ETV Bharat / state

Wife stabbed husband: মৰম নকৰা বাবেই তাক খুকুৰীৰে ঘপিয়ালো

author img

By

Published : Nov 27, 2022, 10:08 PM IST

Wife attacked husband in Lakhimpur
Wife stabbed husband: মৰম নকৰা বাবেই তাক খুকুৰীৰে ঘপিয়ালো

"মোক কাৰাগাৰলৈ লৈ যাওক ৷ মই তাক কেলৈ নাকাটিম, সি মোক মৰমেই নকৰে ৷ মই ইমান কষ্ট কৰো, দুখ নকৰো তথাপিও মোক সহায় নকৰে ৷ বেলেগ মহিলাৰ লগত প্ৰেম কৰে। সদায় ঘৰত কাজিয়া কৰে ৷ সেইকাৰণে মই তাক কাটি দিলো ৷ দাৰে ঘপিয়াই মই তাক মাৰিব বিচাৰিছিলো যদিও তাক মাৰিব নোৱাৰিলো ৷" স্বামীক ঘপিয়াই পত্নীৰ অকপট স্বীকাৰোক্তি (Wife stabbed husbnad in Lakhimpur)৷

লখিমপুৰ, 27 নৱেম্বৰ: "মোক কাৰাগাৰলৈ লৈ যাওক ৷ মই তাক কেলৈ নাকাটিম, সি মোক মৰমেই নকৰে ৷ মই ইমান কষ্ট কৰো, দুখ নকৰো তথাপিও মোক সহায় নকৰে ৷ বেলেগ মহিলাৰ লগত প্ৰেম কৰে। সদায় ঘৰত কাজিয়া কৰে ৷ সেইকাৰণে মই তাক কাটি দিলো ৷ দাৰে ঘপিয়াই মই তাক মাৰিব বিচাৰিছিলো যদিও তাক মাৰিব নোৱাৰিলো ৷" স্বামীক ঘপিয়াই পত্নীৰ অকপট স্বীকাৰোক্তি ৷

দিনক দিনকে অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে ৰাজ্যখন (Crime case in Assam)৷ ৰাজ্যত প্ৰতিদিনেই সংঘটিত হৈ অহা অপৰাধমূলক ঘটনাই বাতৰিৰ শিৰোনামা দখল কৰাৰ সময়তে এইবাৰ লখিমুপৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা(Crime case in Lakhimpur)৷ ঘটনাটো লখিমপুৰৰ চিয়াজুলীৰ ৷ পত্নীৰ চোকা অস্ত্ৰৰ ঘাপত গুৰুতৰভাৱে আহত হয় স্বামী দল বাহাদুৰ ৰায় (Wife stabbed husband in Lakhimpur)৷ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত দীৰ্ঘা নাহৰবাৰী গাঁওখনৰ ৰাউত চুকত নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা ৷

প্ৰতিদিনৰ দৰে স্বামী স্ত্ৰীৰ মাজত কাজিয়া সংঘটিত হৈছিল (Attempt to murder case)৷ দুয়োগৰাকীয়ে সুৰাৰ নিচাত মাতাল হৈ আছিল ৷ কথাই কথাই প্ৰথমে তেওঁলোকৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ এই কাজিয়াই চৰম ৰূপ লোৱাত খঙত একো নাই হৈ সুৰাৰ ৰাগীত মাতাল হৈ থকা পত্নীয়ে কাষতে থকা দাখনেৰে স্বামীক ঘপিয়াই দিয়ে ৷ চোকা অস্ত্ৰৰ ঘাপত থিতাতে ঢলি পৰে লোকজন ৷ লগে লগে এই ঘটনাৰ উমান পাই ওচৰ চুবুৰীয়া লোকে মহিলাগৰাকীৰ ঘৰলৈ আহি পৰিস্থিতি বিষম দেখে৷ ততাতৈয়াকৈ স্থানীয় লোকে ঘটনা সন্দৰ্ভত বগীনদী আৰক্ষীক খবৰ দিয়ে ৷

Wife stabbed husband: মৰম নকৰা বাবেই তাক খুকুৰীৰে ঘপিয়ালো

খবৰ পোৱা মাত্ৰকেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ লোকজনক স্থানীয় ৰাইজৰ সহযোগত ছটফটাই থকা লোকজনক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় ৷ সম্প্ৰতি লোকজন সুস্থিৰ অৱস্থাত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আনহাতে স্বামীক হত্যা কৰা চেষ্টা কৰা মহিলাগৰাকীক স্থানীয় লোকে আৰক্ষীক গতাই দিয়ে ৷

আৰক্ষীৰ সোধ-পোছত মহিলাগৰাকীয়ে স্বামীক ঘপিওৱাৰ কথা স্বীকাৰ কৰে ৷ মহিলাগৰাকীয়ে স্বামীক হত্যা কৰিবলৈ চেষ্টা কৰিও অসফল হ’ল বুলি খেদ প্ৰকাশ কৰে ৷ জানিব পৰামতে দম্পতীটোৰ এজন পুত্ৰ সন্তান আছে ৷ এই ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Bomb Blast in Bengal: পশ্চিমবংগত বোমা বিস্ফোৰণত আহত ৪

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.