বিজেপিক ৰুধিবলৈ মিত্ৰতাৰ দিশে কংগ্ৰেছ আৰু ৰাইজৰ দল !

author img

By

Published : Aug 8, 2021, 7:16 PM IST

congress raijor dal alliance in progress

বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত শুকুৰবাৰে ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লগ ধৰাৰ পাছতে দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ৰাইজৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈ সাক্ষাৎ কৰে দলটোৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ লগতে আন বিষয়ববীয়াক । উপ-নিৰ্বাচনত এ আই ইউ ডি এফ দলক বাদ দি যেন ৰাইজৰ দলক চামিল কৰাৰ দিশে অগ্ৰসৰ হৈছে কংগ্ৰেছ ।

গুৱাহাটী, ৮ আগষ্ট : ৰাজ্যত বলিবলৈ আৰম্ভ কৰিছে উপ নিৰ্বাচন(by election)ৰ গৰম বতাহ । খালী হোৱা বিধানসভাৰ পাঁচখন আসনৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে ৰাইজৰ দল(Raijor Dal) আৰু কংগ্ৰেছে(Congress) । বিজেপিক পৰাস্ত কৰাৰ স্বাৰ্থত দুয়োটা ৰাজনৈতিক দলে মিত্ৰতা স্থাপনৰ দিশে আগবাঢ়িছে ।

ইতিমধ্যে, শুকুৰবাৰে ৰাইজৰ দলৰ এটা প্ৰতিনিধিৰ দলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লগ ধৰি ইয়াৰ এক স্পষ্ট ইংগিত প্ৰদান কৰিছে । তাৰ মাজতে দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ৰাইজৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈ সাক্ষাৎ কৰে দলটোৰ সভাপতি বিধায়ক অখিল গগৈৰ লগতে আন বিষয়ববীয়াক । ইয়াৰ দ্বাৰা এইটো কথা স্পষ্ট হৈ পৰিছে যে দুয়োটা দলেই মিত্রতাৰ বাবে আগুৱাই গৈছে ।

অৱশ্যে, এই মিত্রতাৰ মাজত এ আই ইউ ডি এফ(AIUDF) দল বাধাৰ প্ৰাচীৰ হিচাপে দেখা দিছে । কাৰণ, ৰাইজৰ দলে এ আই ইউ ডি এফ দলক কোনো কাৰণতে গ্ৰহণ নকৰে । দেওবাৰে ৰাইজৰ দলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হোৱাৰ পাছতে এখন সংবাদমেল সম্বোধন কৰি অখিল গগৈয়ে এইক্ষেত্রত দলৰ স্থিতি স্পষ্ট কৰি দিয়ে ।

অখিল গগৈয়ে কয় যে, উপ-নিৰ্বাচনত সকলো বিৰোধী শক্তি একত্ৰিত হোৱাটো ৰাইজৰ দলে বিচাৰে । কিন্তু, এ আই ইউ ডি এফ দল, বিৰোধী শক্তিৰ লগত থাকিব নোৱাৰিব ৷ ইফালে, কংগ্ৰেছ দলে বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰা মহাজোঁটবন্ধন(Mohajot) এতিয়াও অব্যাহত আছে । এনে এক প্ৰেক্ষাপটৰ মাজতো দুয়োপক্ষই আলোচনা অব্যাহত ৰাখিছে ।

দেওবাৰে, বিয়লি পাঁচ বজাত প্ৰদেশ কংগ্ৰেছৰ নতুন কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰে ৰাইজৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈ অখিল গগৈৰে এক আলোচনাত মিলিত হয় । বৰ্তমান সময়ত এই আলোচনাই বিশেষ তাৎপৰ্য বহন কৰিছে । উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰে মিত্রতা কৰি কংগ্ৰেছ লাভৱান নহ'ল ।

বৰং বিশেষ লোকচানৰ সন্মুখীন হ'ল কংগ্ৰেছ দল । এনে পৰিপ্ৰেক্ষিতত এইবাৰ উপ-নিৰ্বাচনত এ আই ইউ ডি এফ দলক বাদ দি ৰাইজৰ দলক চামিল কৰাৰ দিশে অগ্ৰসৰ হৈছে কংগ্ৰেছ । অৱশ্যে এই কথা এতিয়াও ৰাজহুৱা কৰা হোৱা নাই । কিন্তু দুয়োটা দলৰ বিশেষ তৎপৰতা আৰু যোগাযোগে মিত্রতাৰ দিশে অগ্ৰসৰ হোৱাৰ দিশটোকে সূচাইছে ।

লগতে পঢ়ক : BTR ত টেট উত্তীৰ্ণই শীঘ্ৰে নিযুক্তি লাভ কৰিব : প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.