ETV Bharat / state

জোঁৱায়েকৰ দাৰ ঘাপত গুৰুতৰভাবে আহত শহুৰ-শাহু

author img

By

Published : Aug 8, 2021, 9:51 PM IST

জোঁৱায়েকৰ দাৰ ঘাপত গুৰুতৰ ভাবে আহত শহুৰ-শাহুৰ
জোঁৱায়েকৰ দাৰ ঘাপত গুৰুতৰ ভাবে আহত শহুৰ-শাহুৰ

কি হৈছে ৰাজ্যত ৷ প্ৰতিদিনে সংঘটিত হ’বলৈ ধৰিছে হিংসাত্মক ঘটনা ৷ কেতিয়াবা যদি কিশোৰীক ধৰ্ষণ কেতিয়াবা আকৌ যৌতুকৰ বাবে মহিলাক নিৰ্যাতন ৷ এইবাৰ আকৌ শহুৰ-শাহুৱেককে দাৰে ঘপিয়াই পলায়ন কৰিলে জোঁৱায়েকে ৷ সমগ্ৰ ঘটনাটো জানিবলৈ হ’লে আপুনি পঢ়িব লাগিব এই প্ৰতিবেদন ৷

নলবাৰী, 8 আগষ্ট : ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হত্যা-হিংসা, ধৰ্ষণ, ড্ৰাগছ সৰবাৰহৰ ঘটনা ৷ প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ইটোৰ পাছত সিটো বিক্ষিপ্ত ঘটনা ৷ এক প্ৰকাৰে ৰাজ্যত অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ক’ৰবাত যদি কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰিছে ৷ আন ক’ৰবাত আকৌ গাৰ্হস্থ্য হিংসাৰ বাবে মহিলাই আত্মহত্যা কৰাৰ ঘটনাই সংবাদ শিৰোনাম দখল কৰে ৷

এই সমূহ ঘটনা পোহৰলৈ অহাৰ মাজতে দেওবাৰে আন এক বিক্ষিপ্ত ঘটনা সংঘটিত হয় নলবাৰী জিলাত ৷ জোঁৱায়েকে হত্যাৰ চেষ্টা চলালে শহুৰ-শাহুৱেকক ৷ জানিবপৰা মতে, নলবাৰী জিলাৰ চামতাৰ খাতা ৰুপীয়াবাথান গাঁৱত জোঁৱায়েকে হত্যাৰ চেষ্টা চলায় শহুৰ-শাহু ক্ৰমে দিলীপ দাস আৰু কাকলি দাসক ৷ দেওবাৰে পুৱা পখুৰা নিৱাসী ৰূপম বৰ্মনে প্ৰায় 5 মান বজাত দিলীপ দাস আৰু কাকলি দাসৰ ঘৰত প্ৰৱেশ কৰি অতৰ্কিতে দাৰে ঘপিয়াই পলায়ন কৰে ৷

জোঁৱায়েকৰ দাৰ ঘাপত গুৰুতৰভাবে আহত শহুৰ-শাহু

লগতে পঢ়কঃ বিজেপিক ৰুধিবলৈ মিত্ৰতাৰ দিশে কংগ্ৰেছ আৰু ৰাইজৰ দল !

ঘটনাটো সংঘটিত হোৱাৰ পাছতে দিলীপ দাস আৰু কাকলি দাসৰ ঘৰৰ কাষৰীয়া স্থানীয় লোকে বেলশৰ আৰক্ষীক খবৰ দিয়ে ৷ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তেজেৰে লুতুৰি-পুতুৰি হৈ থকা দিলীপ দাস আৰু কাকলি দাসক উদ্ধাৰ কৰে ৷ সম্প্ৰতি দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ আয়ুৰচন্দ্ৰা হাস্পতালত ভৰ্তি কৰে ৷ উল্লেখযোগ্য যে, এই হিংসাত্মক ঘটনাটো পাৰিৱাৰিক কন্দলৰৰ বাবেই সংঘটিত হোৱা বুলি একাংশ স্থানীয় ৰাইজে উল্লেখ কৰে ৷

সম্প্ৰতি আৰক্ষীয়ে ৰূপম বৰ্মনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ঘটনাটো সংঘটিত কৰি পলায়ন কৰা ৰূপম বৰ্মন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷

লগতে পঢ়কঃ শাওণৰ পথাৰত চিৰাল ফাঁট : দৰঙত খৰাঙে জুৰুলা কৰিছে কৃষকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.