ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 30, 2021, 6:57 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Mob lynching in Jorhat : আছু নেতাৰ নিগ্ৰহৰ পিছত কি ক’লে লুৰীণ জ্যোতিয়ে ?

যোৰহাটৰ মাজ মজিয়াত আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ড(Mob attack on AASU leader)ৰ ঘটনাক তীব্ৰ গৰিহণা দিলে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে(Lurin on mob lynching in Jorhat) ৷ চাও আহক কি ক’লে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীয়ে ৷

Tense Situation at Nowboicha Police Outpost: মৃতদেহ উদ্ধাৰক লৈ আৰক্ষীৰ চকীত উত্তপ্ত পৰিস্থিতি

অনিল নাথ (৪০) নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰক (Recovery of dead body) লৈ লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ মৃতদেহ উদ্ধাৰৰ 9 টা দিন পাৰ হৈ যোৱাৰ পিছতো এই সন্দৰ্ভত নাওবৈচা আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ।

Price hike in medicine : বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ মূল্য

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে জীৱনদায়িনী ঔষধৰ মূল্য(Medicine price hike in Guwahati) ৷ শেহতীয়াকৈ ঔষধৰ মূল্যবৃদ্ধিয়ে খাটিখোৱা লোকসকলক অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছে ৷

Mob Lynching in Jorhat: অনিমেষৰ ন্যায়ৰ দাবীত মুখত ক'লা কাপোৰ বান্ধি কটনীয়ানৰ প্ৰতিবাদ

গোলাঘাট ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষাৰ সম্পাদক অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডত লজ্জিত কটন বিশ্ববিদ্যালয় শিক্ষাৰ্থী সমাজ(Cottonian protest) ৷ বৰ্বৰ হত্যাকাণ্ডত জড়িত প্ৰতিজন দোষীক উচিত আৰু কঠোৰ শাস্তি প্ৰদানৰ দাবীত বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে মঙলবাৰে মুখত ক'লা কাপোৰ বান্ধি সাব্যস্ত কৰে প্ৰতিবাদ (black block protest) ৷

Mob Lynching in Jorhat: 13 অভিযুক্তক শাস্তি প্ৰদানৰ দাবীত উত্তপ্ত যোৰহাট সদৰ থানা

যোৰহাটত সোমবাৰে সংঘটিত হৈছিল এক অমানৱীয় ঘটনা (Jorhat mob lynching case)৷ যি ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভতো অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sharma)ই ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া । আনকি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালত(Judge thecase through fast track courts)ৰ জৰিয়তে দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে প্ৰশাসনক নিৰ্দেশ জনাইছে ৷ ইফালে সোমবাৰে ৰাজ্য কঁপোৱা অনিমেষ ভূঞাৰ হত্যাকাণ্ড (Animesh Bhuyan Murder Case)ৰ লগত জড়িত 13 অভিযুক্তক ন্যায়ালয়লৈ নিয়াৰ সময়ত যোৰহাট সদৰ আৰক্ষী চকী(Jorhat Sadar Police Station) ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ।

Dibrugarh Double Murder : ঘৰৰ মালিক আৰু নিজ পত্নীক হত্যা কৰি পলায়ন ৰাজীৱৰ

ডিব্ৰুগড়ৰ বৈৰাগীমঠত লোমহৰ্ষক হত্যাকাণ্ড (Brutal murder in Dibrugarh) ৷ এজন লোকে সংঘটিত কৰিছে দুটাকৈ হত্যাকাণ্ড ৷ ঘৰৰ মালিক আৰু নিজ পত্নীক হত্যা কৰি পলায়ন অভিযুক্তৰ ৷

Mob Lynching in Jorhat: গণপ্ৰহাৰৰ বলি প্ৰয়াত চিকিৎসক দেৱেন দত্তৰ পত্নীৰ প্ৰতিক্ৰিয়া

যোৰহাটৰ গণ প্ৰহাৰৰ ঘটনাৰ মূল্য অভিযুক্তক আটক কৰা(Jorhat mob lynching main accused arrested)ৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চিকিৎসক দেৱেন দত্ত পত্নী অপৰাজিতা দত্তই ৷ পিছে কোন এইগৰাকী চিকিৎসক দেৱেন দত্ত জানেনে ? 2019 চনত যোৰহাটৰ টীয়কত সংঘটিত হৈছিল চিকিৎসক দেৱেন দত্তৰ গণ প্ৰহাৰ(Dr Deben Dutta mob lynching case)ৰ ঘটনা ৷ 2019 চনৰ 31 আগষ্টত কৰ্মৰত অৱস্থাতেই কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ গৈছিল চিকিৎসকগৰাকীক ৷ যোৰহাটত হত্যাৰ বলি হোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি স্বামীৰ মৃত্যু সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পত্নী অপৰাজিতা দত্তই ৷

Worker dies in Electrocution: গুৱাহাটীত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

গুৱাহাটীৰ মঠঘৰীয়াত শোকাৱহ দুৰ্ঘটনা । সোমবাৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী শ্ৰমিকে (Worker dies in Electrocution)। মৃত শ্ৰমিকজন মহানগৰীৰ ২ নং মঠঘৰীয়াৰ পূব গীতানগৰস্থিত গুৰুকুল গ্ৰামাৰ বিদ্যালয়ৰ সমীপৰ দীপক বৈশ্য বুলি জানিব পৰা গৈছে ।

Gauhati University Election: গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন সমাপ্ত

উখল মাখল পৰিৱেশ গুৱাহাটী বিশ্ববিদ্যালয়ত । মঙলবাৰে পুৱাৰে পৰা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন (Gauhati University PGSU election)। ৩৫ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ধাৰণ হ'ব ১ ডিচেম্বৰত ।

Oil Exploration in Karbi Anglong : কাৰ্বি পাহাৰত আকৌ সংঘাতৰ আশংকা

অইল ইণ্ডিয়া লিমিটেডে খাৰুৱা তেলৰ সন্ধানত অলপতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ(Karbi Anglong Autonomous Council)ৰ লগত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে অইল ইণ্ডিয়া কৰ্তৃপক্ষক ধনশিৰি উপত্যকাত তৈলসম্পদৰ সন্ধান কৰিবলৈ আনুষ্ঠানিকভাৱে অনুমোদন প্ৰদান কৰিছে ৷ ফলত এই কাৰ্যক লৈ তৎপৰ হৈ উঠিছে নগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি‌ এন-আই এম(National Socialist Council of Nagaland IM)ৰ নেতৃত্ববৃন্দ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.