ETV Bharat / state

BTR ত টেট উত্তীৰ্ণই শীঘ্ৰে নিযুক্তি লাভ কৰিব : প্ৰমোদ বড়ো

author img

By

Published : Aug 8, 2021, 9:59 AM IST

বিটিআৰত টে’ট উৰ্ত্তীণ সকলে অতি শীঘ্ৰে নিযুক্তি লাভ কৰিব: প্ৰমোদ বড়ো
বিটিআৰত টে’ট উৰ্ত্তীণ সকলে অতি শীঘ্ৰে নিযুক্তি লাভ কৰিব: প্ৰমোদ বড়ো

টেট উত্তীৰ্ণসকলে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছতে বিটিআৰত পুনৰ নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে প্ৰমোদ বড়োৱে । শালবাৰীত শনিবাৰে আকস্মিকভাৱে উপস্থিত হৈ বিটিআৰ প্ৰধান বড়োৱে ৰাইজৰ লগত মত বিনিময় কৰে ।

বাক্সা, 8 আগষ্ট : বাক্সা জিলাৰ শালবাৰীত শনিবাৰে আকস্মিকভাৱে উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো । শালবাৰীত উপস্থিত হৈ প্ৰমোদ বড়োৱে শালবাৰীৰ ৰাইজৰ লগত মিলিত হয় । তাৰ পিছতে সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে কয়, পৰিষদীয় নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে তেওঁ শালবাৰীত উপস্থিত হৈ ৰাইজৰ অভাৱ-অভিযোগৰ বুজ লৈছে । শালবাৰীত এটা ভাল ষ্টেডিয়াম নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছিল ৷ সেই ষ্টেডিয়ামটো নিৰ্মাণ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰে বড়োৱে ৷

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ছাডেন ভিজিট

শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাৰ দুটা অতিৰিক্ত কোঠাৰ প্ৰয়োজন বাবে বিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি প্ৰমোদ বড়োৱে কোঠা দুটিৰ ব্যৱস্থা কৰি দিয়ে বুলি সদৰী কৰে । আনহাতে বেকী নৈৰ খহনীয়া ৰোধৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো প্ৰমোদ বড়ো চৰকাৰ ব্যৱস্থা কৰিছে ৷ ইফালে হাইস্কুল টে'ট উত্তীৰ্ণসকলক শীঘ্ৰে বিটিআৰত নিযুক্ত প্ৰদান কৰা ব্যৱস্থা কৰিব ৷ তাৰপাছতে প্ৰাথমিক আৰু মাধ্যমিক টে'ট উত্তীর্ণ সকলকো নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰিব বুলি প্ৰমোদ বড়োৱে উল্লেখ কৰে ৷

টেট উত্তীৰ্ণসকলে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছতে বিটিআৰত পুনৰ নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে প্ৰমোদ বড়োৱে । একেদৰে আন আন চৰকাৰী বিভাগসমূহত খালী হৈ থকা পদসমূহতো অতি শীঘ্ৰে নিৱনুৱাসকলক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে প্ৰমোদ বড়োৱে । শনিবাৰে শালবাৰী ভ্ৰমণ কৰাৰ মুহুৰ্তত বিটিআৰ প্ৰধান প্ৰমোদ বড়োক সংগ দিয়ে ইউপিপিএলৰ কেইবাগৰাকীও দলীয় নেতা-কৰ্মীয়ে ৷

লগতে পঢ়কঃ 'দ্য ক্ৰছ কাৰেন্ট'ৰ বিৰুদ্ধে আক্ৰোশমূলক আচৰণ জনসংযোগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.