Oil Exploration in Karbi Anglong : কাৰ্বি পাহাৰত আকৌ সংঘাতৰ আশংকা

author img

By

Published : Nov 30, 2021, 4:57 PM IST

oil-india-ltd-search-of-crude-oil-in-dhansiri-valley

অইল ইণ্ডিয়া লিমিটেডে খাৰুৱা তেলৰ সন্ধানত অলপতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ(Karbi Anglong Autonomous Council)ৰ লগত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে অইল ইণ্ডিয়া কৰ্তৃপক্ষক ধনশিৰি উপত্যকাত তৈলসম্পদৰ সন্ধান কৰিবলৈ আনুষ্ঠানিকভাৱে অনুমোদন প্ৰদান কৰিছে ৷ ফলত এই কাৰ্যক লৈ তৎপৰ হৈ উঠিছে নগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি‌ এন-আই এম(National Socialist Council of Nagaland IM)ৰ নেতৃত্ববৃন্দ ।

গুৱাহাটী 30 নবেম্বৰ: বিগত 23 নৱেম্বৰত নতুন নতুন স্থানত খাৰুৱা তেলৰ সন্ধানত নামি পৰা অইল ইণ্ডিয়া লিমিটেডে(Oil India Ltd. search of crude oil in new locations) ৷ সেই একে উদ্দেশ্য লৈ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ লগত এক বুজাবুজিৰ চুক্তিত উপনীত হোৱাৰ কাৰ্যক লৈ তৎপৰ হৈ উঠিছে নগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি‌ এন-আই এমৰ নেতৃত্ববৃন্দ । ইতিমধ্যে এই চুক্তিয়ে বিদ্ৰোহী সংগঠনটোৰ বৃহত্তৰ নাগালিম গঠনৰ আঁৰত থকা উদ্দেশ্যক আঘাত হনা বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে ।

উল্লেখযোগ্য যে বিগত 24 নৱেম্বৰৰ দিনা এক বুজাবুজিৰ চুক্তিৰ দ্বাৰা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে অইল ইণ্ডিয়া কতৃপক্ষক ধনশিৰি সংৰক্ষিত বনাঞ্চলকে ধৰি সামগ্ৰিকভাৱে ধনশিৰি উপত্যকাত তৈলসম্পদৰ সন্ধান কৰিবলৈ আনুষ্ঠানিকভাৱে অনুমোদন প্ৰদান কৰিছে(Karbi Anglong Autonomous Council has given official approval to OIL)৷ এই চুক্তিৰ জৰিয়তে অসম নাগালেণ্ড সীমান্তৰ 396 বৰ্গকিলোমিটাৰ এলেকাজুৰি তৈল সম্পদৰ সন্ধান কৰিব পাৰিব অইল ইণ্ডিয়া কতৃপক্ষই ।

oil-india-ltd-search-of-crude-oil-in-dhansiri-valley
Dhansiri valley Oil reserves

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ডিফুত থকা মুখ্য কাৰ্যালয়ৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উদ্যোগ আৰু উপস্থিতিত এই চুক্তিত সাক্ষৰ কৰে পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া আৰু অইলৰ কাৰ্যবাহী সঞ্চালক ড৹ মানস কুমাৰ শৰ্মাই । উল্লেখ্য যে, এক বৃহৎ তৈল ভাণ্ডাৰ হিচাপে চিহ্নিত ধনশিৰি উপত্যকা(Dhansiri valley marked as one of the largest oil reserves)ক বৃহত্তৰ নাগালিমৰ অংশ বুলি ঘোষণা কৰা নগা বিদ্ৰোহী সংগঠন এন এছ চি‌ এন-আই এময়ে অঞ্চলটোত তৈল সন্ধান কৰাৰ পৰা অইল ইণ্ডিয়া লিমিটেডক বাধা দি আহিছে । সংগঠনটোৰ মতে নাগালিমৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে মানি লোৱাৰ পাছতহে ধনশিৰি উপত্যকাত অইল ইণ্ডিয়া লিমিটেডক তৈল খনন কৰিবলৈ দিয়া হ'ব । ইতিমধ্যে এই উদ্দেশ্য আগত ৰাখিয়েই বিদ্ৰোহী সংগঠনটোৱে অসমৰ লগত সীমা সংঘাততো লিপ্ত হৈ আহিছে ।

লগতে পঢ়ক : Teacher arrested in Mairabari: প্ৰশ্নকাকত ফাদিল কৰি আৰক্ষীৰ জালত শিক্ষকসহ বন কৰা যুৱক

ইয়াৰোপৰি আদিৰে পৰা বিগত প্ৰায় দুটা দশক ধৰি অইল ইণ্ডিয়া লিমিটেডে ধনশিৰিত তৈল খননৰ বাবে এটা কাৰ্যালয়ো স্থাপন কৰিছিল ৷ পিছলৈ এই কাৰ্যাযলয়টো এন এছ চি‌ এন-আই এমে বন্ধ কৰি দিয়ে বুলি জানিব পৰা গৈছে । কেৱল সেয়াই নহয়, সংগঠনটোৱে তাৰ মুখ্য শিবিৰ ধনশিৰিৰ পাৰৰে হেব্ৰনত স্থাপন ‌‌‌‌‌কৰি এই বিষয়টো ওচৰৰ পৰা নিৰীক্ষণ কৰি আছে । এই সংগঠনটোৰ প্ৰধান উদ্দেশ্য হ'ল ধনশিৰি উপত্যকাৰ এই বৃহৎ প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ (Dhansiri valley is rich in natural resources) কোনো কাৰণতে তেওঁলোকে হাতৰ পৰা ওলাই যাবলৈ‌ নিদিয়ে ।

উল্লেখ্য যে হেব্ৰনৰ সমীপৱৰ্তী অসম সীমান্তত জৰীপ চলাবলৈ যাওঁতে 2005 চনত দীপাংকৰ দাস নামৰ এ চি এছ বিষয়া এগৰাকীক এন এছ চি‌ এন-আই এমৰ লোকে গুলীয়াই হত্যা কৰিছিল (NSCN IM brutally killed)। তাৰ পিছত আৰু সেই অঞ্চলত অসম চৰকাৰে কোনোধৰণৰ জৰীপৰ কাম সম্পন্ন কৰা নাই । এই সন্দৰ্ভত নগা বিদ্ৰোহী সংগঠনটোৰ এক সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় চৰকাৰৰ সৈতে চলি থকা শান্তি আলোচনাৰ পৰৱৰ্তী বৈঠকত সংগঠনটোৱে এই বিষয়টো উপস্থাপন কৰিব ৷ লগতে প্ৰস্তাৱিত নাগালিমৰ ভিতৰত হোৱা এই তৈল খননকেন্দ্ৰীক বুজাবুজিৰ চুক্তি বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাব ।

এনে এক গুৰুত্বপূৰ্ণ বিষয়টোক লৈ এন এছ চি‌ এন-আই এম ৰ নেতৃত্বই সতৰ্ক হৈ পৰাৰ সমান্তৰালকৈ ধনশিৰি সংৰক্ষিত বনাঞ্চলত কোনো ক্ষতিশংকা অধ্যয়ন নকৰাকৈয়ে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে বুজাবুজিৰ চুক্তিত সাক্ষৰ কৰিলে ৷ ফলত এই বিষয়লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : Jorhat mob lynching case: ফাষ্ট ট্ৰেক আদালতত দোষীৰ বিচাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.