Mob Lynching in Jorhat: 13 অভিযুক্তক শাস্তি প্ৰদানৰ দাবীত উত্তপ্ত যোৰহাট সদৰ থানা

By

Published : Nov 30, 2021, 5:38 PM IST

thumbnail

যোৰহাটত সোমবাৰে সংঘটিত হৈছিল এক অমানৱীয় ঘটনা (Jorhat mob lynching case)৷ যি ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভতো অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sharma)ই ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া । আনকি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ ঘটনাটো ফাষ্ট ট্ৰেক আদালত(Judge thecase through fast track courts)ৰ জৰিয়তে দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে প্ৰশাসনক নিৰ্দেশ জনাইছে ৷ ইফালে সোমবাৰে ৰাজ্য কঁপোৱা অনিমেষ ভূঞাৰ হত্যাকাণ্ড (Animesh Bhuyan Murder Case)ৰ লগত জড়িত 13 অভিযুক্তক ন্যায়ালয়লৈ নিয়াৰ সময়ত যোৰহাট সদৰ আৰক্ষী চকী(Jorhat Sadar Police Station) ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । আৰক্ষীৰ জিম্মাত থকা 13 অভিযুক্তক উপস্থিত ৰাইজে প্ৰহাৰ কৰিবলৈয়ো উদ্যত হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ বৰ্তমান সময়তো অনিমেষ ভূঞা হত্যাকাণ্ডৰ সন্দৰ্ভত যোৰহাট চহৰত চেপা উত্তেজনাই (Tension Prevail in Jorhat) বিৰাজ কৰি আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.