ETV Bharat / bharat

Bomb Blast in Bengal: পশ্চিমবংগত বোমা বিস্ফোৰণত আহত ৪

author img

By

Published : Nov 27, 2022, 7:54 PM IST

দেওবাৰে পুৱতি নিশা পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ জগদ্দাল অঞ্চলত কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ এই বোমা বিস্ফোৰণৰ ফলত চাৰিজন লোক গুৰুতৰভাৱে আহত হয় (4 injured in bomb blast in Bengal) ৷

4 injured in bomb blast in Bengal
Bomb Blast in Bengal: পশ্চিম বংগত বোমা বিস্ফোৰণ হৈ ৪ জন আহত

নেশ্যনেল ডেস্ক, 27 নৱেম্বৰ: পশ্চিম বংগত ভয়ংকৰ ঘটনা ৷ দেওবাৰে পুৱতি নিশা পশ্চিম বংগৰ উত্তৰ ২৪ পৰগণা জিলাৰ জগদ্দাল অঞ্চলত কেইবাটাও বোমা বিস্ফোৰণ হোৱাৰ ঘটনা সংঘটিত হৈছে ৷ এই বোমা বিস্ফোৰণৰ ফলত চাৰিজন লোক আহত হয় (4 injured in bomb blast in Bengal), ৷ ইয়াৰে এজনৰ অৱস্থা অতি গুৰুতৰভাৱে আহত বুলি জানিব পৰা হৈছে ৷

বাৰেকপুৰ আৰক্ষী আয়ুক্তালয়ৰ এজন বিষয়াই কয় যে ইয়াৰে পিছত শনিবাৰে নিশা বিবাহস্থলীত সংগীত বজোৱাক লৈ বিবাহ পাৰ্টিৰ কিছু সদস্য আৰু এজন স্থানীয় বাসিন্দাৰ মাজত বিবাদ সংঘটিত হৈছিল ৷ ইয়াৰ পিছতে বিবাহ গৃহৰ সন্মুখত কেইবাটাও বোমা বিস্ফোৰণ হয় (several bombs exploded)৷ বিবাদৰ মাজতে বিবাহস্থলীৰ সন্মুখত ধাৰাসাৰে কেইবাটাও বোমা বিস্ফোৰণ হয় ৷ লগে লগে বিবাহস্থলীত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷

ইফালে বিয়াঘৰত উপস্থিত থকা লোকে ঘটনালস্থলীত পৰিস্থিতি বেয়া দেখি আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পোৱা মাত্ৰকে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত সোধ-পোছ কৰে ৷ ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 5 জন লোকক আটক কৰে (Five persons were detained)৷ আনহাতে আৰক্ষীয়ে অভিযানৰ সময়ত অঞ্চলটোৰ পৰা আৰু দুটা সক্ৰিয় বোমা উদ্ধাৰ হয়( Two more unexploded bombs seized)৷

এই ঘটনাৰ পিছতে আৰক্ষীয়ে এই বোমা বিস্ফোৰণৰ ঘটনাৰ আঁৰত ৰাজনৈতিক অভিসন্ধি জড়িত থকা সন্দেহ কৰিছে ৷ কিয়নো বিজেপিয়ে ২০২৩ চনত পঞ্চায়ত নিৰ্বাচনৰ (Panchyaat polls in 2023) পূৰ্বে তৃণমূল কংগ্ৰেছে ৰাজ্যজুৰি বোমা "মজুত" কৰাৰ অভিযোগ উত্থাপন কৰিছিল ৷

তৃণমূল কংগ্ৰেছে এই অভিযোগৰ বিৰোধিতা কৰি কয় যে বিজেপিয়ে "মিছা" অভিযোগ উত্থাপন কৰিছে ৷ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ জয় প্ৰকাশ মজুমদাৰে কয় "বিজেপিয়ে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছে ৷ আমাৰ মানুহবোৰ এনে ধৰণৰ ঘটনাৰ সৈতে জড়িত নহয় ৷ বিপথগামী ঘটনা ঘটিছে ৷ আমাৰ দলৰ তেওঁলোকৰ কাৰো সৈতে কোনো সম্পৰ্ক নাই ৷ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি আছে... " তেওঁ লগতে কয় ৷

লগতে পঢ়ক: Naharkatia MLA Taranga Gogoi: বিধায়ক তৰংগ গগৈ অসম ক্ৰিকেট সন্থাৰ সভাপতি নিৰ্বাচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.