Mob Lynching in Jorhat: গণপ্ৰহাৰৰ বলি প্ৰয়াত চিকিৎসক দেৱেন দত্তৰ পত্নীৰ প্ৰতিক্ৰিয়া

By

Published : Nov 30, 2021, 5:19 PM IST

thumbnail

যোৰহাটৰ গণ প্ৰহাৰৰ ঘটনাৰ মূল্য অভিযুক্তক আটক কৰা(Jorhat mob lynching main accused arrested)ৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চিকিৎসক দেৱেন দত্ত পত্নী অপৰাজিতা দত্তই ৷ পিছে কোন এইগৰাকী চিকিৎসক দেৱেন দত্ত জানেনে ? 2019 চনত যোৰহাটৰ টীয়কত সংঘটিত হৈছিল চিকিৎসক দেৱেন দত্তৰ গণ প্ৰহাৰ(Dr Deben Dutta mob lynching case)ৰ ঘটনা ৷ 2019 চনৰ 31 আগষ্টত কৰ্মৰত অৱস্থাতেই কোনো দুৰ্বৃত্তই হত্যা কৰি থৈ গৈছিল চিকিৎসকগৰাকীক ৷ যোৰহাটত হত্যাৰ বলি হোৱা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি স্বামীৰ মৃত্যু সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পত্নী অপৰাজিতা দত্তই ৷ যোৰহাট আদালতে তেওঁৰ স্বামীৰ হত্যাকাণ্ড সন্দৰ্ভত যি ৰায় দিছিল, সেয়া বৰ্তমানেও কাৰ্যকৰী হোৱা নাই ৷ আইনৰ সুৰুঙাৰে অপৰাধীয়ে এতিয়াও মুক্ত আকাশৰ তলত বিচৰণ কৰিছে ৷ শীঘ্ৰেই অপৰাধীক গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তিৰ দাবী জনাইছে প্ৰয়াত চিকিৎসক দেৱেন দত্তৰ পত্নীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.