ETV Bharat / state

কলগাছিয়াত ভাৰত ত্যাগ দিৱস পালন

author img

By

Published : Aug 9, 2021, 5:37 PM IST

সোমবাৰে কলগাছিয়াৰ ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত ভাৰত ত্যাগ দিৱস আৰু যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উদযাপন । মুক্তিযোদ্ধাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে । লগতে ব্ৰিটিছৰ শাসনৰ পৰা দেশক মুক্ত কৰাৰ বাবে যুঁজ দিয়া সকলো মুক্তি যুঁজাৰুৰ কৰ্মৰাজিৰ বিষয়ে স্মৰণ কৰে ।

Youth Congress foundation day celebration
কলগাছিয়াত ভাৰত ত্যাগ দিৱস আৰু যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন

জনীয়া, ৯ আগষ্ট : সমগ্ৰ দেশতে আজি পালন কৰা হৈছে ভাৰত ত্যাগ দিৱস । সমান্তৰালকৈ কংগ্ৰেছে যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱসো উদযাপন কৰিছে । বৰপেটাৰ কলগাছিয়াতো ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত ভাৰত ত্যাগ দিৱস পালন কৰা হয় । যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কলগাছিয়াৰ ৰাজীৱ ভৱনত পতাকা উত্তোলন কৰি অনুষ্ঠানৰ আৰম্ভণি কৰা হয় । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহবান মৰ্মে বৰপেটা জিলাৰ ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ।

ভাৰতৰ স্বাধীনতাৰ হকে যুঁজি প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । আজিৰ প্ৰেক্ষাপটত ভাৰত ত্যাগ আন্দোলনৰ প্ৰাসংগিকতা সন্দৰ্ভত বক্তব্য আগবঢ়াই ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ড৹ ছেৰমান আলি আহমেদে জনগণক নিজৰ অধিকাৰৰ প্ৰতি সচেতন হ'বলৈ আহবান জনায় । ৰাজ্যৰ আন আন জিলাতো আজি ভাৰত ত্যাগ দিৱস পালন কৰা হৈছে । ১৮৫৭ৰ পৰা ১৯৪৭ চনলৈকে দেশৰ স্বাধীনতাৰ হকে বহু আন্দোলন হৈছে যদিও ভাৰত ত্যাগ আন্দোলন আছিল অন্যতম ।

কেৱল ভাৰতৰ বাবেই নহয়, আফ্ৰিকা আৰু এছিয়াৰ ঔপনিৱেশিক শাসন চলি থকা দেশবোৰৰ স্বাধীনতাৰ ক্ষেত্ৰতো এই আন্দোলনে প্ৰেৰণা যোগাইছিল ।

ব্ৰিটিছ শাসনৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰত ত্যাগ আন্দোলনত স্ব-ইচ্ছাৰে দেশৰ জনগণে অংশ লৈছিল আৰু দেশক স্বাধীন কৰাৰ সংকল্প লৈছিল । এই প্ৰচেষ্টাৰ ফল ভাৰতে ১৯৪৭ত পাইছিল, যেতিয়া ভাৰত স্বাধীন হৈছিল । ইংৰাজৰ অধীনৰ পৰা মুকলি হৈছিল ভাৰতবাসী । সেয়ে, দেশবাসীয়ে সেই সময় তথা এই যুঁজক সফল কৰি তোলা স্বাধীনতা সংগ্ৰামীৰ কষ্ট, ত্যাগক কেতিয়াও পাহৰিব নোৱাৰে ।

লগতে পঢ়ক: বিছাই নিদ্ৰাহৰণ কৰিছে মৰিগাঁৱবাসীৰ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.