ETV Bharat / state

Tense Situation at Nowboicha Police Outpost: মৃতদেহ উদ্ধাৰক লৈ আৰক্ষীৰ চকীত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Nov 30, 2021, 5:55 PM IST

অনিল নাথ (৪০) নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰক (Recovery of dead body) লৈ লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ মৃতদেহ উদ্ধাৰৰ 9 টা দিন পাৰ হৈ যোৱাৰ পিছতো এই সন্দৰ্ভত নাওবৈচা আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ।

tense situation at Nowboicha police outpost
মৃতদেহ উদ্ধাৰক লৈ নাওবৈচা আৰক্ষীৰ চকীত উত্তপ্ত পৰিস্থিতি

নাওবৈচা, ৩০ নৱেম্বৰ : লখিমপুৰ জিলাৰ নাওবৈচা আৰক্ষী চকীৰ(Under Nowboicha police outpost) অন্তৰ্গত গেন্ধালী গাঁৱৰ নিবাসী অনিল নাথ (৪০) নামৰ এজন লোকৰ মৃতদেহ উদ্ধাৰক (recovery of dead body)লৈ এতিয়াও অঞ্চলজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ যোৱা 22 নৱেম্বৰত উদ্ধাৰ হৈছিল নাথৰ মৃতদেহ ৷ কিন্তু অনিল নাথৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই 9 টা দিন অতিক্ৰম কৰিলে যদিও আজিও ঘটনাটোৰ সন্দৰ্ভত কোনো তদন্ত নোহোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷

পৰিয়ালৰ লোকে সদৰী কৰা মতে, যোৱা ২১ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৮ বজাত নিজৰ কৰ্মস্থলীৰ পৰা দেউতাকৰ বছেৰেকীয়া শ্ৰাদ্ধৰ বাবে ঘৰলৈ আহিছিল অনিল নাথ ৷ ঘৰলৈ অহাৰ সময়তে পেৰাবাৰীত থকা নিজৰ মোমায়েকৰ ঘৰত সোমাইছিল অনিল নাথ । তাৰ পিছৰ পৰা অনিল নাথ সন্ধানহীন হৈ আছিল ।

মৃতদেহ উদ্ধাৰক লৈ নাওবৈচা আৰক্ষীৰ চকীত উত্তপ্ত পৰিস্থিতি

দেউতাকৰ শ্ৰাদ্ধৰ পুৱাৰ ভাগত অৰ্থাৎ ২২ নৱেম্বৰৰ দিনা মোমায়েকৰ ঘৰৰ কিছু নিলগৰ পথৰ কাষত উদ্ধাৰ হৈছিল অনিল নাথৰ মৃতদেহ (Body found on roadside) । মৃতদেহৰ মুখত আৰু দেহত আঘাতৰ চিন স্পষ্ট হৈ আছিল । পৰিয়ালৰ লোকে অনিল নাথক কোনেৱে হত্যা কৰি পথৰ কাষত পেলাই যোৱাৰ সন্দেহ কৰি নাওবৈচা আৰক্ষী চকীত সেইদিনাই দাখিল কৰিছিল এজাহাৰ ।

লগতে পঢ়ক : Jorhat mob lynching case: ফাষ্ট ট্ৰেক আদালতত দোষীৰ বিচাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

কিন্তু মৃতদেহ উদ্ধাৰৰ 9 টা দিন পাৰ হৈ যোৱাৰ পিছতো এই হত্যাকাণ্ডৰ সন্দৰ্ভত নাওবৈচা আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে ছাত্ৰ সন্থাকে ধৰি স্থানীয় শতাধিক পুৰুষ-মহিলাই নাওবৈচা আৰক্ষী চকী ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে(Tense Situation at Nowboicha Police Outpost) ।

পৰিয়াল তথা স্থানীয় ৰাইজে অভিযোগ কৰা মতে, নাওবৈচা আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত কোনো ধৰণৰ তদন্ত নকৰি হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিক ৰক্ষণাবেক্ষণ দিয়াৰহে চেষ্টা কৰিছে ৷ আনকি অনিল নাথৰ পৰিয়ালৰ লোকে এজাহাৰ দিবলৈ আহোতে প্ৰথমে এজাহাৰ ঘূৰাই দিয়াৰো অভিযোগ উত্থাপন হৈছে নাওবৈচা আৰক্ষীৰ বিৰুদ্ধে ৷ গতিকে, অনিল নাথক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ অভিযোগ তুলি ঘটনাটোৰ সন্দৰ্ভত উচিত তদন্তৰ বাবে পুনৰ দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক : Jorhat Mob Lynching : গ্ৰেপ্তাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.