ETV Bharat / state

Govt in financial crisis: পুঁজি অবিহনে কিদৰে সম্ভৱ হ’ব অসম আৰক্ষীৰ আধুনিকীকৰণ ?

author img

By

Published : Nov 28, 2022, 2:30 PM IST

আৰক্ষীৰ আধুনিকীকৰণ অৰু স্মাৰ্ট পুলিচ গঢ়ি তোলাৰ ক্ষেত্ৰত পৰ্যাপ্ত পুঁজিৰ প্ৰয়োজন (Funds for the modernization of the Assam Police) । কিন্তু সম্প্ৰতি ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা ভাল নহয় (Govt in financial crisis) । যাৰ বাবে আৰক্ষীৰ কাম-কাজতো প্ৰভাৱ পৰিছে । তেনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰে আৰক্ষীৰ আধুনিকীকৰণ শিতানত পূৰ্বৰ তুলনাত বহু কোটি টকা কৰ্তন কৰাত প্ৰভাৱ পৰিছে ।

Govt in financial crisis
Govt in financial crisis

গুৱাহাটী, 28 নৱেম্বৰ: দেশৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ আৰক্ষী বিভাগ আধুনিকীকৰণৰ ক্ষেত্ৰত পিছ পৰি আছে (Modernization of the Assam Police) । চৰম বিত্তীয় সংকটত ভুগিছে অসমৰ আৰক্ষীয়ে । পাঁচবছৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটীত অনুষ্ঠিত আৰক্ষীৰ উচ্চ পৰ্যায়ৰ সম্মিলনত স্মাৰ্ট পুলিচৰ ওপৰত গুৰুত্ব দি ভাষণ দিছিল । ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰক্ষীৰ আধুনিকীকৰণতো বিশেষ গুৰুত্ব দিছিল ।

পিচে আৰক্ষীৰ আধুনিকীকৰণ অৰু স্মাৰ্ট পুলিচ গঢ়ি তোলাৰ ক্ষেত্ৰত পৰ্যাপ্ত পুঁজিৰ প্ৰয়োজন । কিন্তু সম্প্ৰতি ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা ভাল নহয় (Govt in financial crisis)। যাৰ বাবে আৰক্ষীৰ কাম-কাজতো প্ৰভাৱ পৰিছে । তেনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰে আৰক্ষীৰ আধুনিকীকৰণ শিতানত পূৰ্বৰ তুলনাত বহু কোটি টকা কৰ্তন কৰাত প্ৰভাৱ পৰিছে ।

উল্লেখ্য যে, আৰক্ষীক নিয়মীয়াকৈ কেইবাখনো জিলাত টহলৰ বাবে পেট্ৰ'ল-ডিজেলৰো অভাৱ ৷ আধুনিকীকৰণৰ বাবে বছৰি ৩৫-৪৫ কোটি টকা পর্যন্ত আৱণ্টন দিয়া হৈছিল (Funds for the modernization of the Assam Police)। কিন্তু সেয়া কেন্দ্রই কমাই আনিছে ।

তথাপি ২০২১-২২ চনত অসমে আৰক্ষীৰ আধুনিকীকৰণৰ বাবে ২৬.৪০ কোটি টকা কেন্দ্রই দিছিল (Central funds for Assam Police)। এই শিতানত চলিত ২০২২-২৩ চনত কেন্দ্ৰই মাত্র ১১.৬৪ কোটি টকাহে আৱণ্টন দিছে । অর্থাৎ যোৱা বছৰতকৈ প্রায় ১৫ কোটি টকা কমকৈ অসমে পাব । আৰক্ষীৰ আধুনিকীকৰণৰ পুঁজি হ্ৰাস কৰাৰ লগতে চলিত বছৰত প্ৰায় ৮ মাহ অতিক্ৰম কৰিছে যদিও এই পর্যন্ত ৩ কোটি টকাও মোকলাই দিয়া নাই । ফলত প্রস্তাৱিত অধিকাংশ কাম কৰিব পৰা হোৱা নাই ।

আৰক্ষী এটা স্পর্শকাতৰ বিষয় । এনে দিশত কেন্দ্ৰীয় চৰকাৰৰ সঠিক সহায়ৰ অভাৱত কাম-কাজত প্ৰভাৱ যে পৰিব সেয়া নিশ্চিত । পেট্ৰ'লিং আৰু নিয়মীয়া কামৰ বাবে মাহে বুজন অংকৰ ধনৰ প্ৰয়োজন হয় । প্রাপ্ত খবৰ মতে, কেইবাখনো জিলাত আৰক্ষীৰ কাম-কাজ পৰিচালনাৰ বাবে প্রয়োজনীয় পেট্ৰ’ল-ডিজেলৰো অভাৱ হৈছে ৷ পূৰ্বৰ ধাৰ নিয়মীয়াকৈ আদায় নিদিয়াত পেট্রল ডিপোসমূহে অধিক ধাৰত পেট্র’ল-ডিজেল দিবলৈ বিচৰা নাই ।

পেট্ৰ'ল-ডিজেলৰ লগতে অন্যান্য কিছু কামতো আৰক্ষী বিভাগ পৰিচালনাত কিছু অসুবিধা হৈছে । ৰাজ্য চৰকাৰৰ নিজা আয় কিছু বিভাগত কম হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বিভাগত নিয়মীয়া পুঁজি মোকলাই দিয়া নাই । তেনে সমস্যা অব্যাহত থকাৰ সময়তেই আৰক্ষীৰ আধুনিকীকৰণৰ ধন কর্তন কৰা হৈছে ।

ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী বা আন কেবিনেট মন্ত্ৰীসকলে ভাষণত ৰাজ্যৰ বিত্তীয় সংকটৰ বিষয়টো ঢাকি চলে । ৰাজ্যত তথা ৰাজ্যৰ বাহিৰত উৎসৱ-পাৰ্বন পালনত ব্যস্ত থকা ৰাজ্য চৰকাৰৰ আৰক্ষীৰ আধুনিকীকৰণৰ বিষয়ত কোনো মনোনিবেশ নাই । লাচিত বৰফুকনৰ 400 জন্ম জয়ন্তী দিল্লীত পালনৰ নামত কোটি কোটি টকা খৰছ কৰা চৰকাৰখনৰ কিন্তু আৰক্ষীৰ আধুনিকীকৰণত গুৰুত্ব নাই ।

লগতে পঢ়ক: MP Pallab Lochan Das: কংগ্ৰেছে বেদখলকাৰীৰ মুখপাত্ৰ হিচাপে কাম কৰিছে: সাংসদ পল্লৱ লোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.