৫০ বছৰীয়া ইতিহাসত নোহোৱা লাভ আহৰণ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ

author img

By

Published : Aug 8, 2021, 10:20 PM IST

assam-petrochemicals-limited-brings-good-news-for-unemployed-youth-earning-organizational-highest-profit

ৰাজ্যলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে অসম পেট্ৰ’কেমিকেল লিমিটেডে ৷ ৫০ বছৰীয়া ইতিহাসত সৰ্বোত্তম লাভ আহৰণ কৰিবলৈ সক্ষম হোৱা কোম্পানীটোৱে অচিৰেই নিবনুৱা যুৱক-যুৱতীৰ বাবে কৰ্ম সংস্থাপন মুকলি কৰিবলৈ সক্ষম হ’ব ৷

মৰাণ, 8 আগষ্ট : ৰাজ্যৰ আৰ্থনৈতিক ক্ষেত্ৰখনলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডে (Assam petrochemical limited) । অসম চৰকাৰৰ লাভজনক উদ্যোগ অসম পেট্ৰ’কেমিকেল লিমিটেডে বিগত বিত্তীয় বৰ্ষত (previous financial year) ২৫ কোটি টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

চলিত বিত্তীয় বৰ্ষৰ ত্ৰিমাসিক সমীক্ষা অনুসৰি কোম্পেনীটোৱে ৬ কোটি টকা লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ কোম্পানীটোৰ কৰ্তৃপক্ষই জনোৱা মতে, কোম্পানীটোৰ ৫০ বছৰীয়া ইতিহাসত এয়া সৰ্বোত্তম লাভ ৷ কোম্পানীৰ অধ্যক্ষ বিকুল ডেকাৰ নেতৃত্বত আৰু বিষয়া- কৰ্মচাৰী সকলৰ অক্লান্ত পৰিশ্ৰমৰ ফলত এই সফলতা সম্ভৱ হৈছে বুলি জানিবলৈ দিছে ৷

৫০ বছৰীয়া ইতিহাসত নোহোৱা লাভ আহৰণ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ

উল্লেখ্য যে, কোম্পানীটোৱে বিগত সময়ত পুৰণি বজাৰ সম্প্ৰসাৰণ(expansion of old market), পুৰণি গ্ৰাহকৰ সৈতে নতুন সমন্ধ স্থাপন আদি কাৰিকৰী বিষয়ত গুৰুত্ব আৰোপ কৰি বাণিজ্যিক স্থিতি সবল কৰি তুলিছে ।

আন্তঃৰাষ্ট্ৰীয় বজাৰত মিথানল(Methanol)ৰ উৰ্দ্ধগামী মূল্যইয়ো কোম্পানীটোক সকাহ প্ৰদান কৰিছে ৷ ইয়াৰ ওপৰিও এ পি এল(APL)ৰ নতুন ৫০০ টন দৈনিক উৎপাদনক্ষম মিথানল প্ৰকল্পৰ কাম শেষ পৰ্যায়ত উপনীত হৈছে ৷ সকলো ঠিকে ঠাকে থাকিলে চলিত বৰ্ষৰ শেষৰ ফালে মুকলি কৰা হ'ব কোম্পানীটোৰ বৰ্ধিত মিথানল প্ৰকল্প(extended methanol project)টো ।

নতুন প্ৰকল্পটো উৎপাদনক্ষম হ'লে এই লাভৰ পৰিমাণ পাঁচগুণ বৃদ্ধি হোৱাৰ লগতে বহু সংখ্যক নিবনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিব বুলি জানিবলৈ দিয়ে কোম্পানীটোৰ কৰ্তৃপক্ষই ।

লগতে পঢ়ক : বিজেপিক ৰুধিবলৈ মিত্ৰতাৰ দিশে কংগ্ৰেছ আৰু ৰাইজৰ দল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.