ক্ষেত্ৰত কঠোৰ শক্তি বিভাগ

গহপুৰ, 23 জুলাই: গহপুৰৰ বিভিন্ন প্ৰান্তত অবৈধভাৱে চলি আছে চুৰি বিদ্যুৎ সংযোগ । কৰবাত যদি হাকোটাৰে আন কৰবাত আকৌ বিনা অনুমতিত বিদুৎ ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে একাংশ দুষ্ট চক্ৰই । শেহতীয়াকৈ চুৰি বিদ্যুৎ সংযোগৰ অন্য এক ঘটনা পুনৰ পোহৰলৈ আহিছে । গহপুৰ বিধানসভা সমষ্টিৰ কলাবাৰী 1 নং দলা দলনীত কোটিটকীয়া আঁচনি নিৰ্মাণৰ নামত জনৈক লক্ষ্যজিৎ নামৰ লখিমপুৰৰ ঠিকাদাৰ এজনে বিদ্যুৎ বিভাগক কৰ ফাঁকি দি বিভাগৰ অগোচৰে চুৰিকৈ বিদ্যুৎ ব্যৱহাৰ কৰি আহিছিল বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোকে ।

ইফালে, এই অভিযোগ লাভ কৰাৰ পিচতে শনিবাৰে বিদ্যুৎ বিভাগৰ কৰ্মীয়ে বিদ্যুৎ চুৰি কৰি ভোগ কৰা কাৰ্যক হাতে-লোটে ধৰা পেলায় আৰু ইয়াৰ পিচতে শক্তি বিভাগে বিদ্যুৎ কৰ্তন কৰাৰ লগতে তাঁৰ, মেচিন, ফেন আদি জব্দ কৰিবলৈ সক্ষম হয় ৷ শক্তি বিভাগৰ কৰ্মচাৰীয়ে সামগ্ৰীসমূহ জব্দ কৰি গহপুৰ বিদুৎ সংমণ্ডললৈ লৈ যায় । অন্যহাতে, আঁচনিখন নিৰ্মাণৰ নামতো ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । একঁকাল পানীত বীম নিৰ্মাণ কৰাৰ লগতে লোহাৰ জালি পাঁচ ইঞ্চি দিয়াৰ বিপৰীতে আঠ ইঞ্চি দিয়া বুলিও কয় সচেতন ৰাইজে ।

বিভাগীয় নীতিৰ বিপৰীতে অনিয়ম সংঘটিত কৰি ঠিকাদাৰে কাম কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত । এনেদৰে গহপুৰত বহু আঁচনি ৰূপায়ণত ঠিকাদাৰে অনিয়ম সংঘটিত কৰি আহিছে কিন্তু ইয়াৰ বিপৰীতে বিভাগীয় বিষয়া-কৰ্মচাৰীয়ে চকু মুদা কুলীৰ ভাৱ ধৰি আহিছে বুলি কয় স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Draught weather in Assam : হোজাইৰ পথাৰত চিৰাল ফাঁট; মূৰে কপালে হাতে দিছে কৃষকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.