ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Nov 28, 2022, 5:18 PM IST

TOP 10 AT 5 PM
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

Ragging in DU : PNGB ৰ ১৮ জন ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণালী ইতিহাসত উদণ্ড ছাত্ৰই সানিলে কালিমা ৷ ৰেগিঙত জড়িত থকা অভিযোগত (Ragging incident at Dibrugarh University) বিশ্ববিদ্যালয়ৰ অনুশাসন কমিটিয়ে বহিষ্কৃত কৰিছে ১৮ ছাত্ৰক (Many students expelled for ragging from DU) ৷ ইয়াৰে ৪ জনক আটক কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড় আৰক্ষী ৷

CRPF gundagiri at Merapani: মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্তত নিয়োজিত চি আৰ পি এফৰ গুণ্ডাগিৰি

মেৰাপানী সীমান্তত নিয়োজিত ১৪২ নং চি আৰ পি এফ বাহিনীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ (CRPF gundagiri at Merapani) । মেৰাপানী কল্যাণপুৰৰ গিতাঞ্জলী শইকীয়াৰ নাৰ্চাৰীত অনাধিকাৰে প্ৰৱেশ কৰি মূল্য নিদিয়াকৈয়ে লৈ যায় ২৩০০ টকা মূল্যৰ ফল-ফুলৰ পুলি ।

Baba Ramdev Apology : নাৰী সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা ৰামদেৱৰ

যোগগুৰুজনে স্পষ্টভাৱে উচ্চাৰণ কৰিছিল যে মহিলাসকলে একো পিন্ধিলেও ভাল দেখায় । উল্লেখ্য, মহাৰাষ্ট্ৰৰ থানেত অনুষ্ঠিত এক জনাকীৰ্ণ অনুষ্ঠানত ভাষণ দি থকাৰ সময়ত ৰামদেৱে এই কথা দৈছিল (Ramdev controversial remark on women) । আনহাতে, উক্ত অনুষ্ঠানত ৰামদেৱৰ সৈতে মঞ্চত উপস্থিত আছিল মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ পত্নী অমৃতা ফাড়নভিছ ।

Govt in financial crisis: পুঁজি অবিহনে কিদৰে সম্ভৱ হ’ব অসম আৰক্ষীৰ আধুনিকীকৰণ ?

আৰক্ষীৰ আধুনিকীকৰণ অৰু স্মাৰ্ট পুলিচ গঢ়ি তোলাৰ ক্ষেত্ৰত পৰ্যাপ্ত পুঁজিৰ প্ৰয়োজন (Funds for the modernization of the Assam Police) । কিন্তু সম্প্ৰতি ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা ভাল নহয় (Govt in financial crisis) । যাৰ বাবে আৰক্ষীৰ কাম-কাজতো প্ৰভাৱ পৰিছে । তেনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰে আৰক্ষীৰ আধুনিকীকৰণ শিতানত পূৰ্বৰ তুলনাত বহু কোটি টকা কৰ্তন কৰাত প্ৰভাৱ পৰিছে ।

DU ragging case: পলাতক ৰাহুল ছেত্ৰীক বিচাৰি ডিব্ৰুগড় আৰক্ষীৰ অভিযান

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ (Ragging at Dibrugarh university) পাছতেই পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসত ডিব্ৰুগড় আৰক্ষীৰ অভিযান (Police search operation in PNGB hostel) । ক্ষীপ্ৰতাৰে চলিছে তদন্ত প্ৰক্ৰিয়া । তিনিজনক নিশাই আটক কৰাৰ বিপৰীতে এজনক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷ আন দুজন পলাতক ছাত্ৰৰ বিৰুদ্ধেও অভিযান তীব্ৰতৰ কৰি তুলিছে ডিব্ৰুগড় আৰক্ষীয়ে (Dibrugarh University ragging case)। ইতিমধ্যে ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক বিচাৰি আৰক্ষীৰ অভিযান চলি আছে বুলি জানিবলৈ দিছে তদন্তকাৰী আৰক্ষী বিষয়াই (Rahul Chetry absconded) ।

Bharat Jodo Yatra : বিজেপিয়ে কলিয়াবৰ সমষ্টি দখলৰ আঁৰত ৰহস্যৰ গোন্ধ পাইছে গৌৰৱ গগৈয়ে

কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰা অংশ হিচাপে অসমত যোৱা ১ নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra) ৷ এই যাত্ৰাৰ অংশস্বৰূপে সোমবাৰে কলিয়াবৰত উলিওৱা হয় এক সমদল ।

Primary schools in Assam: ৮ মাহত দুকুৰি দিনো পাঠদান হোৱা নাই প্ৰাথমিক বিদ্যালয়সমূহত

ৰাজ্যৰ চৰকাৰী খণ্ডৰ প্ৰাথমিক বিদ্যালয়সমূহত যোৱা ৮ মাহত দুকুৰি দিনো পাঠদান হোৱা নাই (No teaching in primary schools) । এটাৰ পাছত আনটো দিৱস উদযাপন, ইয়াৰ প্ৰস্তুতিৰ লগতে শিক্ষকৰ প্ৰশিক্ষণ, পাঠ্যক্ৰম বহির্ভূত কামৰ হেঁচাত পঢ়াৰ পৰা বঞ্চিত হ’ব লগা হৈছে প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিশুসকল ।

Wife stabbed husband: মৰম নকৰা বাবেই তাক খুকুৰীৰে ঘপিয়ালো

"মোক কাৰাগাৰলৈ লৈ যাওক ৷ মই তাক কেলৈ নাকাটিম, সি মোক মৰমেই নকৰে ৷ মই ইমান কষ্ট কৰো, দুখ নকৰো তথাপিও মোক সহায় নকৰে ৷ বেলেগ মহিলাৰ লগত প্ৰেম কৰে। সদায় ঘৰত কাজিয়া কৰে ৷ সেইকাৰণে মই তাক কাটি দিলো ৷ দাৰে ঘপিয়াই মই তাক মাৰিব বিচাৰিছিলো যদিও তাক মাৰিব নোৱাৰিলো ৷" স্বামীক ঘপিয়াই পত্নীৰ অকপট স্বীকাৰোক্তি (Wife stabbed husbnad in Lakhimpur)৷

FIFA World Cup: স্পেইনৰ বিৰুদ্ধে ড্ৰ’ খেলি নিজৰ সন্মান বচালে জাৰ্মানীয়ে

স্পেইনৰ বিৰুদ্ধে ড্ৰ খেলি এবাৰলৈ নিজকে গ্ৰুপ পৰ্যায়তে যাত্ৰা সামৰাৰ পৰা বচালে জাৰ্মানীয়ে (Spain Germany Football match) ৷ গ’ল শূন্যভাৱেই সমাপ্ত হয় তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখন ৷ গ্ৰুপ F ৰ আন এখন খেলত ক্ৰ’ৱেছিয়াই কানাডাক 4-1 গ’লৰ ব্যৱধানত পৰাস্ত কৰে (FIFA World Cup) ৷

লাকী আলী-নীলোৎপলৰ সংগীতানুষ্ঠানেৰে সামৰণি পৰিল মাজুলী মিউজিক ফেষ্টিভেলৰ

সামৰণি পৰিল মাজুলী মিউজিক ফেষ্টিভেল 2022 ৰ (Majuli Music Festival 2022) ৷ সত্ৰ নগৰী মাজুলীত তিনি দিনীয়াকৈ অনুষ্ঠিত হৈছিল মাজুলী মিউজিক ফেষ্টিভেলৰ তৃতীয় সংস্কৰণ (Majuli Music Festival) ৷ প্ৰতিবাৰৰ দৰেই এইবাৰো দেশৰ বিভিন্ন প্ৰান্তৰ সংগীত শিল্পী সকলে অংশগ্ৰহণ কৰিলে মাজুলী মিউজিক ফেষ্টিভেলত ৷ 20 টাতকৈয়ো অধিক মিউজিক বেণ্ডে পৰিৱেশন কৰে নিজৰ অনুষ্ঠান ৷ লোকে লোকাৰণ্য হৈ পৰে মাজুলীৰ জেংৰাই চাপৰিৰ পাৰ ৷ এইবাৰৰ মুখ্য আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী লাকী আলী ৷ ফেষ্টিভেলৰ অন্তিম দিনটোত লাকী আলীৰ লগতে মুম্বাইস্থিত অসম সন্তান নীলোৎপলে নিজৰ গানেৰে মুহিলে উপস্থিত দৰ্শকক ৷ মিউজিক ফেষ্টিভেলত নানা ধৰণৰ বিপনীৰ সমাহাৰো দেখিবলৈ পোৱা গ’ল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.