ETV Bharat / state

Draught weather in Assam : হোজাইৰ পথাৰত চিৰাল ফাঁট; মূৰে কপালে হাতে দিছে কৃষকে

author img

By

Published : Jul 23, 2023, 10:36 AM IST

হোজাইৰ পথাৰত চিৰাল ফাঁট । মূৰে কপালে হাতে দিছে চহা কৃষকে । ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান কৃষি বিভাগক ৷

Drought situation in Nagaon
হোজাইৰ পথাৰত চিৰাল ফাঁট

হোজাইৰ পথাৰত চিৰাল ফাঁট

হোজাই, 23 জুলাই : শাওন মাহ অহাৰ পিছতো পথাৰত নাই পানী । যাৰ বাবে নগাঁৱৰ হোজাইৰ লংকাৰ জুঠাংবস্তিৰ খেতিয়কসকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । পথাৰত পানীৰ অভাৱত শস্য ৰোপণ কৰিব নোৱাৰি মূৰে কপালে হাত দিবলগীয়াত পৰিছে খেতিয়কে ৷ উল্লেখ্য যে, উক্ত বৃহৎ অঞ্চলটোৰ ৰাইজ মুখ্যতঃ কৃষিজীৱী ৷ গাঁৱৰ এইসকল খেতিয়কে বতৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই খেতি কাৰ্য সমাপন কৰে । কিন্তু এইবাৰ কঠিয়াতলীত কঠীয়া ৰ'দৰ তপত জ্বলি যোৱা আৰু পথাৰত পানী নথকাৰ ফলত শস্য ৰোপণ কৰিব নোৱাৰি মূৰে কপালে হাত দিবলগীয়া হৈছে স্থানীয় কৃষকে ।

আনহাতে আকৌ, প্ৰখৰ খৰাংৰ পৰা পৰিত্ৰাণ পাবৰ বাবে জুঠাংবস্তি অঞ্চলৰ ৰাইজে আযোজন কৰিছে ভেকুলী বিয়াৰ । ৰাইজৰ পৰা দান বৰঙনি সংগ্ৰহ কৰি স্থানীয় মহিলাই পাতিছে ভেকুলীৰ বিয়া । লোক বিশ্বাস আছে যে, ভেকুলীৰ বিয়া পাতিলে বৰষুণ হয় । ভেকুলীৰ বিয়া পাতি এজাক বৰষুণৰ আশাত ৰৈ আছে লংকাৰ খেতিয়ক ৰাইজ । বছৰৰ পিচত বছৰ ধৰি সংশ্লিষ্ট খেতিয়কসকলে চৰকাৰী কোনো আঁচনিৰ সা-সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰে ৷

ইয়াৰ পিচত প্ৰশ্ন উত্থাপন হৈছে চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগ ক’ত হৰলুকী । আজি ভাৰত স্বাধীন হোৱাৰ 75 বছৰ পিছতো কিয় উক্ত অঞ্চলত নিৰিবিকাৰ স্থিতিত অসম চৰকাৰৰ জলসিঞ্চন বিভাগ । খেতিয়কক কিয় পানী যোগান আঁচনিৰ পানী লাভ কৰা নাই বুলিও প্ৰশ্ন উত্থাপন হৈছে । কৃষিজীৱী লোকসকলক জীয়াই ৰখাৰ স্বাৰ্থত জলসিঞ্চন বিভাগক পানী যোগান ধৰিবলৈ আহ্বান জনায় ৷

তাৎপৰ্যপূৰ্ণ বিষয় যে, খৰাং বতৰত পথাৰৰ চিৰাল ফাট সন্দৰ্ভত বাতৰি পৰিবেশন হোৱাৰ পিছতে পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে উপস্থিত হয় এটা কৃষি বিষয়াৰ দল । পথাৰসমূহ নিৰীক্ষণ কৰাৰ লগতে কৃষকসকলক কৃষি আঁচনিৰ অধীনত বীমা কৰিবলৈ পৰামৰ্শ দিয়ে কৃষি বিষয়াই ।

লগতে পঢ়ক : Bangladesh bus accident: পুখুৰীত বাছ বাগৰি 17 জন লোকৰ মৃত্যু, আহত 35

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.