ডাইনী নে আন কিবা : কিয় হত্যা কৰা হ’ল বেলা মাৰ্ডিক ?

author img

By

Published : Aug 8, 2021, 10:51 PM IST

chirang witch hunting case
ডাইনী সন্দেহত পুনৰ প্ৰাণ হেৰুৱালে নিৰীহ মহিলাই ()

চিৰাঙত জঘন্য ঘটনা ৷ ডাইনীৰ সন্দেহত হত্যা ৬০ বছৰীয়া বৃদ্ধাক । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷

চিৰাং, 8 আগষ্ট : ৰাজ্যত পুনৰ ডাইনীৰ সন্দেহত হত্যাৰ বলি হ’ল এগৰাকী নিৰীহ মহিলা । চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত কুমগুৰী গাঁৱত শনিবাৰে নিশা এগৰাকী ষাঠি বছৰীয়া মহিলাক ডাইনীৰ সন্দেহত নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এই জঘন্য হত্যাকাণ্ডৰ সৈতে মহিলা গৰাকীৰ পৰিয়ালৰ লোক জড়িত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ।

নিহত মহিলা গৰাকী কুমগুৰী গাঁৱৰ বাসিন্দা বাজুন কিস্কুৰ পত্নী বালে মাৰ্ডি বুলি চিনাক্ত কৰা হৈছে । দেওবাৰে পুৱা প্ৰায় 9 বজাৰ পাচত ৰুণীখাতা থানাৰ আৰক্ষীয়ে খবৰ লাভ কৰি তিনিখনকৈ নদী পাৰ কৰি প্ৰায় তিনি কিলোমিটাৰ অতিকৈ দুৰ্গম অঞ্চলেৰে খোজকাঢ়ি গৈ কুমগুৰীৰ ঘটনা স্থলীত উপস্থিত হয় ।

ডাইনী সন্দেহত পুনৰ প্ৰাণ হেৰুৱালে নিৰীহ মহিলাই

স্থানীয় ৰাইজৰ অভিযোগৰ বিপৰীতে নিহত মহিলা গৰাকীৰ স্বামী বাজুন কিস্কুয়ে আৰক্ষীক জনায় যে শনিবাৰে নিশা ৯ বজাত আত্মীয়ৰ ঘৰৰ পৰা উভতি আহি ঘৰৰ চোতালত পত্নী বালে মাৰ্ডিক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখা পায় । তাৰ ওচৰৰ আত্মীয় আৰু বেলেগ গাঁৱত বসবাস কৰা পুত্ৰ কাৰ্তিক কিস্কুক খবৰ দিয়ে । কিন্তু কোনে কি পৰিস্থিতিত তেখেতৰ পত্নীক এনেদৰে ঘপিয়াই হত্যা কৰিলে সেই সন্দৰ্ভত অৱগত নহয় বুলি সদৰি কৰে বাজুন কিস্কুয়ে।

তাৰ পিছতে সমগ্ৰ হত্যাকাণ্ড ৰহস্যৰ আৱৰ্তত সোমাই পৰে । ৰুণীখাতা থানাৰ আৰক্ষীয়ে তদন্ত চলাই থকাৰ মাজতে গাঁওখনত আহি উপস্থিত হয় চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি ।

মহিলা গৰাকীক ডাইনী সন্দেহত হত্যা কৰা হৈছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত ৰুণীখাতা আৰক্ষী থানাৰ চক্ৰ বিষয়া ৰত্নেশ্বৰ বৰ্মনে কয় যে, এই হত্যাকাণ্ডটো ডাইনী সন্দেহত হৈছে নে নাই এয়া এই মূহুৰ্তত কব নোৱাৰি ৷ কিন্তু তদন্ত চলি আছে তাৰ পিছত ক’ব পৰা যাব প্ৰকৃততে হত্যাকাণ্ডৰ কোন জড়িত হৈ আছে ।স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ কৰা অনুসৰি বাজুন কিস্কুৰ পুতেক কাৰ্তিক কিস্কুৰ পত্নীৰ ডেৰ মাহ আগতে ডায়েৰীয়া হৈ মৃত্যু মুখত পৰিছিল ৷

তদুপৰি নিজৰ দুজন পুতেক প্ৰায়ে বেমাৰ আজাৰত আক্ৰান্ত হয় ৷ হয়তো কোনো বেজৰ কবলত পৰি অন্ধবিশ্বাসৰ বলি হৈ ডাইনী বুলি সন্দেহ কৰি পৰিয়ালৰ সদস্য সকলে নাইবা আন লোকৰ হতুৱাই এই হত্যাকাণ্ড সংঘটিত কৰিছে । কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মহিলাগৰাকীক নিজ ঘৰৰ চোতালতে কুঠাৰেৰে ঘপিয়াই হত্যা কৰি পেলাই থৈ যায় ।

ৰুণীখাতা থানাৰ আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত মৃতদেহটো কান্ধত তুলি প্ৰায় তিনি কিলোমিটাৰ পথ খোজকাঢ়ি আৰু তিনিখনকৈ নৈ পাৰ হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে ।

ৰুণীখাতা থানাৰ আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সৈতে জড়িত কোনো লোকক আটক কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে । ৰাজ্যৰ এনে পিচ পৰা তথা দুৰ্গম অঞ্চল সমূহত বৰ্তমানেও ডাইনী তথা আন কেতবোৰ অন্ধবিশ্বাসে মানুহক গ্ৰাস কৰি ৰাখিছে ৷ যাৰ ফলশ্ৰুতিত এইদৰে বিভিন্ন সময়ত প্ৰাণ হেৰুৱাব লগাত পৰিছে বালে মাৰ্ডিৰ দৰে বহুতে ৷

লগতে পঢ়ক : জোঁৱায়েকৰ দাৰ ঘাপত গুৰুতৰভাবে আহত শহুৰ-শাহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.