বিছাই নিদ্ৰাহৰণ কৰিছে মৰিগাঁওবাসীৰ

author img

By

Published : Aug 9, 2021, 2:22 PM IST

Updated : Aug 9, 2021, 5:48 PM IST

jute hairy terror in morigaon

মৰিগাঁৱৰ টেঙাগুৰি গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰা বিছা পোকে (Jute Hairy) নিদ্ৰা হৰিছে চহা কৃষকৰ ৷ মৰাপাট খেতি নষ্ট কৰাৰ পাচতে এইবাৰ শুৱনি কোঠালৈকে প্ৰৱেশ কৰিছে বিছা পোকে ৷ এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন...

মৰিগাঁও, 9 আগষ্ট : মৰিগাঁও জিলাৰ টেঙাগুৰি গাঁৱত এতিয়া বিছা পোক (Jute Hairy)ৰ সন্ত্ৰাস । বিঘাই বিঘাই মৰাপাটৰ খেতি নষ্ট কৰিছে বিছা পোকে । সম্পূৰ্ণৰূপে লঠঙা কৰিছে মৰাপাট (Jute) খেতি । এফালৰ পৰা বিছাই তহিলং কৰি গৈছে বাৰীৰ ফচল । আনকি শোৱনী কোঠা, পাকঘৰ, মজিয়া সকলোতে এতিয়া কেৱল বিছা আৰু বিছা ।

ঔষধ ছটিয়াই অথবা বাঢ়নীৰে সাৰিও খেদিব পৰা নাই জাক জাক বিছাক । বিছাৰ এই সন্ত্ৰাসৰ বাবে দুঃচিন্তাত পৰিছে চহা কৃষক আৰু তেওঁলোকৰ পৰিয়াল ৷ অতি কষ্টৰে ৰোপণ কৰা মৰাপাটৰ খেতিত লক্ষাধিক বিছাৰ আক্ৰমণ কৰাত লোকচানক লৈ শংকিত হৈ পৰিছে কৃষকসকল । ফলস্বৰূপে মূৰে-কপালে হাত দিবলগীয়া হৈছে একাংশ খেতিয়ক ৷

মৰিগাঁৱত বিছাৰ আতংক

লগতে পঢ়ক : ডাইনী নে আন কিবা : কিয় হত্যা কৰা হ’ল বেলা মাৰ্ডিক ?

বিছা পোকৰ এই আক্ৰমণৰ বাবে বিশেষকৈ সন্তানক লৈ শংকাত ভূগিছে গাঁৱৰ মহিলাসকল ৷ শৰীৰত আক্ৰমণ কৰাৰ আশংকাত ভূগিছে গাঁৱবাসীয়ে ৷ বিগত কেইবাদিনৰ পৰাই বিছাৰ জাকে নিদ্ৰা হৰিছে গ্ৰাম্য লোকসকলৰ ৷ বিছাৰ উপদ্ৰৱৰ বাবে পৰিয়ালৰ সৈতে ঘৰ-বাৰী এৰি এতিয়া নিৰাপদ ঠাইত আশ্ৰয় ল’বলগীয়া হৈছে নিৰুপায় কৃষকসকলে ৷

লগতে পঢ়ক : ৫০ বছৰীয়া ইতিহাসত নোহোৱা লাভ আহৰণ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ

Last Updated :Aug 9, 2021, 5:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.