Teacher arrested in Mairabari: প্ৰশ্নকাকত ফাদিল কৰি আৰক্ষীৰ জালত শিক্ষকসহ বন কৰা যুৱক

author img

By

Published : Nov 30, 2021, 2:17 PM IST

Teacher arrested in Mairabari

নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে প্ৰশ্নকাকত ফাদিলত জড়িত মৈৰাবাৰী মাধ্যমিক বিদ্যালয়(Moirabari High School)ৰ শিক্ষক ৷ ২৪ নৱেম্বৰ আৰু ২৬ নৱেম্বৰত নৱম-দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰি আৰক্ষীৰ জালত বিদ্যালয়খনৰ সহকাৰী শিক্ষকসহ শিক্ষকজনৰ ব্যক্তিগত বনকৰা যুৱক (Teacher arrested in Mairabari) ৷

ধিং, 30 নৱেম্বৰ : গুৰিৰ পৰা গেলিছে মৈৰাবাৰীৰ শিক্ষাব্যৱস্থা ৷ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে প্ৰশ্নকাকত ফাদিলত জড়িত খোদ শিক্ষাগুৰু ৷ টকাৰ বিনিময়ত প্ৰশ্নকাকত ফাদিল কৰি মৈৰাবাৰীত দুদিনত গ্ৰেপ্তাৰ হ'ল দুজন ৷ জিলাখনত নৱম-দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল মৈৰাবাৰী মাধ্যমিক বিদ্যালয় (Moirabari High School)ৰ এজন সহকাৰী শিক্ষক(Teacher arrested in Mairabari)ৰ লগতে শিক্ষকজনৰ ব্যক্তিগত বনকৰা যুৱক ৷

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰি শিক্ষা বিভাগটোক লজ্জানত কৰা শিক্ষকজনৰ নাম আনোৱাৰা হুছেইন চিৰাজী আৰু বনকৰা যুৱকজনৰ নাম আতিকুল ইছলাম ৷ বনকৰা যুৱকজন গ্ৰেপ্তাৰ হোৱা সহকাৰী শিক্ষকজনৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ঘৰত কামকাজ কৰাৰ উপৰিও মৈৰাবাৰী মাধ্যমিক বিদ্যালয়খনত অবৈতনিক চকীদাৰ হিচাপে কৰ্মৰত আছিল ৷

প্ৰশ্নকাকত ফাদিল কৰি আৰক্ষীৰ জালত শিক্ষকসহ বন কৰা যুৱক

উল্লেখ্য যে, যোৱা ২৫ নৱেম্বৰৰ নৱম আৰু দশম শ্ৰেনীৰ সমাজ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত ২৪ নৱেম্বৰতে শ শ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাৰ উপৰিও ২৭ নৱেম্বৰৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ বিষয়ৰ প্ৰশ্ন কাকতো ২৬ নৱেম্বৰতে ধনৰ বিনিময়ত সংগ্ৰহ কৰিছিল বহু ছাত্ৰ ছাত্ৰীয়ে । ফলত মৰিগাঁও জিলা শিক্ষা বিষয়াই দুয়োটা দিনৰ পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছিল ।

শৈক্ষিক সমাজত তোলপাৰ লগোৱা উক্ত ঘটনাটোক মৰিগাঁও জিলাৰ উপায়ুক্তই গুৰুত্ব সহকাৰে লৈ এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ পিছতে লাহৰীঘাটৰ কাৰ্যবাহী দণ্ডাধীশ স্বৰাজ ভাৰত লাগাচুয়ে মৈৰাবাৰী আৰক্ষীৰ সহযোগত ৰবিবাৰে নিশা গ্ৰেপ্তাৰ কৰে আতিকুলক । দণ্ডাধীশ লাগাচুৰ মতে এই ঘটনাত কোনো এজন দায়িত্বপূৰ্ণ শিক্ষক জড়িত থকাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছিল ।

যোৱা ২৮ নৱেম্বৰৰ নিশা আতিকুলক গ্ৰেপ্তাৰ কৰাৰ পিছতে আতিকুলৰ স্বীকাৰোক্তিৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে মৈৰাবাৰীৰ হাইস্কুলৰ শৈক্ষিক দিশৰ চোৱাচিতাৰ দায়িত্বত থকা সহকাৰী শিক্ষক আনোৱাৰা হুছেইন চিৰাজীকো গ্ৰেপ্তাৰ কৰে । আনহাতে, সহকাৰী শিক্ষক আনোৱাৰ হুছেইনে আতিকুলৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো প্ৰতি বছৰে পৰীক্ষাৰ্থীৰ পৰা ২০ ৰ পৰা ২৫ হাজাৰ টকা লৈ লাখ লাখ টকাৰ নকল যোগান ধৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । আশ্চৰ্যজনকভাৱে এই কামৰ বাবে আতিকুলক শিক্ষক আনোৱাৰে ১০ৰ পৰা ১২ হেজাৰ টকা দিয়াৰ কথা আতিকুলে ইতিমধ্যে স্বীকাৰ কৰিছে ৷

লগতে পঢ়ক: inancial scam: চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে এমট্ৰ’নৰ গাণনিক বিষয়া ৰাহুল হুজুৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.