Worker dies in Electrocution: গুৱাহাটীত বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

By

Published : Nov 30, 2021, 6:35 PM IST

thumbnail

গুৱাহাটীৰ মঠঘৰীয়াত শোকাৱহ দুৰ্ঘটনা । সোমবাৰে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি ল'লে এগৰাকী শ্ৰমিকে (Worker dies in Electrocution)। মৃত শ্ৰমিকজন মহানগৰীৰ ২ নং মঠঘৰীয়াৰ পূব গীতানগৰস্থিত গুৰুকুল গ্ৰামাৰ বিদ্যালয়ৰ সমীপৰ দীপক বৈশ্য বুলি জানিব পৰা গৈছে । উল্লেখ্য যে মহানগৰীৰ ২৪ নং ৱাৰ্ডৰ অন্তৰ্গত ২ নং মঠঘৰীয়াৰ শান্তি পথৰ বাসিন্দা তাৰিণী চৰণ দাসৰ ঘৰত চাৰিজন শ্ৰমিকে কুঁৱা খন্দাৰ কাম কৰি আছিল । শ্ৰমিককেইজনৰ ভিতৰত দীপক বৈশ্যও আছিল । তেওঁলোকে বাকী কেইদিনৰ দৰে সোমবাৰেও কুঁৱা খান্দিবলৈ আৰম্ভ কৰে যদিও আকস্মিকভাৱে সংঘটিত হয় এই দুৰ্ঘটনাটো । কুঁৱাৰ পৰা পানী তোলা মটৰৰ তাঁৰ সংযোগ কৰিবলৈ গৈ দীপক বৈশ্য বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় । ঘটনা সংঘটিত হোৱাৰ লগে লগে একাংশ স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ শ্ৰমিকজনক আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল(GMCH)লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে দীপক বৈশ্যক মৃত ঘোষণা কৰে । এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.