ETV Bharat / city

Dibrugarh Double Murder : ঘৰৰ মালিক আৰু নিজ পত্নীক হত্যা কৰি পলায়ন ৰাজীৱৰ

author img

By

Published : Nov 30, 2021, 5:00 PM IST

Dibrugarh double murder
Dibrugarh double murder

ডিব্ৰুগড়ৰ বৈৰাগীমঠত লোমহৰ্ষক হত্যাকাণ্ড (Brutal murder in Dibrugarh) ৷ এজন লোকে সংঘটিত কৰিছে দুটাকৈ হত্যাকাণ্ড ৷ ঘৰৰ মালিক আৰু নিজ পত্নীক হত্যা কৰি পলায়ন অভিযুক্তৰ ৷

ডিব্ৰুগড়, 30 নবেম্বৰ : ক্ৰমাৎ যেন অস্থিৰ হ’বলৈ ধৰিছে ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি ৷ প্ৰতিদিনেই সংঘটিত হ’বলৈ লৈছে সৰু-বৰ অপৰাধ (Crime incidents in Assam) ৷ সোমবাৰে দুপৰীয়া যোৰহাট নগৰৰ মাজমজিয়াত এদল উন্মাদ লোকে অনিমেষ ভূঞা নামৰ আছু নেতা জনক অতি নৃশংসভাৱে হত্যা কৰাৰ (Jorhat mob lynching news) চাঞ্চল্য অব্যাহত থকাৰ মাজতেই ডিব্ৰুগড়ত সংঘটিত হ’ল আন দুটা হত্যাকাণ্ড ৷ স্বামীয়ে হত্যা কৰিলে পত্নী আৰু ঘৰৰ মালিকক (Husband murdered wife in Dibrugarh)৷

ডিব্ৰুগড়ৰ বৈৰাগীমঠ মলখুবচাত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা (Dibrugarh double murder news) ৷ আৰক্ষী সূত্ৰই জনোৱা মতে সুধী গগৈৰ লগত কাজিয়াৰ সূত্ৰপাত হৈছিল ৰাজীৱৰ ৷ কিন্তু পত্নীয়ে বাধা দিবলৈ অহাত প্ৰথমে সুধী গগৈক আৰু তাৰ পাচত পত্নী কাজলক হত্যা কৰিলে ৰাজীৱে ৷ হত্যাকাণ্ডৰ পাচতে কন্যা সন্তানক লগত লৈ পলায়ন কৰে ৰাজীৱ চুক্ৰাঙে ৷

ঘৰৰ মালিক আৰু নিজ পত্নীক হত্যা কৰি পলায়ন ৰাজীৱৰ

লগতে পঢ়ক : Jorhat mob lynching case: ফাষ্ট ট্ৰেক আদালতত দোষীৰ বিচাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

এখন টাৱাৰে কোবাই হত্যা কৰা হৈছিল সুধী গগৈ ৷ আনহাতে পত্নী কাজলক ডিঙি চেপি হত্যা কৰে ৰাজীৱে ৷

অবিবাহিত সুধী গগৈ অকলেই থাকে ঘৰটোত ৷ মঙলবাৰে পুৱা সম্পৰ্কীয় লোকে তেওঁক নেদেখি খবৰ কৰাত বিচনাত উদ্ধাৰ কৰে হাত-ভৰি বন্ধা অৱস্থাত সুধী গগৈৰ মৃতদেহ ৷ মাত্ৰ কেইদিন মান পূৰ্বে সুধী গগৈৰ ঘৰত ভাৰাতীয়া হিচাপে থাকিবলৈ লৈছিল ৰাজীৱ চুক্ৰাং, তেওঁৰ পত্নী কাজল চুক্ৰাঙ আৰু তেওঁলোকৰ কণমানি পুত্ৰ ৷ সুধীৰ গগৈ নামৰ লোকজনৰ ঘৰত সংঘটিত এই ঘটনাই হতচকিত কৰি তুলিছে অঞ্চলবাসীক ৷ অভিযুক্তক আটক কৰাৰ পাচতহে জানিব পৰা যাব সবিশেষ ৷

লগতে পঢ়ক : Jorhat Mob Lynching : গ্ৰেপ্তাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.